গৃহ মন্ত্ৰালয়
নতুন দিল্লীত দুদিনীয়া ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (ভিভিপি) কৰ্মশালাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে লালকিল্লাৰ পৰা কৈছে যে জনগাঁথনিৰ পৰিৱৰ্তন আমাৰ বাবে চিন্তাৰ বিষয়, সীমান্ত গাঁৱৰ জিলা উপায়ুক্তসকলেও ইয়াক তেওঁলোকৰ দায়িত্ব হিচাবে গণ্য কৰা উচিত
সীমান্ত গাঁৱৰ পৰা প্ৰব্ৰজন বন্ধ কৰাত ১০০% প্ৰাপ্তি অৰ্জন কৰিবলৈ মোদী চৰকাৰে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম আৰম্ভ কৰিছিল
ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমে সীমান্তৱৰ্তী গাঁওসমূহত আন্তঃগাঁথনি, সংৰক্ষণ আৰু সংস্কৃতি তথা পৰ্যটনৰ প্ৰসাৰৰ জৰিয়তে কৰ্মসংস্থাপন বৃদ্ধি কৰিছে
জিলা উপায়ুক্তই সীমান্ত গাঁৱত দুগ্ধ সমবায় গঠন কৰি চিএপিএফ আৰু সেনাবাহিনীক গাখীৰ যোগান ধৰিব লাগে
সীমান্তৰ অন্ততঃ ৩০ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে বেদখলমুক্ত হ’ব লাগে
ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ বাবে অৰুণাচলৰ সীমান্তৱৰ্তী গাঁওসমূহত জনসংখ্যা বৃদ্ধি পোৱাৰ কথা সীমান্তৰ গাঁৱলৈ এক ইতিবাচক বাৰ্তা
জিলা উপায়ুক্তই নিশ্চিত কৰিব লাগে যে আমাৰ নাগৰিকে যাতে নিজৰ গাঁও এৰি নাযায় আৰু গাঁৱৰ জনসংখ্যাও বৃদ্ধি পায়
হোম ষ্টেৰ দৰে পৰীক্ষা-নিৰীক্ষা প্ৰতিখন গাঁৱলৈ সম্প্ৰসাৰিত কৰি ৰাজ্য চৰকাৰে সঠিক বুকিঙৰ ব্যৱস্থা কৰিলে সীমান্তৰ গাঁৱৰ এটাও ঘৰ খালী হৈ নাথাকিব
Posted On:
26 AUG 2025 1:40PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দুদিনীয়াকৈ আয়োজিত ভাইব্ৰেণ্ট গাঁও কাৰ্যসূচী (ভিভিপি) কৰ্মশালাৰ উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় । নতুন দিল্লীত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগে আয়োজন কৰিছে এই কৰ্মশালা। এই উপলক্ষে আয়োজিত অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ ল'গ'ও উন্মোচন কৰে। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বান্দী সঞ্জয় কুমাৰ, গৃহ সচিব, চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক, সীমা ব্যৱস্থাপনা বিভাগৰ সচিব, ভিভিপিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত সীমান্ত ৰাজ্যসমূহৰ মুখ্য সচিব, সীমান্ত সুৰক্ষাৰ বাবে নিয়োজিত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধান আৰু সংশ্লিষ্ট জিলাসমূহৰ জিলা দণ্ডাধীশৰ লগতে আন বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত উল্লেখ কৰে যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম তিনিটা মূল কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে- সীমান্ত গাঁৱৰ পৰা প্ৰব্ৰজন ৰোধ কৰা, সীমান্ত গাঁৱৰ প্ৰতিজন নাগৰিকে যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ শতকৰা এশ শতাংশ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা আৰু ভিভিপিৰ অধীনত থকা গাঁওসমূহক সীমান্ত তথা ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ আহিলা হিচাপে গঢ়ি তোলা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ ধাৰণা দাঙি ধৰিছিল তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে ইয়াক পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব। কেৱল প্ৰতিখন সীমান্ত গাঁৱকে সকলো সা-সুবিধাৰে সজ্জিত কৰাই নহয়, এই সীমান্ত গাঁওবোৰত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ ব্যৱস্থা কৰা হ’ব যাতে তাত বসবাস কৰা লোকসকলৰ জীৱন উন্নত কৰি তুলিব পাৰি। ইয়াৰ উপৰি এই গাঁওসমূহক দেশ আৰু সীমান্তৰ নিৰাপত্তাৰ বাবে শক্তিশালী আহিলা হিচাপে গঢ়ি তোলা হ’ব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শেষ গাঁওখনক প্ৰথম গাঁও হিচাপে নিৰ্ধাৰণ কৰি সীমান্ত গাঁৱৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ সলনি ঘটাইছে।

শ্ৰী অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ অধীনত আগতীয়াকৈ চিনাক্ত কৰা গাঁওসমূহ কেইবছৰমানৰ পিছত আমাৰ দেশ আৰু সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি উল্লেখযোগ্য আহিলা হিচাপে প্ৰমাণিত হ’ব। তেওঁ কয় যে এই কাৰ্যসূচীৰ জৰিয়তে বহুমাত্ৰিক আৰু বহুখণ্ডীয় উন্নয়নৰ দৃষ্টিভংগীৰে আন্তঃগাঁথনিৰ উন্নয়ন, সংস্কৃতি সংৰক্ষণ আৰু বৃদ্ধি, পৰ্যটনৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি আৰু গাঁৱৰ জীৱনক সকলো দিশতে সজীৱ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিব, ভিভিপিত অন্তৰ্ভুক্ত গাঁৱৰ জিলা উপাযুক্ত আৰু সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ দায়িত্ব কেৱল ভিভিপিৰ মাজতে সীমাবদ্ধ নাৰাখি এনে কাৰ্যসূচীৰ বাহিৰেও ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ কি কি অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বিবেচনা কৰিব লাগিব। তেওঁ লগতে কয় যে ভিভিপিৰ লক্ষ্য পূৰণৰ বাবে ভাৰত চৰকাৰৰ সকলো বিভাগ আৰু ৰাজ্য চৰকাৰে একেলগে মিলি এই সীমান্ত গাঁওসমূহক সঁচা অৰ্থত নিৰাপত্তাৰ বাবে উল্লেখযোগ্য আহিলালৈ ৰূপান্তৰিত কৰাটো অতি প্ৰয়োজনীয় কথা।
শ্ৰী অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ চৰকাৰী আঁচনিসমূহত ১০০ শতাংশ পৰিপূৰকতা অৰ্জন কৰা, পৰ্যটনৰ বাবে অত্যাৱশ্যকীয় ৰাজহুৱা সুবিধাসমূহ প্ৰসাৰিত কৰা আৰু সমবায় প্ৰতিষ্ঠানসমূহক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে উৎসাহিত কৰাটো প্ৰয়োজনীয়। তেওঁ কয় যে যদিহে হোমষ্টেৰ দৰে পদক্ষেপসমূহ সীমান্ত গাঁওসমূহলৈ সম্প্ৰসাৰিত কৰা হয় আৰু ৰাজ্যৰ পৰ্যটন বিভাগে বুকিঙৰ সঠিক ব্যৱস্থা কৰে , তেন্তে এই সীমান্ত গাঁওসমূহৰ প্ৰতিখন ঘৰতে মানুহে কৰ্মসংস্থাপন লাভ কৰিব। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন বিভাগসমূহে এই গাঁওসমূহৰ গৌৰৱ বৃদ্ধি কৰাৰ দিশত কাম কৰিব লাগিব, এই প্ৰচেষ্টাত জিলা উপায়ুক্তসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে যদি গাঁওসমূহত সকলো সুবিধা আৰু কৰ্মসংস্থাপনৰ সুযোগ থাকে তেন্তে স্থানীয় বাসিন্দাসকলে বাহিৰলৈ প্ৰব্ৰজন কৰিবলৈ নিবিচাৰিব। গৃহমন্ত্ৰীয়ে লগতে কয় যে যুৱ জিলা উপায়ুক্তসকলে নিশ্চিত কৰিব লাগে যে প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতিৰ মাজতো নাগৰিকে নিজৰ গাঁও পৰিত্যাগ নকৰে, প্ৰব্ৰজন ৰোধ হয় আৰু গাঁৱৰ জনসংখ্যাও বৃদ্ধি পায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশত ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম ৰূপায়ণ কৰাৰ পিছত বহু সীমান্ত গাঁৱৰ জনসংখ্যা বৃদ্ধি পাইছে। আমাৰ দেশৰ সকলো সীমান্তৱৰ্তী গাঁৱৰ বাবে এয়া ইতিবাচক বাৰ্তা যে এই গাঁওসমূহলৈ ওলোটা প্ৰব্ৰজনৰ ধাৰা সঠিক দিশত আগবাঢ়িছে।
গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিল যে জনগাঁথনিৰ পৰিৱৰ্তন চিন্তাৰ বিষয়। তেওঁ কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমত অন্তৰ্ভুক্ত জিলাসমূহৰ ডিষ্ট্ৰিক্ট কালেক্টৰ সকলে এই বিষয়টো গুৰুত্বসহকাৰে আৰু মনোযোগেৰে সমাধান কৰাটো প্ৰয়োজন। সীমান্ত অঞ্চলত জনগাঁথনিগত পৰিৱৰ্তনে দেশ আৰু ইয়াৰ সীমান্তৰ নিৰাপত্তাৰ বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভৌগোলিক পৰিস্থিতিৰ বাবে এনে হৈছে বুলি ধৰি লোৱা উচিত নহয়; বৰঞ্চ ই এটা ইচ্ছাকৃত পৰিকল্পনাৰ অংশ হিচাপে ঘটি আছে। তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ মুখ্য সচিব আৰু চিএপিএফসমূহেও এই বিষয়ত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।
শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰী আঁচনিসমূহৰ ১০০% প্ৰাপ্তি লাভৰ বাবে জিলা উপায়ুক্তসকলে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ সৈতে সমন্বয় স্থাপন কৰিব পাৰে নেকি সেই বিষয়টো বিবেচনা কৰিব লাগে। তেওঁ কয় যে চিএপিএফসমূহে স্বাস্থ্য, ক্ৰীড়া, শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰে। শ্ৰী শ্বাহে কয় যে অৰুণাচল প্ৰদেশত আই টি বি পিয়ে ভাইব্ৰেণ্ট ভিলেজৰ পৰা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে গাখীৰ, শাক-পাচলি, কণী, শস্য ক্ৰয় কৰাৰ ক্ষেত্ৰত সফলতাৰে পৰীক্ষা-নিৰীক্ষা চলাইছে। সীমান্তৱৰ্তী প্ৰতিখন গাঁৱতে এই পৰীক্ষা চলোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে লগতে কয় যে সীমান্তত নিয়োজিত সেনাই গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সমন্বয়ত ভাইব্ৰেণ্ট ভিলেজত কৰ্মসংস্থাপন সৃষ্টিৰ দায়িত্ব ল’ব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু জিলা উপাযুক্তসকলৰ এয়া দায়িত্ব যে চিএপিএফ আৰু সেনাবাহিনীৰ বাবে প্ৰয়োজনীয় গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ দুগ্ধ সমবায় স্থাপন কৰি গাওঁৰ পৰা গাখীৰ সংগ্ৰহ কৰিব লাগে৷ ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন সৃষ্টিত সহায়ক হ’ব বুলিও তেওঁ কয় । শ্ৰী শ্বাহে লগতে কয় যে এই পৰীক্ষাক এক ফলপ্ৰসূ আৰ্হি হিচাপে গঢ়ি তুলি প্ৰতিখন ভাইব্ৰেণ্ট ভিলেজছত ইয়াক ৰূপায়ণ কৰা উচিত, ইয়াত গৃহ পৰিক্ৰমা মন্ত্ৰালয়, সকলো চিএপিএফ, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জৰিয়তে সেনাবাহিনী আৰু জিলা উপাযুক্তসকলে আগভাগ ল’ব লাগে। তেওঁ লগতে কয় যে নিয়োগ সৃষ্টিৰ ফলত প্ৰব্ৰজন স্বয়ংক্ৰিয়ভাৱে ৰোধ হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে সীমান্তৱৰ্তী গাঁওসমূহত দূৰসংযোগ, পথ সংযোগ, শিক্ষা, স্বাস্থ্যসেৱা, আৰু বিশুদ্ধ খোৱাপানীৰ সুবিধা থাকিব লাগে। তেওঁ কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (ভিভিপি) কেৱল চৰকাৰী কাৰ্যসূচী হৈ থাকিব নালাগে, বৰঞ্চ এয়া প্ৰশাসনৰ দৃষ্টিভংগী হ’ব লাগে। প্ৰশাসনিক নীতি-নিয়মৰ মাজলৈ শিপাই গ’লেহে এই কাৰ্যসূচীৰ উদ্দেশ্য সাধন হ’ব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ পৰামৰ্শ দিয়ে যে ভিভিপিৰ অধীনত এমজিএনৰেগাৰ জড়িয়তে নতুন পুখুৰী নিৰ্মাণ, বনানীকৰণ, স্থায়ী আন্তঃগাঁথনি নিৰ্মাণ আদি সম্ভাৱনাৰ কথাও বিবেচনা কৰা উচিত।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম-১ত প্ৰচেষ্টাসমূহ কাৰ্যসূচীতে সীমাবদ্ধ আছিল যদিও ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম-২ত প্ৰশাসনিক দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন আছে। তেওঁ সীমান্ত জিলাসমূহৰ জিলা উপাযুক্তসকলক ধৰ্মীয় বেদখল আঁতৰোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই বেদখলসমূহ ইচ্ছাকৃত পৰিকল্পনাৰ অংশ বুলিও তেওঁ উল্লেখ কৰে। সীমান্তৰ পৰা কমেও ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হোৱা সকলো বেদখল আঁতৰাই পেলাব লাগে বুলিও তেওঁ কয়। শ্ৰী শ্বাহে আলোকপাত কৰে যে গুজৰাটে এই ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে, সামুদ্ৰিক আৰু স্থল উভয় সীমান্তৰ অসংখ্য বেদখল দূৰ কৰাত সক্ষম হৈছে।
RK/VV/PS/PR/DM
(Release ID: 2161015)
Read this release in:
Khasi
,
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada