গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সংবিধান (১৩০ সংশোধনী) বিধেয়ক ২০২৫কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে
এজন প্ৰধানমন্ত্ৰী, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কাৰাগাৰৰ পৰাই চৰকাৰ চলোৱাটো দেশৰ গণতন্ত্ৰৰ প্ৰতি অপমান
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ নিৰ্দেশত চৰকাৰৰ সচিব আৰু মুখ্য সচিব কাৰাগাৰলৈ যোৱাটো আমাৰ গণতন্ত্ৰৰ লগত খাপ নোখোৱা কথা
মোদীজীয়ে এই বিধেয়কত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ লগতে প্ৰধানমন্ত্ৰীকো অন্তৰ্ভুক্ত কৰিছে, ইয়াৰ বিপৰীতে ৩৯ সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক আইনৰ পৰিসৰৰ পৰা বাদ দিছিল
কোনো বিধেয়কৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰি তাৰ বিৰুদ্ধে ভোট দিয়াটো সাংবিধানিক পৰিসৰৰ ভিতৰৰে কথা যদিও সদনক কাম কৰিবলৈ নিদিয়াৰ মানসিকতা সঠিক নহয়
দেশৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে অন্ধভাৱে বহি থকা নাই, যদি মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু হয়, তেন্তে আদালতৰ জামিন প্ৰদানৰ অধিকাৰ আছে
Posted On:
25 AUG 2025 3:32PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত সংবিধান (১৩০ সংশোধনী) বিধেয়ক ২০২৫কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে বিশ্বাস কৰে যে দেশৰ যিকোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে কাৰাগাৰৰ পৰা চৰকাৰ চলাব নোৱাৰে। সংবিধান (১৩০ তম সংশোধনী) বিধেয়ক ২০২৫ত এটা বিধান আছে যে যদি কোনো গুৰুতৰ অভিযোগত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ মন্ত্ৰী বা ৰাজ্য চৰকাৰৰ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁলোকে ৩০ দিনৰ ভিতৰত জামিন লাভ নকৰে, তেন্তে তেওঁলোকক পদৰ পৰা অব্যাহতি দিয়া হ’ব। তেওঁ কয় যে যদি এনে নহয় তেন্তে তেওঁলোকক স্বয়ংক্ৰিয়ভাৱে আইনী প্ৰক্ৰিয়াৰে পদৰ পৰা অব্যাহতি দিয়া হ’ব । শ্ৰী শ্বাহে কয় যে বিৰোধীয়ে নিৰ্বাচিত চৰকাৰে দাখিল কৰা কোনো বিধেয়ক বা সাংবিধানিক সংশোধনী সদনৰ সন্মুখত বিৰোধিতা কৰিব নালাগে।
শ্ৰী অমিত শ্বাহে কয় যে তেওঁ নিজেই স্পষ্ট কৰি দিছে যে এই সাংবিধানিক সংশোধনী উভয় সদনৰ যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ কয় যে এই বিধেয়কখন গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন আৰু যেতিয়া ভোটগ্ৰহণ হ’ব তেতিয়া সকলো পক্ষই এই বিষয়ত নিজৰ মতামত দিব পাৰিব। শ্ৰী শ্বাহে কয় যে চৰকাৰক কোনো বিধেয়ক বা সংবিধান সংশোধনী বিধেয়ক সদনত দাখিল কৰিবলৈ নিদিয়াটো গণতন্ত্ৰত বিৰোধীয়ে প্ৰদৰ্শন কৰা উপযুক্ত আচৰণ নহয়। তেওঁ কয় যে দেশৰ সংসদৰ উভয় সদন বিতৰ্ক আৰু আলোচনাৰ বাবেহে, হুলস্থুল আৰু বিশৃংখলতাৰ বাবে নহয়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিধেয়কখন দাখিল কৰিবলৈ নিদিয়াৰ এই মানসিকতা গণতান্ত্ৰিক মানসিকতা নহয় আৰু বিৰোধীয়ে দেশৰ জনসাধাৰণৰ আগত নিজৰ কাৰ্যৰ বিষয়ে বাখ্যা কৰিব লাগিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কোনো বিৰোধী দল বিৰোধী নহয় আৰু ইয়াৰ দ্বাৰা আমাৰ মুখ্যমন্ত্ৰীসকলকো নিজৰ পৰিসৰৰ অধীনলৈ অনা হৈছে। চৰকাৰত থকা সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা নহয় বুলি বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলিও তেওঁ কয়। ৩০ দিনৰ ভিতৰত জামিন মঞ্জুৰ হ’লে বিধেয়ক অনুসৰি কোনো ব্যৱস্থা লোৱা নহ’ব বুলি এটা ব্যৱস্থা থকাৰ কথাও তেওঁ উল্লেখ কৰে। লগতে যদি কোনো ভুৱা গোচৰ হয় তেন্তে জামিন মঞ্জুৰ কৰিবলৈ দেশৰ আদালত আছে। শ্ৰী শ্বাহে লগতে কয় যে যিকোনো ক্ষেত্ৰতে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ জামিন প্ৰদানৰ অধিকাৰ আছে আৰু যদি জামিন দিয়া নহয় তেন্তে ব্যক্তিজনে তেওঁৰ পদ এৰিব লাগিব। তেওঁ প্ৰশ্ন কৰে যে কোনো মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বা মন্ত্ৰীয়ে কাৰাগাৰত থাকি চৰকাৰ চলাব পাৰে নেকি? দেশৰ গণতন্ত্ৰৰ বাবে এয়া ভাল কথা নেকি? তেওঁ কয় যে যদি ৩০ দিনৰ পাছত জামিন মঞ্জুৰ হয়, তেতিয়া তেওঁলোকে পুনৰ শপতগ্ৰহণ কৰিব পাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কাৰাদণ্ডৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰা নাই, বছৰ বছৰ ধৰি চলি আহিছে। তেওঁ কয় যে ১৩০ সংখ্যক সাংবিধানিক সংশোধনীত গুৰুতৰ অপৰাধৰ সংজ্ঞা দিয়া হৈছে যে য’ত ৫ বছৰৰ অধিক শাস্তিৰ ব্যৱস্থা আছে, তেতিয়া ব্যক্তিজনে পদত্যাগ কৰিব লাগিব। দুৰ্নীতি বা ৫ বছৰৰ অধিক কাৰাদণ্ডৰ বিহিবলগীয়া শাস্তিযোগ্য অপৰাধৰ অভিযোগত অভিযুক্ত মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে কাৰাগাৰৰ পৰাই চৰকাৰ চলোৱা সমীচিন নহয়। তেওঁ কয় যে আজিও ভাৰতীয় জনপ্ৰতিনিধি আইনত এটা ব্যৱস্থা আছে যে যদি কোনো নিৰ্বাচিত প্ৰতিনিধিক দুবছৰ বা তাতোকৈ অধিক সময়ৰ বাবে কাৰাদণ্ড বিহা হয় তেন্তে তেওঁক সাংসদ পদৰ পৰা অব্যাহতি দিয়া হ’ব। তেওঁ কয় যে স্বাধীনতাৰ পৰাই এই আইনখন নৈতিক ভিত্তি নিৰ্ধাৰণৰ বাবে প্ৰযোজ্য হৈ আহিছে। শ্ৰী শ্বাহে কয় যে বহু লোকৰ সদস্যপদ কৰ্তন কৰা হৈছিল আৰু দোষমুক্ত হোৱাৰ পিছত পুনৰ সেয়া সক্ৰিয় হৈ উঠিছে।
শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছৰে পৰা বহু নেতা, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি কাৰাগাৰলৈ গৈছে। কিন্তু এতিয়া এই ধাৰা আৰম্ভ হৈছে যে কাৰাগাৰলৈ যোৱাৰ পিছতো তেওঁলোকে পদত্যাগ কৰা নাছিল। তামিলনাডুৰ একাংশ মন্ত্ৰীয়ে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলে পদত্যাগ নকৰিলে। তেওঁ ক’লে যে চৰকাৰৰ সচিব, ডিজিপি, মুখ্য সচিবে কাৰাগাৰলৈ গৈ তেওঁলোকৰ নিৰ্দেশ গ্ৰহণ কৰিবনে ? শ্ৰী শ্বাহে কয় যে এই বিষয়ত চিন্তা-চৰ্চা আৰু আলোচনা হ’ব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই প্ৰধানমন্ত্ৰীৰ পদ এই সাংবিধানিক সংশোধনীৰ পৰিসৰৰ অধীনলৈ আনিছে । তেওঁ কয় যে মূল বিৰোধী দলৰ তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ৩৯ সংখ্যক সাংবিধানিক সংশোধনী আনিছিল , য’ত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ সৈতে নিজকে গোচৰৰ পৰিসৰৰ পৰা আঁতৰাই ৰাখিছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই সাংবিধানিক সংশোধনী উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰীকো কাৰাগাৰলৈ পঠিয়ালে পদত্যাগ কৰিব লাগিব। তেওঁ কয় যে এই আইনৰ ক্ষেত্ৰত আদালতত কোনো বিলম্ব নহ’ব, কাৰণ আদালতে তৎক্ষণাত হস্তক্ষেপ কৰিব লাগিব৷ ইয়াৰ ফলত শীঘ্ৰে সিদ্ধান্ত লোৱা হ’ব , কাৰণ আমাৰ আদালতেও আইনৰ গুৰুত্ব বুজি পায়।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে বিশ্বাস কৰে যে দেশৰ কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে কাৰাগাৰত থাকি চৰকাৰ চলাব নোৱাৰে। তেওঁ কয় যে সংবিধান প্ৰস্তুতৰ সময়ত সংবিধান প্ৰস্তুতকৰ্তাসকলে কল্পনা কৰা নাছিল যে কোনো মুখ্যমন্ত্ৰীয়ে কাৰাগাৰলৈ গৈয়ো মুখ্যমন্ত্ৰী হৈ থাকিব। তেওঁ কয় যে আমি আমাৰ নৈতিক মূল্যবোধৰ স্তৰ অৱনমিত হ'বলৈ দিব নালাগে । এই আইনখনে নৈতিক মূল্যবোধৰ স্তৰক প্ৰাধান্য দিব আৰু নিশ্চিতভাৱে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব। তেওঁ কয় যে আমাৰ আদালতসমূহ সংবেদনশীল আৰু যেতিয়া কোনোবাই নিজৰ পদ হেৰুৱাব পাৰে, তেতিয়া নিশ্চিতভাৱে আদালতে সময়সীমাৰ ভিতৰতে জামিনৰ সিদ্ধান্ত ল’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰতিশোধৰ কথা কোৱাটো মূল বিৰোধী দলৰ ক্ষেত্ৰত শোভা নাপায় । তেওঁ কয় যে বিৰোধী দলৰ চৰকাৰ থকাৰ সময়ত কমেও ১২টা গোচৰত আদালতৰ নিৰ্দেশৰ পিছত চিবিআইৰ তদন্ত হৈছিল আৰু বহু লোকক আটক কৰা হৈছিল। তেওঁ কয় যে প্ৰস্তাৱিত আইনখনৰ বিষয়ত জেপিচি গঠনৰ সিদ্ধান্তৰ পিছতো যদি কোনো দলে সেয়া বৰ্জন কৰে তেন্তে চৰকাৰৰ সন্মুখত আন কোনো বিকল্প পথ নাই । শ্ৰী শ্বাহে কয় যে এই বিধেয়কখন গুৰুত্বপূৰ্ণ আৰু সকলো দলৰ সদস্যৰ সৈতে পৰামৰ্শ কৰি জেপিচিৰ সন্মুখত উপস্থাপনেৰে মতামত লোৱা উচিত। তেওঁ কয় যে চৰকাৰে বিৰোধীক নিজৰ মতামত দাঙি ধৰিবলৈ সুযোগ দিয়ে যদিও বিৰোধীয়ে নিজৰ মতামত দাঙি ধৰিব নিবিচাৰে যেনহে লাগে, দেশৰ জনসাধাৰণ ইয়াৰ সাক্ষী হৈ আছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যদি কোনোবাই দুৰ্নীতিত পোত গৈ থাকে , তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব, তেওঁ কাৰাগাৰলৈ যাব লাগিব আৰু লগতে পদত্যাগো কৰিব লাগিব।
শ্ৰী অমিত শ্বাহে লগতে কয় যে বিৰোধীয়ে তেওঁক নৈতিকতাৰ পাঠ শিকাব নালাগে। শ্ৰী শ্বাহে কয় যে যেতিয়া তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছিল আৰু চিবিআইয়ে তেওঁক চমন পঠিয়াইছিল, তেতিয়া তেওঁ ঠিক পিছদিনাই পদত্যাগ কৰিছিল। গোচৰ চলি থাকিল আৰু ৰায়ো আহিল যে তেওঁ সম্পূৰ্ণ নিৰ্দোষী। তেওঁ কয় যে সেই ৰায়দানত কোৱা হৈছিল যে ই সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰতিশোধৰ গোচৰ আছিল আৰু সেই গোচৰত তেওঁ কোনো প্ৰকাৰে জড়িত নাছিল। শ্ৰী শ্বাহে কয় যে তেওঁক সন্দেহৰ ভিত্তিত দোষমুক্ত কৰা হোৱা নাছিল আৰু তেওঁৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে তেওঁক ৯৬ সংখ্যক দিনত জামিন দিয়া হৈছিল । কিন্তু তেতিয়াও তেওঁ গৃহমন্ত্ৰী হোৱাৰ বাবে পুনৰ শপতগ্ৰহণ কৰা নাছিল। কেৱল এয়াই নহয়, তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ নোহোৱালৈকে তেওঁ কোনো সাংবিধানিক পদৰ বাবে শপতগ্ৰহণ কৰা নাছিল।
শ্ৰী অমিত শ্বাহে কয় যে নৈতিকতাৰ মান নিৰ্বাচনী জয় বা পৰাজয়ৰ লগত সাঙোৰ খাই নাথাকে; বৰঞ্চ ই সূৰ্য্য আৰু চন্দ্ৰৰ দৰে সদায় নিজৰ ঠাইত সুস্থিৰ হৈ থাকে। তেওঁ কয় যে আমাৰ সকলো মিত্ৰ এই আইনৰ সৈতে সম্পূৰ্ণ একমত। শ্ৰী শ্বাহে লগতে কয় যে সংসদ কেনেকৈ চলিব লাগে সেয়া কেৱল শাসকীয় দলেৰেই বিষয় নহয়। বিৰোধীয়ে যদি কোনো বিধেয়ক বা সাংবিধানিক সংশোধনীৰ বাবে সুস্থ পৰিৱেশৰ সৃষ্টি নকৰে , তেন্তে এই সকলো বিষয়ত দেশৰ জনসাধাৰণে চকু ৰাখি আহিছে। এই বিধেয়কখন গৃহীত হ’ব আৰু নৈতিকতাৰ ভিত্তিত বিৰোধী দলৰ বহুতে ইয়াক সমৰ্থন জনাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
RK / VV / RR / PS/DM
(Release ID: 2160780)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam