প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হিৰোজ একৰ স্মৃতিসৌধত নামিবিয়াৰ প্ৰতিষ্ঠাপক পিতৃ তথা প্ৰথম ৰাষ্ট্ৰপতি ড° ছেম নুজোমালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 09 JUL 2025 7:42PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিৰোজ একৰ স্মৃতিসৌধত নামিবিয়াৰ প্ৰতিষ্ঠাপক পিতৃ তথা প্ৰথম ৰাষ্ট্ৰপতি ড° ছেম নুজোমালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ড° ছেম নুজোমাক নামিবিয়াৰ স্বাধীনতা সংগ্ৰামৰ বাবে  সকলো ধৰণৰ ত্যাগ  কৰা এজন দূৰদৰ্শী নেতা হিচাপে স্মৰণ কৰে। স্বাধীন নামিবিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে ড° নুজোমাই দেশখনৰ  গঢ় দিয়াত প্ৰেৰণাদায়ক অৱদান আগবঢ়াইছিল। তেওঁৰ উত্তৰাধিকাৰে সমগ্ৰ বিশ্বৰ মানুহক অনুপ্ৰাণিত কৰি আহিছে।

 

ড° ছেম নুজোমা ভাৰতৰ এজন মহান বন্ধু আছিল। ১৯৮৬ চনত নতুন দিল্লীত নামিবিয়াৰ প্ৰথমটো কূটনৈতিক মিছন [সেই সময়ত স্বাপো] প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁৰ উপস্থিতি ভাৰতৰ জনসাধাৰণে সদায় সহৃদয়তাৰে স্মৰণ কৰি থাকিব।

***

MJPS/ST/DM


 


(रिलीज़ आईडी: 2159152) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam