প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 08 APR 2025 11:20PM by PIB Guwahati

 

নমস্কাৰ!
মই ‘নেটৱৰ্ক ১৮’-ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে যে মোক দেশ আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ লগতে এই সন্মিলনৰ জৰিয়তে আপোনালোকৰ দৰ্শকৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ দিছে। মই সুখী যে আপোনালোকে এই বছৰৰ সন্মিলনক ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ সৈতে সংযুক্ত কৰিছে। এই বছৰৰ আৰম্ভণিতে ‘বিবেকানন্দ জয়ন্তী’ত ‘ভাৰত মণ্ডপম’ত ‘বিকশিত ভাৰত যুৱ নেতাৰ সংলাপ’ অনুষ্ঠিত হৈছিল। সেই সময়ত মই যুৱসকলৰ দৃষ্টিত সপোনৰ জিলিকনি দেখিছিলোঁ, তেওঁলোকৰ সংকল্পৰ শক্তি আৰু ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ দেখিছিলোঁ।  আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক যি উচ্চতালৈ লৈ যাব বিচাৰিছোঁ আৰু আমি যি ‘ৰোডমেপ’ অনুসৰণ কৰি আছো সেই বিষয়ে যদি প্ৰতিটো পদক্ষেপতে চিন্তা-চৰ্চা অব্যাহত ৰাখোঁ তেন্তে 'অমৃত' (অমৃত) নিশ্চিতভাৱেই উদ্ভৱ হ'ব। আৰু এই 'অমৃত'য়েই 'অমৃত কাল' প্ৰজন্মক শক্তি আৰু দিশ দৰ্শন কৰিব আৰু ভাৰতক গতি প্ৰদান কৰিব। এই সন্মিলনৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আজি বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ আছে আৰু বিশ্বৰ আশাও ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিছে। মাত্ৰ কেইবছৰমানৰ ভিতৰতে আমি একাদশ তম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈ উন্নীত হৈছোঁ। বহুতো গোলকীয় প্ৰত্যাহ্বান স্বত্বেও ভাৰত স্থবিৰ হোৱা নাছিল; তাৰ পৰিৱৰ্তে দুগুণ গতিৰে আগবাঢ়িহে গৈছিল। মাত্ৰ এটা দশকতে আমি আমাৰ অৰ্থনীতিৰ আকাৰ দুগুণ কৰিছোঁ। যিসকলে এসময়ত ভাবিছিল যে ভাৰত ধীৰ আৰু স্থিৰ ভাৱে আগবাঢ়িব, তেওঁলোকে এতিয়া এক দ্ৰুত আৰু নিৰ্ভীক ভাৰতৰ সাক্ষী হৈ ধৰিছে। আৰু ইয়াত কোনো সন্দেহ নাই যে ভাৰত অচিৰেই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে। এই অভূতপূৰ্ব বিকাশনো কোনে চলাই আছে? ই ভাৰতৰ যুৱপ্ৰজন্মৰ- তেওঁলোকৰ উচ্চাকাংক্ষা আৰু অভিলাষৰ দ্বাৰা পৰিচালিত হৈছে। যুৱ ভাৰতৰ এই উচ্চাকাংক্ষা আৰু অভিলাষসমূহক সম্বোধন কৰাটো হৈছে এতিয়া দেশৰ সৰ্বোচ্চ প্ৰাথমিকতা।

বন্ধুসকল,

আজি এপ্ৰিল, আৰু মাত্ৰ এদিন বা দুদিনৰ ভিতৰতে ২০২৫ চনৰ প্ৰথম ১০০টা দিন সম্পূৰ্ণ হ'ব – ২০২৫ চনত ১০০ দিনৰ প্ৰথম মাইলৰ খুঁটি। আপোনালোকে দেখিব যে এই ১০০টা দিনত লোৱা সিদ্ধান্তবোৰে যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষাকো প্ৰতিফলিত কৰিছে।

বন্ধুসকল,

এই ১০০টা দিনত আমি কেৱল সিদ্ধান্তই লোৱা নাই- আমি ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটিও স্থাপন কৰিছোঁ। আমি নীতিবোৰক সম্ভাৱনালৈ ৰূপান্তৰিত কৰিছোঁ। ১২ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ ওপৰত শূন্য কৰ – যুৱ পেছাদাৰী আৰু উদ্যোগীসকলৰ বাবে হৈছে এক মুখ্য লাভ। চিকিৎসা পাঠ্যক্ৰমৰ ১০,০০০ নতুন আসন আৰু আইআইটিৰ ৬,৫০০ নতুন  আসন - শিক্ষাৰ সম্প্ৰসাৰণ আৰু উদ্ভাৱনক ত্বৰান্বিত কৰা। ৫০,০০০ নতুন অটল টিঙ্কাৰিং লেব- দেশৰ প্ৰতিটো কোণত উদ্ভাৱনৰ স্ফুলিঙ্গ প্ৰজ্বলিত কৰিছে। ঠিক যেনেদৰে এটা চাকিয়ে আন বহুতক পোহৰাব পাৰে। এআই আৰু দক্ষতা বিকাশৰ উৎকৰ্ষ কেন্দ্ৰই যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱাৰ সুযোগ প্ৰদান কৰিব। ১০,০০০ নতুন ‘পিএম ৰিচাৰ্চ ফেলোশ্বিপ’-য়ে অৱধাৰণাৰ পৰা প্ৰভাৱলৈ যাত্ৰা সহজ কৰি তুলিব। মহাকাশ খণ্ড মুকলি কৰাৰ দৰেই পাৰমাণৱিক শক্তি খণ্ডও মুকলি কৰা হৈছে। উদ্ভাৱনে এতিয়া সীমা নহয়, আৰু সমৰ্থনহে পাব। প্ৰথমবাৰৰ বাবে গিগ অৰ্থনীতিৰ সৈতে সম্পৰ্কিত যুৱ-যুৱতীসকলক সামাজিক সুৰক্ষাৰ ঢাল দিয়া হ'ব। যিসকল আগতে আনৰ বাবে অদৃশ্য আছিল তেওঁলোক এতিয়া নীতিৰ কেন্দ্ৰত আছে আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা উদ্যোগীসকলক কোটি টকাৰ ম্যাদী ঋণ প্ৰদান কৰা হ'ব। অন্তৰ্ভুক্তি কেৱল এক প্ৰতিশ্ৰুতিয়েই নহয়, বৰঞ্চ ই এক নীতিও। ভাৰতৰ যুৱপ্ৰজন্মই এই সকলো সিদ্ধান্তৰ পৰা পোনপটীয়াকৈ লাভান্বিত হ'ব কিয়নো যুৱপ্ৰজন্মৰ অগ্ৰগতি হ'লেহে ভাৰত উন্নত হব।

বন্ধুসকল,

এই ১০০টা দিনত ভাৰতে যি অৰ্জন কৰিছে, সেয়াই দেখুৱাইছে যে ভাৰত ৰৈয়ো নাযায়, সেওঁ নামানে অথবা লেহেমো নকৰে। এই ১০০টা দিনত ভাৰতে ছেটেলাইট ডকিং আৰু আনডকিংৰ সামৰ্থ্য প্ৰাপ্ত কৰা বিশ্বৰ চতুৰ্থ খন দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতে সফলতাৰে এটা ‘ছেমি-ক্ৰায়'জেনিক ইঞ্জিন’ৰ পৰীক্ষা কৰিছিল। ভাৰতে ১০০ গিগাৱাট সৌৰ ক্ষমতাৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। দেশখনে ১,০০০ নিযুত টন কয়লা উৎপাদন কৰি এক অভিলেখ গঢ়িছে। ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযান’ আৰম্ভ কৰা হৈছে, আৰু এই ১০০টা দিনৰ ভিতৰত কৰ্মচাৰীসকলৰ বাবে ‘অষ্টম দৰমহা আয়োগ’ গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। কৃষকসকলৰ বাবে সাৰৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে, অৰ্থাৎ চৰকাৰে কৃষকসকলৰ উদ্বেগক প্ৰাথমিকতা দিছে। ছত্তীশগড়ত ৩ লাখতকৈয়ো অধিক পৰিয়াল একে সময়তে তেওঁলোকৰ নতুন ঘৰলৈ স্থানান্তৰিত হৈছে। স্বামিত্ব যোজনাৰ অধীনত ৬৫ লাখতকৈয়ো অধিক ‘সম্পত্তি কাৰ্ড’ বিতৰণ কৰা হৈছে। কেৱল এয়াই নহয়, এই ১০০টা দিনৰ ভিতৰত বিশ্বৰ অন্যতম উচ্চতম সুৰংগ ‘সোণামাৰ্গ সুৰংগ’ দেশবাসীৰ বাবে উৎসৰ্গিত কৰা হৈছে। ‘আইএনএছ চুৰাট’, ‘আইএনএছ নীলগিৰি’ আৰু ‘আইএনএছ বাগশীৰ’ৰ সংযোজনেৰে ভাৰতীয় নৌসেনা অধিক শক্তিশালী হৈছে। সশস্ত্ৰ বাহিনীৰ বাবে ‘মে’ড-ইন-ইণ্ডিয়া লাইট কমবেট হেলিকপ্টাৰ’ ক্ৰয়ৰ অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰিও, ‘ৱাকফ আইন’ৰ বাবে সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগে লগে সামাজিক ন্যায়ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। এই ১০০টা দিন মাত্ৰ ১০০টা সিদ্ধান্ততকৈয়ো অধিক- এইবোৰে ১০০ টা সংকল্প পূৰণ কৰা কথাকো চিহ্নিত কৰিছে!

বন্ধুসকল,

প্ৰদৰ্শনৰ মন্ত্ৰ হৈছে ‘ৰাইজিং ভাৰত’ৰ আঁৰৰ প্ৰকৃত শক্তি। আপোনালোক সকলোৱে জানে যে মাত্ৰ দুদিন আগতে মই ৰামেশ্বৰমত আছিলোঁ। তাত মই ঐতিহাসিক পাম্বান দলং উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। প্ৰায় ১২৫ বছৰ আগতে ব্ৰিটিছে তাত এখন দলং নিৰ্মাণ কৰিছিল। সেই দলংখন ইতিহাসৰ সাক্ষী হৈছিল, ধুমুহা সহ্য কৰিছিল আৰু এবাৰ চুনামি আৰু ঘূৰ্ণীবতাহৰ ফলত গুৰুতৰ ভাবে ক্ষতিগ্ৰস্ত হৈছিল। বহুবছৰ ধৰি দেশে অপেক্ষা কৰিবলগীয়া হৈছিল, মানুহে এখন নতুন দলং দাবী কৰিবলগীয়া হৈছিল, কিন্তু পূৰ্বৰ চৰকাৰবোৰ উদাসীন হৈ আছিল। অৱশ্যে, যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, নতুন পাম্বান দলঙৰ কাম আৰম্ভ হৈছিল। আৰু এতিয়া দেশে ইয়াৰ প্ৰথমখন ‘ভাৰ্টিকল লিফ্ট ৰে’ল-সাগৰীয় দলং’ লাভ কৰিছে!

বন্ধুসকল,

এখন দেশে প্ৰকল্প বিলম্বিত কৰি অগ্ৰগতি নকৰে; ই প্ৰদৰ্শন আৰু দ্ৰুত কাৰ্যকৰীকৰণৰ জৰিয়তেহে আগবাঢ়ি যায়। বিলম্ব হৈছে উন্নয়নৰ শত্ৰু, আৰু আমি এই শত্ৰুক পৰাস্ত কৰাৰ সংকল্প লৈছোঁ। মই আপোনালোকক অধিক উদাহৰণ দিব খুজিছোঁ। অসমৰ ‘বগীবিল দলঙ’ৰ কথাই লওঁক— আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াজীয়ে ১৯৯৭ চনত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। যেতিয়া বাজপেয়ীজী শাসনলৈ আহিছিল, তেওঁ ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বাজপেয়ীজীৰ চৰকাৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত আৰু কংগ্ৰেছে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰকল্পটো স্থবিৰ হৈ পৰে। এই বিলম্বৰ ফলত অৰুণাচল আৰু অসমত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল, কিন্তু সেই সময়ত চৰকাৰ উদাসীন আছিল। ২০১৪ চনত যেতিয়া আপোনালোকে আমাক সেৱা আগবঢ়োৱাৰ সুযোগ দিছিল, আমি প্ৰকল্পটো পুনৰ আৰম্ভ কৰিছিলোঁ, আৰু মাত্ৰ চাৰি বছৰৰ ভিতৰত, দলংখন ২০১৮ চনৰ ভিতৰত সম্পূৰ্ণ হৈছিল। একেধৰণৰ উদাহৰণ হৈছে কেৰালাৰ ‘কোল্লাম বাইপাছ ৰোড প্ৰকল্প’। ১৯৭২ চনৰ পৰা আৱদ্ধ হৈ আছিল- কল্পনা কৰকচোন, ৫০ বছৰ! ‘এলডিএফ’-য়েই হওঁক বা ‘ইউডিএফ’-য়েই হওঁক, কোনো এখন চৰকাৰেই অৰ্ধ শতিকা ধৰি এই প্ৰকল্পৰ কাম কৰা নাছিল। কিন্তু এবাৰ আমি ক্ষমতালৈ অহাৰ পিছত, আমি ইয়াক পাঁচ বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰিলোঁ।

বন্ধুসকল,

নৱী মুম্বাই বিমানবন্দৰৰ বিষয়ে আলোচনা ১৯৯৭ চনৰ আৰম্ভণিতে কৰা হৈছিল, আৰু ইয়াক ২০০৭ চনত অনুমোদন জনোৱা হৈছিল। অৱশ্যে, কংগ্ৰেছ চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, আমি এই প্ৰকল্পটো ত্বৰান্বিত কৰিছিলোঁ, আৰু এতিয়া সেই দিন বেছি দূৰৈত নাই যেতিয়া ‘নৱী মুম্বাই বিমানবন্দৰ’ৰ পৰা বাণিজ্যিক বিমানৰ চলাচল আৰম্ভ হ'ব।

বন্ধুসকল,

মই সহভাগ কৰি থকা সাফল্যৰ তালিকাখনত ‘নতুন সংসদ ভৱন’ আৰু ‘ভাৰত মণ্ডপম’ও অন্তৰ্ভুক্ত আছে।
বন্ধুসকল,

এপ্ৰিলৰ আন এটা কাৰণৰ বাবেও যথেষ্ট গুৰুত্ব আছে – এইটো তাৰিখতে ‘মুদ্ৰা যোজনা’ই ১০ বছৰ পূৰ্ণ কৰিছে। ইয়াত উপবিষ্ট বহুতো যুৱক-যুৱতীয়ে নিশ্চয় তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা কাহিনী শুনিছিল যে কেনেকৈ অতীতত জামানত নোহোৱাকৈ বেংক একাউণ্ট খোলাটো প্ৰায় অসম্ভৱ আছিল। লোকসকলক গেৰাণ্টী, কাৰোবাৰ পৰামৰ্শৰ প্ৰয়োজন আছিল, আৰু বেঙ্ক ঋণ পোৱাটো এটা সাধাৰণ পৰিয়ালৰ বাবে সপোনতকৈ কম নাছিল। দৰিদ্ৰ পৰিয়াল, অনুসূচিত জাতি/জনজাতি, অ'বিচি সম্প্ৰদায়, ভূমিহীন শ্ৰমিক, আৰু মহিলাসকলৰ অৱস্থা তথৈবচ আছিল, কঠোৰ পৰিশ্ৰম কৰিবলৈ ইচ্ছুক হোৱাৰ বাহিৰে জামানত হিচাপে আগবঢ়াবলৈ তেওঁলোকৰ হাততযে একোৱেই নাছিল? তেওঁলোকৰ সপোনবোৰ গুৰুত্বপূৰ্ণ নাছিল নেকি? তেওঁলোকৰ আকাংক্ষা কম গুৰুত্বপূৰ্ণ আছিল নেকি? তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ কোনো মূল্যই নাছিল নেকি? আমাৰ ‘মুদ্ৰা যোজনা’ৰ দ্বাৰা এই আকাংক্ষাসমূহ পূৰণৰ দিহা কৰা হৈছে আৰু যুৱসকলক এক নতুন পথৰ সন্ধান দিয়া হৈছে। যোৱা ১০টা বছৰত মুদ্ৰা আঁচনিৰ অধীনত ৫২ কোটি ঋণ বিতৰণ কৰা হৈছে - কোনো জামানত নোহোৱাকৈয়ে! আৰু এয়া কেৱল পৰিমাপেই নহয়, বৰঞ্চ গতিও ট্ৰেফিক লাইট এটা ৰঙাৰ পৰা সেউজীয়া হোৱাৰ সময়কণত ১০০ মুদ্ৰা ঋণ অনুমোদিত হয়। আপোনালোকে আপোনালোকৰ দাঁত ব্ৰাছ কৰি শেষ কৰা সময়কণতে ২০০ মুদ্ৰা ঋণ মঞ্জুৰ হয়। আপুনি ৰেডিঅ'ত এটা গান শুনি কৰাৰ সময়কণতে ৪০০ মুদ্ৰা ঋণ মঞ্জুৰ কৰা হয়। আজিকালি, ‘ইনষ্টেণ্ট ডেলিভাৰী এপ্প’বোৰ খুবেই জনপ্ৰিয় হৈছে- ঠিক আছে, আপোনালোকক খাদ্য ডেলিভাৰী কৰিবলৈ অহা সময়কণতে ১,০০০ মুদ্ৰা ঋণ মঞ্জুৰ কৰা হয়। আৰু আপোনালোকে এটা ‘অ'টিটি প্লেটফৰ্ম’ত এটা খণ্ড চাই শেষ কৰা সময়কণতে মুদ্ৰাৰ জৰিয়তে ৫,০০০ ক্ষুদ্ৰ ব্যৱসায় নিৰ্মাণ কৰা হয়।

বন্ধুসকল,

‘মুদ্ৰা যোজনা’ই গেৰাণ্টী বিচৰা নাছিল - ই মানুহৰ ওপৰত বিশ্বাস ৰাখিছিল। আপোনালোকে জানি সুখী হ'ব যে মুদ্ৰাৰ বাবে ১১ কোটি লোকে তেওঁলোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বা স্ব-নিয়োজিত হ'বলৈ তেওঁলোকৰ প্ৰথম ঋণ লাভ কৰিছিল। এই ১১ কোটি ব্যক্তি এতিয়া প্ৰথমবাৰৰ বাবে উদ্যোগী হৈছে! অৰ্থাৎ, ১০ বছৰত ১১ কোটি নতুন সপোনে ডেউকা মেলিছে। আৰু আপোনালোকে জানেনে মুদ্ৰাৰ জৰিয়তে গাঁও আৰু সৰু চহৰবোৰলৈ কিমান টকা আহিছে? এই পৰিমাণ হৈছে প্ৰায় ৩৩ লাখ কোটি টকা- ৩৩ লাখ কোটি টকা! এই পৰিমাণ আনকি বহুতো দেশৰ ‘জিডিপি’ও নহয়। এয়া কেৱল মাইক্ৰ'ফাইনেন্সয়েই নহয়- এয়া হৈছে তৃণমূল পৰ্যায়ত এক বৃহৎ ৰূপান্তৰ!

বন্ধুসকল,

একে ধৰণৰ উদাহৰণ হৈছে ‘উচ্চাকাংক্ষী জিলা’ আৰু ‘উচ্চাকাংক্ষী খণ্ড’ কাৰ্যসূচী। পূৰ্বৱৰ্তী চৰকাৰসমূহে ১০০ খনতকৈয়ো অধিক জিলাক পিছপৰা বুলি লেবেল মাৰি দিছিল আৰু তেওঁলোকক নিজে সংগ্ৰাম কৰিবলৈ এৰি দিছিল। ইয়াৰে বহুতো জিলা উত্তৰ-পূব আৰু জনজাতীয় বেল্টত আছিল। আদৰ্শগতভাৱে, চৰকাৰে ইয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভাধৰসকলক এই জিলাসমূহলৈ প্ৰেৰণ কৰিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে বিষয়াসকলক শাস্তিমূলক বদলি হিচাপেহে সেই জিলাসমূহক নিযুক্তি দিয়া হৈছিল। এয়া আছিল পুৰণি মানসিকতা- "পিছ পৰি থকাসকলক পিছতে থাকিবলৈ দিয়া।" আমি এই পদ্ধতি সলনি কৰিছিলোঁ আৰু এই ক্ষেত্ৰসমূহক ‘উচ্চাকাংক্ষী জিলা’ হিচাপে ঘোষণা কৰিছিলোঁ। আমি উন্নত প্ৰশাসনত গুৰুত্ব দিছিলোঁ আৰু আমাৰ ধ্বজাবাহী আঁচনিসমূহ ‘মিছন মোড’ত ৰূপায়ণ কৰিছিলোঁ। আমি একাধিক মাপকাঠিৰ ভিত্তিত এই জিলাসমূহৰ বিকাশ নিৰীক্ষণ কৰিছিলো। আৰু আজি এই উচ্চাকাংক্ষী জিলাসমূহৰ বহুতে ৰাজ্যৰ গড় অতিক্ৰম কৰিছে, আৰু কিছুমানে আনকি উন্নয়নৰ ৰাষ্ট্ৰীয় গড়ৰো ওপৰলৈ গৈছে। এই পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে এই জিলাসমূহৰ যুৱক-যুৱতীসকল। এতিয়া, তাত থকা যুৱক-যুৱতীসকলে আত্মবিশ্বাসেৰে কয়, "আমিও সফলতা অৰ্জন কৰিব পাৰোঁ। আমিও আগবাঢ়িব পাৰোঁ।" আজি, বহুতো প্ৰসিদ্ধ গোলকীয় প্ৰতিষ্ঠান আৰু আলোচনীয়ে উচ্চাকাংক্ষী জিলা কাৰ্যসূচীক স্বীকৃতি দিছে আৰু প্ৰশংসা কৰিছে। এই সফলতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি এতিয়া ৫০০টা উচ্চাকাংক্ষী খণ্ডত কাম কৰি আছোঁ। যেতিয়া বিকাশ আকাংক্ষাৰ দ্বাৰা চালিত হয়, ই সামগ্ৰিক আৰু বহনক্ষম দুয়োটা হৈ পৰে।

বন্ধুসকল,

যিকোনো ৰাষ্ট্ৰৰ দ্ৰুত বিকাশৰ বাবে, শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ অনুভূতি থকাটো অত্যাৱশ্যকীয়। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে चित्त जेथा भयशून्यो কল্পনা কৰিছিল, उच्च जेथा शिर অৰ্থাৎ, "য'ত মনে ভয় নকৰাকৈ থাকে, তাত উন্নত হৈ থাকে শিৰ।" কিন্তু কেবা দশক ধৰি ভাৰতত ভয়, সন্ত্ৰাস আৰু হিংসাৰ পয়োভৰ দেখা গৈছিল। আৰু আমাৰ দেশৰ যুৱপ্ৰজন্মই আটাইতকৈ বেছি কষ্ট পাইছিল। যুৱ জীৱন হিংসা, বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদেৰে আক্ৰান্ত হৈছিল। জম্মু-কাশ্মীৰত কেবা দশক ধৰি বোমা, বন্দুক আৰু শিল নিক্ষেপৰ চক্ৰত বহু প্ৰজন্মৰ যুৱক-যুৱতী নিঃশেষ হ’বলগীয়া হৈছিল। তথাপিও, কেবা দশক ধৰি শাসন কৰা চৰকাৰবোৰে ইয়াক বন্ধ কৰিবলৈ সাহস দেখুৱাব পৰা নাছিল। কিন্তু আমাৰ চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা আৰু সংবেদনশীল দৃষ্টিভংগীৰ জৰিয়তে তাত পৰিস্থিতি সলনি হৈছে। আজি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে উন্নয়নক আঁকোৱালি লৈছে।

বন্ধুসকল,

‘নক্সালবাদ’ৰ প্ৰসংগটোলৈকে চাওকচোন– এটা সময়ত দেশৰ ১২৫ খনতকৈয়ো অধিক জিলা হিংসা আৰু সন্ত্ৰাসে আৱৰি আছিল। ১২৫ খন জিলা! যিবোৰ অঞ্চলত নক্সালবাদ আৰম্ভ হৈছিল, সেইবোৰ জিলাত চৰকাৰৰ উপস্থিতি প্ৰায় শেষ হৈছিল। এই নক্সালবাদৰ ফলত বহু সংখ্যক যুৱক-যুৱতী ক্ষতিগ্ৰস্ত হৈছিল। আমি এই যুৱকসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলাইছিলোঁ। যোৱা ১০ বছৰত ৮,০০০ৰো অধিক নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে আৰু হিংসা ত্যাগ কৰিছে। নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা এতিয়া ২০ খনতকৈয়ো কম কৰা হৈছে। একেদৰে, উত্তৰ-পূৰ্বাঞ্চলত কেবা দশক ধৰি বিচ্ছিন্নতাবাদ আৰু হিংসাৰ এক অন্তহীন চক্ৰ আছিল। কিন্তু যোৱা ১০ বছৰত আমাৰ চৰকাৰে সফলতাৰে ১০টা মুখ্য শান্তি চুক্তি স্বাক্ষৰ কৰিছে। এই সময়ছোৱাত ১০,০০০ ৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছে আৰু উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে। প্ৰকৃত সফলতা কেৱল হাজাৰ হাজাৰ লোকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰাই নহয়- প্ৰকৃত বিজয় হৈছে যে হাজাৰ হাজাৰ যুৱ জীৱন, তেওঁলোকৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত হৈছে।

বন্ধুসকল,

কেবা দশক ধৰি, আমাৰ দেশত ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক দলিচাৰ তলত ঢাকি ৰখাৰ প্ৰৱণতা আছিল। কিন্তু এতিয়া, এই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সময় আহি পৰিছে। আমি একবিংশ শতিকাৰ প্ৰজন্মক বিংশ শতিকাৰ ৰাজনৈতিক ভুলৰ বোজা বহন কৰিবলৈ অনুমতি দিব নোৱাৰো। ভাৰতৰ বিকাশত আটাইতকৈ ডাঙৰ বাধা হৈছে তোষণৰ ৰাজনীতি। শেহতীয়াকৈ, সংসদত ‘ৱাকফ আইন’ সংশোধন কৰা হৈছে, যিটো আপোনালোকৰ নেটৱৰ্কতো ব্যাপকভাৱে চৰ্চিত হৈছে। ৱাকফ আইনৰ চাৰিওফালে বিতৰ্কটো তোষণৰ ৰাজনীতিত নিহিত হৈ আছে। কিন্তু এই ৰাজনৈতিক তোষণ নতুন নহয়- আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়তেই ইয়াক ৰোপণ কৰা হৈছিল। ভাবকচোন- বহুতো দেশে ভাৰতৰ আগতে, লগতে বা পিছত স্বাধীনতা লাভ কৰিছিল। কিন্তু তেওঁলোকৰ কিমানখনে বিভাজনক স্বাধীনতাৰ চৰ্ত হিচাপে গ্ৰহণ কৰিব লগা হৈছিল? স্বাধীনতাৰ সময়ত কিমানখন দেশ বিভক্ত হৈছিল? ভাৰত একমাত্ৰ কিয় আছিল? কিয়নো সেই সময়ত ক্ষমতাৰ কামনাক ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত স্থান দিয়া হৈছিল। এখন পৃথক ৰাষ্ট্ৰৰ ধাৰণা সাধাৰণ মুছলমান পৰিয়ালৰ নাছিল - ইয়াক মুষ্টিমেয় উগ্ৰপন্থীয়ে উদগণি দিছিল। আৰু কিছুমান কংগ্ৰেছ নেতাই এই ধাৰণাটোক পোষণ কৰিছিল যাতে তেওঁলোকে নিজকে ক্ষমতাৰ একমাত্ৰ দাবীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে।

বন্ধুসকল,

তোষণৰ এই ৰাজনীতিত কংগ্ৰেছে ক্ষমতা লাভ কৰিছিল, কিছুমান মৌলবাদী নেতাই শক্তি আৰু সম্পদ লাভ কৰিছিল, কিন্তু প্ৰকৃত প্ৰশ্নটো হ'ল- সাধাৰণ মুছলমানসকলে কি পাইছিল? দৰিদ্ৰ, ‘পাচমাণ্ডা’ (প্রান্তিক) মুছলমানসকলে কি পাইছিল? তেওঁলোকে অৱহেলা লাভ কৰিছিল। তেওঁলোকক অশিক্ষিত কৰি ৰখা হৈছিল। তেওঁলোক নিবনুৱা হৈ থাকিবলগীয়া হৈছিল। আৰু মুছলমান মহিলাসকলে কি পাইছিল? তেওঁলোক অন্যায়ৰ সন্মুখীন হ'ব লগা হৈছিল, যেনে ‘শ্বাহ বানো গোচৰ’ত, য'ত তেওঁলোকৰ সাংবিধানিক অধিকাৰ মৌলবাদৰ বেদীত বলি দিয়া হৈছিল। তেওঁলোকক নীৰৱ হৈ থাকিবলৈ কোৱা হৈছিল, প্ৰশ্ন নকৰিবলৈ হেঁচা দিয়া হৈছিল। ইফালে, মহিলাৰ অধিকাৰ দমন কৰিবলৈ মৌলবাদীসকলক মুকলি অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল।

বন্ধুসকল,

তোষণৰ ৰাজনীতি হৈছে ভাৰতত সামাজিক ন্যায়ৰ মূলনীতিৰ সম্পূৰ্ণ বিৰোধী। কিন্তু কংগ্ৰেছে ইয়াক ভোট-বেংকৰ ৰাজনীতিৰ এক সঁজুলিলৈ ৰূপান্তৰিত কৰিছিল। ‘ৱাকফ আইন’ৰ ২০১৩ চনৰ সংশোধনীটো মৌলবাদী উপাদান আৰু ভূ-মাফিয়াহঁতক সন্তুষ্ট কৰাৰ প্ৰয়াসৰ বাহিৰে আন একো নাছিল। আইনখন এনেদৰে গঢ় দিয়া হৈছিল যিয়ে এনেকুৱা লাগিছিল যেন সংবিধানৰ উৰ্ধ্বতহে থিয় দি আছে। সংবিধানৰ উদ্দেশ্য আছিল ন্যায়ৰ দুৱাৰ মুকলি কৰা, কিন্তু এই ৱাকফ আইনে সেই পথবোৰ সংকুচিত কৰিছিল। আৰু ইয়াৰ পৰিণাম কি আছিল? মৌলবাদী আৰু ভূ-মাফিয়াহঁত উৎসাহিত হৈছিল। কেৰালাত, ৱাকফে খ্ৰীষ্টান গাঁওবাসীৰ মাটি দাবী কৰিছিল। হাৰিয়ানাত, গুৰুদ্বাৰাক ভূমিবিবাদলৈ টানি নিয়া হৈছিল। কৰ্ণাটকত, কৃষকৰ মাটিবোৰ ৱাকফৰ বুলি দাবী কৰা হৈছিল। বহুতো ৰাজ্যত, সমগ্ৰ গাঁও আৰু হাজাৰ হাজাৰ হেক্টৰ ভূমি এনঅ’চি আৰু আইনী সমস্যাত আৱদ্ধ হৈ পৰিছিল। মন্দিৰ, গীৰ্জা, গুৰুদ্বাৰা, খেতি পথাৰ বা আনকি চৰকাৰী ভূমিয়েই হওঁক, মানুহে তেওঁলোকৰ নিজৰ সম্পত্তিৰ নিৰাপত্তাক লৈ সন্দিহান হবলগীয়া হৈছিল। মাত্ৰ এখন জাননীয়েই মাটিৰ মালিকসকলক তেওঁলোকৰ নিজৰ মালিকীস্বত্ব প্ৰমাণ কৰিবলৈ নথিপত্ৰৰ বাবে হাবাথুৰি খাবলগীয়া কৰিবলৈ যথেষ্ট আছিল। ন্যায় প্ৰদান কৰাৰ বাবে প্ৰণিত আইনেই অৱশেষত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল- এয়া কেনে ধৰণৰ আইন আছিল?

বন্ধুসকল,

মুছলমান সম্প্ৰদায়কে ধৰি সকলো সম্প্ৰদায়ৰ স্বাৰ্থ পূৰণ কৰা এক উল্লেখযোগ্য আইন গৃহীত কৰাৰ বাবে মই দেশৰ সংসদক অভিনন্দন জনাইছোঁ। এই আইনে এতিয়া ‘ৱাকফ’ৰ প্ৰকৃত অৱধাৰণাৰ সুৰক্ষা নিশ্চিত কৰিব আৰু লগতে দৰিদ্ৰ আৰু পাচমাণ্ডা মুছলমান, মহিলা আৰু শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰিব। ৱাকফ বিধেয়ক সন্দৰ্ভত হোৱা বিতৰ্ক যোৱা ৭৫ বছৰত আমাৰ সংসদীয় ইতিহাসৰ দ্বিতীয় দীৰ্ঘতম বিতৰ্ক আছিল। এই বিধেয়কখন দুয়োখন সদনতে ১৬ ঘণ্টা ধৰি আলোচনা কৰা হয়, ‘যুটীয়া সংসদীয় সমিতি’য়ে (জেপিচি) ৩৮ খন বৈঠক অনুষ্ঠিত কৰে, ১২৮ ঘণ্টাৰ আলোচনাত লিপ্ত হয় আৰু সমগ্ৰ দেশৰ লোকসকলৰ পৰা প্ৰায় এক কোটি অনলাইন পৰামৰ্শ লাভ কৰে। দেখুৱায় যে আজি ভাৰতত গণতন্ত্ৰ কেৱল সংসদৰ চাৰি দেৱালৰ মাজতে সীমাবদ্ধ নহয়। জনসাধাৰণৰ অংশগ্ৰহণে আমাৰ গণতন্ত্ৰক আৰু শক্তিশালী কৰি তুলিছে।

বন্ধুসকল,

আজি বিশ্ব দ্ৰুতগতিত প্ৰযুক্তি আৰু এআই-ৰ দিশে আগবাঢ়িছে। সেয়েহে আমাৰ সুকুমাৰ দিশ- কলা, সংগীত, সংস্কৃতি আৰু সৃজনশীলতা -আদিত গুৰুত্ব দিয়াটো আগতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে, কিয়নো আমি ৰবট প্ৰস্তুত কৰিব নিবিচাৰোঁ, আমি মানুহক সাজু কৰিব বিচাৰোঁ। আমি নিশ্চিত কৰিব লাগিব যে প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমি সৃষ্টিশীলতাৰ জৰিয়তে মানৱতা আৰু সংবেদনশীলতাকো বৃদ্ধি কৰিব লাগে। মনোৰঞ্জন ইতিমধ্যে বিশ্বৰ অন্যতম বৃহৎ উদ্যোগ হৈ উঠিছে, আৰু ভৱিষ্যতেও সম্প্ৰসাৰিত হৈ থাকিব। এই যুগত, আমি কলা আৰু সংস্কৃতিক উদযাপন আৰু উৎসাহিত কৰিবলৈ ‘ৱেভছ- ৱৰ্ল্ড অডিঅ'-ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট’ আৰম্ভ কৰিছোঁ। ৰাহুলে ভাষণ দিয়াৰ সময়ত আপোনালোকে আজি একাধিকবাৰ ৱেভছ শব্দটো শুনিছিল, কিন্তু এনে নহয় যে এই প্ৰচেষ্টাটো ২০১৪ চনত আৰম্ভ কৰা হৈছিল; ই প্ৰতি দশকত নতুন ৰূপ আৰু উদ্ভাৱনৰ সৈতে বিকশিত হৈছে। আজি, মই ‘ৱেভছ-ৱৰ্ল্ড অডিঅ'-ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট’ৰ বিষয়ে চৰ্চা কৰিছোঁ। এই প্লেটফৰ্মটো গঢ়ি তোলা হৈছে। অহা মাহত, মুম্বাইত ‘ৱেভছ’-ৰ এক বিশাল সংস্কৰণ আয়োজন কৰা হ'ব, আৰু এক নিয়মীয়া গোলকীয় অনুষ্ঠান হৈ উঠিব। আপোনালোক সকলোৱে জানে, চলচ্চিত্ৰ, পডকাষ্ট, গেমিং, সংগীত, এআৰ, আৰু ভিআৰ-য়ে ভাৰতত এক প্ৰাণৱন্ত আৰু সৃষ্টিশীল উদ্যোগ গঢ়ি তুলিছে। "ভাৰতত সৃষ্টি কৰক" মন্ত্ৰৰ সৈতে, আমি এই উদ্যোগটোক পৰৱৰ্তী স্তৰলৈ লৈ গৈছোঁ। ‘ৱেভছ’-য়ে ভাৰতীয় শিল্পীসকলক সমল সৃষ্টি কৰিবলৈ আৰু গোলকীয় হ'বলৈ উৎসাহিত কৰিব। "ভাৰতত সৃষ্টি কৰক" আহ্বানে সমগ্ৰ বিশ্বৰ শিল্পীসকলক ভাৰতলৈ আমন্ত্ৰণ জনাব। মই নেটৱৰ্ক১৮ ৱেভছ-ৰ এই প্লেটফৰ্মটো জনপ্ৰিয় কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। বহুতো যুৱক-যুৱতী আছে যি সৃষ্টিশীল ক্ষেত্ৰৰে জড়িত। মই তেওঁলোকৰ কিছুমানক লগ পোৱাৰ সুযোগো পাইছোঁ। মই তেওঁলোকক এই আন্দোলনৰ অংশীদাৰ হ'বলৈ উৎসাহিত কৰোঁ। ‘ৱেভছ’-ক প্ৰতিটো ঘৰ আৰু প্ৰতিখন হৃদয়ত উপনীত হ'বলৈ দিয়ক! মই নিশ্চিত যে আপোনালোকে এয়া সম্ভৱ কৰিব।

বন্ধুসকল,

এই সন্মিলনৰ জৰিয়তে ‘নেটৱৰ্ক১৮’-য়ে আমাৰ দেশৰ যুৱপ্ৰজন্মৰ সৃষ্টিশীলতা, দৃষ্টিভংগী আৰু সংকল্পক সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে। আপোনালোকে কেনেদৰে যুৱ মনক নিয়োজিত কৰিছে, তেওঁলোকক ৰাষ্ট্ৰীয় সমস্যাবোৰৰ বিষয়ে চিন্তা কৰিবলৈ আৰু সমাধানৰ পৰামৰ্শ দিবলৈ উৎসাহিত কৰিছে, এয়া নিতান্তই প্ৰশংসনীয়। আটাইতকৈ গুৰুত্বপূৰ্ণ সাফল্যটো হ'ল যে আপোনালোকে তেওঁলোকক কেৱল শ্ৰোতা নহয় ৰূপান্তৰৰ অংশীদাৰ কৰি তুলিছে। এতিয়া, মই সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক এই সন্মিলনৰ কাৰ্যক্ৰমক আগুৱাই নিয়াৰ বাবে আহ্বান জনাইছোঁ। উদ্ভৱ হোৱা অন্তৰ্দৃষ্টি আৰু পৰামৰ্শবোৰ নীতি নিৰ্ধাৰণৰ বাবে নথিভুক্ত, অধ্যয়ন আৰু উপস্থাপন কৰা উচিত। তেতিয়াহে এই সন্মিলন কেৱল এক অনুষ্ঠান হৈ নাথাকিব বৰঞ্চ প্ৰভাৱৰ শক্তি হৈ উঠিব। আপোনালোকৰ উৎসাহ, অৱধাৰণা আৰু অংশগ্ৰহণ হৈছে ভাৰতৰ এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্পৰ আঁৰৰ প্ৰকৃত শক্তি। আকৌ এবাৰ, মই এই অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ আমাৰ যুৱ অংশগ্ৰহণকাৰীসকলক আন্তৰিক অভিনন্দন জনাইছোঁ।
বহুত বহুত ধন্যবাদ!


 

***

MJPS/VJ/AV


(Release ID: 2158822) Visitor Counter : 4