পোষ্ট কৰা হৈছে:
14 AUG 2025 8:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আবঢ়োৱা চিন্তাকৰ্ষক ভাষণ শ্বেয়াৰ কৰে। তেওঁ কয় যে এই ভাষণত আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতি আৰু আগন্তুক সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হৈছে আৰু প্ৰতিজন নাগৰিকক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনোৱা হৈছে।
এক্সৰ এলানি পৃথক পোষ্টত তেওঁ কয়ঃ
‘আমাৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি জীয়ে এক চিন্তাকৰ্ষক ভাষণ দি আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতি আৰু আগন্তুক সুযোগসমূহৰ ওপৰত আলোকপাত কৰি ভাৰতৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰা ত্যাগৰ কথা সোঁৱৰাই দিয়ে আৰু প্ৰতিজন নাগৰিকক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়।
@rashtrapatibhvn
***
MJPS/SR/DB