ৰাষ্ট্ৰপতি সচিবালয়
৭৯তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশ্যি সম্বোধন
Posted On:
14 AUG 2025 7:40PM by PIB Guwahati
মোৰ মৰমৰ দেশবাসী,
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস প্ৰতিজন ভাৰতীয়ই উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰে। এই দিন কেইটাই আমি যে গৌৰৱান্বিত ভাৰতীয় সেই কথা বিশেষভাবে মনত পেলাই দিয়ে।
পোন্ধৰ আগষ্টৰ দিনটো আমাৰ সামূহিক স্মৃতিত খোদিত হৈ আছে। সুদীৰ্ঘ বছৰজোৰা ঔপনিৱেশিক শাসনৰ কালত ভাৰতীয় সকলৰ কেইবাটাও প্ৰজন্মই স্বাধীনতাৰ সপোন দেখিছিল। দেশৰ সকলো প্ৰান্তৰ পুৰুষ-মহিলা, বৃদ্ধ-বনিতা আৰু তৰুণ-তৰুণীয়ে বিদেশী শাসন ওফৰাই পেলাবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ সংগ্ৰাম চিহ্নিত হৈছিল শক্তিশালী আশাবাদৰ দ্বাৰা, যিয়ে স্বাধীনতাৰ পাছৰে পৰাই আমাৰ প্ৰগতিৰ গতিও অব্যাহত ৰাখিছে। কাইলৈ আমি ত্ৰিৰংগাৰ প্ৰতি অভিবাদন জনোৱাৰ লগতে সেইসকল স্বাধীনতা সংগ্ৰামীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম যিসকলৰ ত্যাগৰ জৰিয়তে ৭৮ বছৰ পূৰ্বে ভাৰতে স্বাধীনতা অৰ্জন কৰিছিল।
আমাৰ স্বাধীনতা ঘূৰাই পোৱাৰ পাছত আমি সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সৈতে গণতন্ত্ৰ হৈ পৰিলো। অৰ্থাৎ, আমি ভাৰতীয় জনসাধাৰণে লিংগ, ধৰ্ম আৰু আন গণতন্ত্ৰত ভোটদানৰ পৰা বঞ্চিত কৰা অন্যান্য কাৰকসমূহৰ অবিহনে আমাৰ ভাগ্য নিজে গঢ় দিয়াৰ অধিকাৰ আমাৰ নিজৰ ওপৰত অৰ্পন কৰিছো। বহু প্ৰত্যাহ্বান সত্বেও ভাৰতৰ জনসাধাৰণে গণতন্ত্ৰলৈ সফল বাট বুলিছে। এই পৰিৱৰ্তন হৈছে আমাৰ প্ৰাচীন গণতান্ত্ৰিক নীতিৰ এক প্ৰাকৃতিক প্ৰতিবিম্ব। ভাৰতৰ ভূমি বিশ্বৰ আটাইতকৈ পুৰণি গণৰাজ্যসমূহৰ ভূমি। গণতন্ত্রৰ মাতৃ হিচাপে ইয়াক সঠিকভাৱে স্বীকৃতি দিয়া হয়। আমি যেতিয়া সংবিধান গ্ৰহণ কৰিছিলো, তেতিয়া ই গণতন্ত্ৰক সৌধ প্ৰদান কৰিছিল। আমি গণতান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিলো যি গণতন্ত্ৰৰ অনুশীলন শক্তিশালী কৰিছিল। আমাৰ বাবে সংবিধান আৰু গণতন্ত্ৰ সকলোৰে ওপৰত।
অতীতলৈ ঘূৰি চাওঁতে দেশৰ বিভাজনে আনি দিয়া যন্ত্ৰণা আমি পাহৰি যোৱা উচিত নহয়। আজি আমি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰিছো। দেশ বিভাজনৰ বাবে ভয়াবহ হিংসাত্মক ঘটনাৰ সন্মুখীন হ’ব লগা হৈছিল আৰু লাখ লাখ লোকক স্থানচ্যুত হ’বলৈ বাধ্য কৰোৱা হৈছিল। আজি আমি ইতিহাসৰ ভুলৰ বলি হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
হে প্ৰিয় দেশবাসী,
আমাৰ গণতন্ত্ৰক আগুৱাই নিয়াৰ বাবে আমাৰ সংবিধানত চাৰিটা স্তম্ভ হিচাপে চাৰিটা মূল্যবোধ আছে। সেইবোৰ হৈছে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। এয়া আমাৰ সভ্যতাগত নীতি যিবোৰ আমি স্বাধীনতা সংগ্ৰামৰ সময়ত পুনৰ আৱিষ্কাৰ কৰিছো। এই সকলোবোৰ অন্তৰত ৰাখি মই বিশ্বাস কৰো মানৱীয় প্ৰমূল্যৰ ধাৰণাৰ ওপৰত। সকলো মানুহে সমান আৰু সকলোৱে মৰ্যাদাপূৰ্ণ আচৰণৰ বাবে যোগ্য। শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সকলোৱে সমানে সুবিধা পাব লাগে। প্ৰত্যেকৰ বাবে সমান সুযোগ থাকিব লাগে। যিসকলে পৰম্পৰাগতভাৱে অনগ্ৰসৰ অৱস্থাত আছে তেওঁলোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব লাগে।
এই নীতিসমূহ সাৰোগত কৰি ১৯৪৭ চনত আমি এক নতুন যাত্ৰা আৰম্ভ কৰিছিলো। বহু বছৰীয়া বিদেশী শাসনৰ পাছত স্বাধীনতাৰ সময়ত ভাৰত চৰম দাৰিদ্ৰ্যপীড়িত আছিল। কিন্তু তেতিয়াৰে পৰা ৭৮ বছৰৰ পাছত আমি সকলো ক্ষেত্ৰতে অসাধাৰণ অগ্ৰগতি লাভ কৰিছো। আত্মনিৰ্ভৰ দেশ হোৱাৰ পথত ভাৰত ভালদৰে আগবাঢ়িছে আৰু অতি আত্মবিশ্বাসেৰে আগবাঢ়ি আছে।
অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ সফলতা দৰ্শনীয়। যোৱা বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৬. ৫ শতাংশৰ জৰিয়তে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতৰ বৃদ্ধি হৈছে আটাইতকৈ দ্ৰুত। আনকি বিশ্ব অৰ্থনীতি চাপৰ সন্মুখীন হোৱাৰ সময়তো ঘৰুৱা চাহিদা বৃদ্ধি পাইছে। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে। ৰপ্তানি বৃদ্ধি পাইছে। সকলো গুৰুত্বপূৰ্ণ সূচকে দেখুৱাইছে যে অৰ্থনীতি সঠিক হৈ আছে। সুদক্ষ অৰ্থনৈতিক ব্যৱস্থাপনা আৰু সতৰ্কতাৰে গ্ৰহণ কৰা সংস্কাৰ ব্যৱস্থাৰ লগতে কৃষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে এয়া সম্ভৱ হৈছে।
সু-শাসনৰ বাবে দেশ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে এলানি কল্যাণমূলক পদক্ষেপ অব্যাহত ৰাখিছে আৰু দৰিদ্ৰতাৰ ৰেখাৰ ওপৰত উঠি অহা লোকসকলৰ বাবেও এলানি প্ৰচেষ্টা অব্যাহত ৰাখিছে, যাতে তেওঁলোকে পুনৰ আগৰ অৱস্থালৈ নাযায়। সামাজিক সেৱাৰ বৰ্ধিত ব্যয়ত ই প্ৰতিফলিত হৈছে। আয়ৰ ক্ষেত্ৰত অসমতা হ্ৰাস পাইছে। আঞ্চলিক বৈষম্যও দূৰ হ’বলৈ ধৰিছে। দুৰ্বল অৰ্থনৈতিক প্ৰদৰ্শনৰ বাবে পৰিচিত ৰাজ্য আৰু অঞ্চলসমূহে এতিয়া তেওঁলোকৰ প্ৰকৃত ক্ষমতা প্ৰদৰ্শন কৰি আছে আৰু উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি আছে।
আমাৰ বাণিজ্যিক নেতৃত্ব, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ীসকলে সদায়েই উৎসাহ প্ৰদৰ্শন কৰি আহিছে, প্ৰয়োজন মাথোন সম্পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিবন্ধক আঁতৰোৱা। বিগত দশকত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এনে প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে। আমি ভাৰতমালা পৰিযোজনাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক সম্প্ৰসাৰিত আৰু শক্তিশালী কৰিছো। ৰে'লৱেই নতুন ধৰণৰ ৰে'ল আৰু শেহতীয়া প্ৰযুক্তিৰ সুসজ্জিত দবাৰ প্ৰচলন কৰিছে। কাশ্মীৰ উপত্যকালৈ ৰে'ল সংযোগ মুকলি এক গুৰুত্বপূৰ্ণ সফলতা। এই উপত্যকাৰ সৈতে ৰে'ল যোগাযোগ ব্যৱস্থাই অঞ্চলটোত বাণিজ্য আৰু পৰ্যটন বৃদ্ধি কৰিব আৰু নতুন অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰিব। কাশ্মীৰৰ এই অভিযান্ত্ৰিক আশ্চৰ্য্য আমাৰ দেশৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি।
দেশত দ্ৰুতগতিত নগৰীকৰণ হৈছে। সেয়েহে চহৰসমূহৰ পৰিস্থিতি উন্নত কৰাৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। নগৰ পৰিবহণ ব্যৱস্থাৰ মূল ক্ষেত্ৰক গুৰুত্ব দি চৰকাৰে মেট্ৰ' ৰে'লৰ সুবিধা সম্প্ৰসাৰিত কৰিছে। মেট্ৰ' ৰে'ল সেৱা থকা চহৰৰ সংখ্যা এটা দশকত বহুগুণে বৃদ্ধি পাইছে। নগৰ পুনৰুজ্জীৱিতকৰণ আৰু পৰিৱৰ্তনৰ অটল মিছনে অৰ্থাৎ অম্ৰুত-এ অধিকৰ পৰা অধিকতৰ পৰিয়াললৈ টেপ যোগে পানীৰ সুবিধা আৰু লেতেৰা পানী ওলাই যাব পৰাকৈ নৰ্দমাৰ ব্যৱস্থা নিশ্চিত কৰিছে।
চৰকাৰে জীৱনৰ মূল সুবিধাসমূহক নাগৰিকৰ অধিকাৰযুক্ত দাবী বুলি গণ্য কৰে। গ্ৰামাঞ্চলৰ পৰিয়াললৈ নল যোগে পানী যোগান ধৰাৰ ক্ষেত্ৰত জলজীৱন মিছনে অগ্ৰগতি লাভ কৰিছে।
স্বাস্থ্যসেৱা খণ্ডত আমি বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰতৰ অধীনত বিভিন্ন পদক্ষেপৰ সৈতে এক তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছো। এই আঁচনিখনে ইতিমধ্যে ৫৫ কোটিৰো অধিক লোকক সামৰি লৈছে। চৰকাৰে ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় নিৰ্বিশেষে এই সুবিধা প্ৰদান কৰিছে। সুবিধা লাভৰ ক্ষেত্ৰত সকলো অসমতা আঁতৰোৱাৰ পৰিপ্ৰেক্ষিতত দুখীয়া আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকেও সম্ভাৱ্য শ্ৰেষ্ঠ স্বাস্থ্য-সেৱাৰ সুবিধা লাভ কৰিছে।
বৰ্তমানৰ ডিজিটেল যুগত তথ্য প্ৰযুক্তি খণ্ডত ভাৰতত সবাতোকৈ নাটকীয় অগ্ৰগতি দেখা গৈছে। প্ৰায় সকলো গাঁৱতে ৪জি মোবাইল সংযোগ আছে আৰু বাকী থকা কেইবা হাজাৰ লোকক সোনকালেই সামৰি লোৱা হ'ব। ইয়াৰ ফলত ডিজিটেল ধন আদায়ৰ প্ৰযুক্তি ব্যাপক হাৰত গ্ৰহণ সম্ভৱ হৈছে, য'ত ভাৰত কম সময়ৰ ভিতৰতে বিশ্বৰ নেতৃস্থানীয় হৈ পৰিছে। ই প্ৰত্যক্ষ লাভ হস্তান্তৰকো সহায় কৰিছে, যিয়ে অপচয় অবিহনে হিতাধিকাৰীসকলক কল্যাণমূলক সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰে। বিশ্বৰ মুঠ ডিজিটেল লেনদেন আধাতকৈও অধিক ভাৰতত হয়। এই উন্নয়নে এক জীৱন্ত ডিজিটেল অৰ্থনীতি সৃষ্টি কৰিছে যাৰ অৱদান দেশৰ জিডিপিৰ প্ৰতিবছৰে বৃদ্ধি পাইছে।
কৃত্ৰিম বুদ্ধিমত্তা হৈছে প্ৰযুক্তিগত উন্নতিৰ পৰৱৰ্তী পৰ্যায় আৰু ই আমাৰ জীৱনত প্ৰৱেশ কৰিছে। দেশৰ এআই সামৰ্থ্য শক্তিশালী কৰাৰ বাবে ভাৰত-এআই মিছন আৰম্ভ কৰিছে চৰকাৰে। ই ভাৰতৰ বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰা কৃত্ৰিম বুদ্ধিমত্তা মডেল নিৰ্মাণ কৰাত সহায় কৰিছে। আমি ২০৪৭ চনৰ ভিতৰত বিশ্ব এ আই হাব হ'ব বিচাৰো। সৰ্বসাধাৰণ বাবে প্ৰযুক্তিৰ উন্নয়নৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰেৰে তেওঁলোকৰ জীৱন উন্নত কৰা আমাৰ উদ্দেশ্য অব্যাহত থাকিব।
সৰ্বসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে ব্যৱসায় কৰাৰ সূচলতা উন্নত কৰাৰ লগতে জীৱন ধাৰণৰ সূচলতাও উন্নত কৰাৰ ওপৰত সমানে গুৰুত্ব দিয়া হৈছে। বিকাশৰ উদ্দেশ্য তেতিয়া পূৰণ হয় যেতিয়া ই উপান্তৰসকলক সহায় কৰে আৰু তেওঁলোকৰ বাবে নতুন সুযোগ মুকলি কৰে। তদুপৰি, আমি প্ৰতিটো ক্ষেত্ৰতে আমাৰ আত্মনিৰ্ভৰতা বৃদ্ধি কৰিছো। ই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু বিকশিত ভাৰত হোৱাৰ দিশত আমাৰ যাত্ৰাৰ গতি বৃদ্ধি কৰিছে।
যোৱা সপ্তাহৰ ৭ আগষ্টত আমাৰ দেশে শিপিনী আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহক সন্মান কৰা 'ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস' উদযাপন কৰিছিল। ১৯০৫ চনত আমাৰ স্বাধীনতা সংগ্ৰামত আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ স্মৃতিত ২০১৫ চনৰ পৰা আমি এই দিৱস উদযাপন কৰি আহিছো। মহাত্মা গান্ধীয়ে ভাৰতীয় আৰু শিল্পীসকলৰ শ্ৰম আৰু ঘামৰ দ্বাৰা তথা তেওঁলোকৰ অতুলনীয় দক্ষতাৰ দ্বাৰা নিৰ্মিত সামগ্ৰী প্ৰচাৰৰ বাবে স্বদেশী দৃষ্টিভংগী শক্তিশালী কৰিছিল । স্বদেশীৰ ধাৰণাই মেক-ইন ইণ্ডিয়া উদ্যোগ আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৰে আমাৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি আহিছে। আমি ভাৰতীয় সামগ্ৰী ক্ৰয় আৰু ব্যৱহাৰ কৰাৰ সংকল্প লওঁ আহক।
হে প্ৰিয় দেশবাসী,
সামাজিক খণ্ডত গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে সামগ্ৰিক অৰ্থনৈতিক বিকাশে ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থনীতি হোৱাৰ পথত ভাৰতক ভালদৰে প্ৰতিষ্ঠা কৰিছে। অমৃত কালত দেশে আগবাঢ়ি যোৱাৰ লগে লগে আমি সকলোৱে আমাৰ সামৰ্থ্যৰ সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়োৱা দেখিছো। মই বিশ্বাস কৰো, সমাজৰ তিনিটা শ্ৰেণী আছে যিয়ে আমাক এই পথত নেতৃত্ব দিব-যুৱ, মহিলা আৰু সম্প্ৰদায়সমূহ, যিসকল দীৰ্ঘদিনে উপান্ত অৱস্থাত আছিল।
আমাৰ যুৱক-যুৱতীসকলে অৱশেষত তেওঁলোকৰ সপোন বাস্তবায়নৰ বাবে সঠিক পৰিৱেশ পাইছে। শিক্ষণক মূল্যবোধৰ সৈতে আৰু দক্ষতাক পৰম্পৰাৰ সৈতে একাকাৰ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিছে। কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে। উদ্যমিতা থকাসকলৰ বাবে চৰকাৰে আটাইতকৈ অনুকূল পৰিৱেশ সৃষ্টি কৰিছে। যুৱ মনৰ দ্বাৰা চালিত আমাৰ মহাকাশ কাৰ্যক্ৰমৰ অভূতপূৰ্ব সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে। মই নিশ্চিত যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰাই ডাঙৰ সপোন দেখিবলৈ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ই ভাৰতৰ আগন্তুক মানৱ মহাকাশ যান কাৰ্যসূচী 'গগনযান' ৰ বাবে অত্যন্ত সহায়ক প্ৰমাণিত হ'ব। এক নতুন বিশ্বাসৰ সৈতে আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়া আৰু খেলত এক চিহ্ন স্থাপন কৰিছে। উদাহৰণস্বৰূপে, দবাত এতিয়া ভাৰতৰ তৰুণসকলে আধিপত্য বিস্তাৰ কৰিছে যিটো পূ্ৰ্বে কেতিয়াও হোৱা নাছিল। ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ ৰ দৃষ্টিভংগীৰ জৰিয়তে ভাৰত গোলকীয় ক্ৰীড়া শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি আমি পূৰ্বানুমান কৰিছো।
আমাৰ কন্যাসকল আমাৰ গৌৰৱ। প্রতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্রকে ধৰি প্রতিটো ক্ষেত্রতে তেওঁলোকে বাধা অতিক্ৰম কৰিছে। সৱলীকৰণ আৰু সম্ভাৱনাৰ গুৰুত্বপূৰ্ণ সূচকসমূহৰ ভিতৰত ক্ৰীড়া উৎকৰ্ষতা অন্যতম। ফিডে মহিলা বিশ্ব কাপ দবা চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলুৱৈ আছিল ভাৰতৰ এগৰাকী উনৈশ বছৰীয়া কন্যা আৰু তেত্ৰিশ বছৰীয়া মহিলা। ই আমাৰ মহিলাসকলৰ মাজত প্ৰজন্মৰ নিৰন্তৰ আৰু গোলকীয় সমতুল্য শ্ৰেষ্ঠতাক প্ৰতিফলিত কৰে।কৰ্মসংস্থাপনৰ ক্ষেত্ৰত লিংগ ব্যৱধান হ্ৰাস পাইছে। নাৰী শক্তি বন্দন অধিনিয়মৰ সৈতে মহিলাৰ সৱলীকৰণ এতিয়া আৰু শ্লোগান নহয়, বাস্তৱ।
অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী আৰু অন্যান্য সম্প্ৰদায়কে ধৰি আমাৰ সমাজৰ এক মুখ্য অংশৰ লোকসকলে এতিয়া উপান্ত শ্ৰেণীটোৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। চৰকাৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক আকাংক্ষা পূৰণ কৰাত সক্ৰিয়ভাৱে সহায় কৰি আহিছে।
ভাৰতে নিজৰ প্ৰকৃত সম্ভাৱনাক বাস্তৱায়িত কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে। আমাৰ সংস্কাৰ আৰু নীতিসমূহে এক প্ৰভাৱশালী মঞ্চ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত মই সন্মুখত এক উজ্জ্বল ভৱিষ্যত দেখিবলৈ পাইছো য'ত আমি প্ৰত্যেকেই আমাৰ সকলোৰে সমৃদ্ধি আৰু সুখত অৰিহণা যোগাব।
আমি সেই ভৱিষ্যতৰ দিশে আগবাঢ়ি আছো, য’ত আছে নিৰন্তৰ সু-শাসন আৰু দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা। ইয়াত মহাত্মা গান্ধীৰ এক গুৰুত্বপূৰ্ণ উক্তি মনত পৰিছে। তেওঁ উল্লেখ কৰিছিল, আৰু মই উদ্ধৃতি দিছো:
“দুৰ্নীতি আৰু ভণ্ডামি গণতন্ত্ৰৰ উৎপাদন হোৱাটো উচিত নহয়।”
গান্ধীজীৰ আদৰ্শ বাস্তৱায়িত কৰা আৰু ভ্ৰষ্টাচাৰ উভালি পেলোৱাৰ সংকল্প লওঁ আহক।
প্ৰিয় দেশবাসী,
এই বছৰ আমি সন্ত্ৰাসবাদৰ নৃশংসতাৰ সন্মুখীন হ’ব লগা হৈছিল। কাশ্মীৰত অৱসৰ বিনোদনৰ সময়ত নিৰ্দোষী নাগৰিকক হত্যা কৰাটো সম্পূৰ্ণৰূপে অমানৱীয় আৰু কাপুৰুষালি আছিল। ভাৰতে কঠোৰ সংকল্পৰ সৈতে এক নিৰ্ণায়ক পদ্ধতিৰে উত্তৰ দিছিল। অপাৰেচন সিন্দূৰে দেখুৱাইছে যে আমাৰ সশস্ত্ৰ বাহিনীসমূহ দেশৰ সুৰক্ষা প্ৰদান কৰাৰ সময়ত যিকোনো সময়তে মোকাবিলা কৰিবলৈ সাজু। কৌশলগত স্পষ্টতা আৰু কাৰিকৰী ক্ষমতাৰে তেওঁলোকে সীমান্তত সন্ত্ৰাসবাদীৰ ঘাটী ধ্বংস কৰিছিল। মই বিশ্বাস কৰো যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজখনৰ উদাহৰণ হিচাপে অপাৰেচন সিন্দূৰৰ নাম ইতিহাসত ৰৈ যাব।
আমাৰ প্ৰতিক্ৰিয়াত সকলোতকৈ লক্ষণীয় আছিল আমাৰ ঐক্য, যি আছিল আমাক বিভাজন কৰিব বিচৰা লোকসকলৰ প্ৰতি আটাইতকৈ উপযুক্ত সঁহাৰি। ভাৰতৰ স্থিতি ব্যাখ্যা কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰলৈ যোৱা সংসদৰ সদস্যসকলৰ বহুদলীয় প্ৰতিনিধিসকলৰ জৰিয়তেও আমাৰ ঐক্য প্ৰদৰ্শন হৈছিল। বিশ্বই আমাৰ স্থিতি লক্ষ্য কৰিছে- আমি আক্ৰমণাত্মক নহ'ম, কিন্তু আমি আমাৰ নাগৰিকসকলৰ প্ৰতিৰক্ষাৰ বাবে প্ৰতিশোধ ল’বলৈ সংকোচ নকৰো।
অপাৰেচন সিন্দূৰ প্ৰতিৰক্ষা খণ্ডত ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰো এক পৰীক্ষা আছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে আমি সঠিক পথত আছো। আমাৰ থলুৱা নিৰ্মাণে গুৰুত্বপূৰ্ণ স্তৰ লাভ কৰিছে যিয়ে আমাক আমাৰ সুৰক্ষাৰ বহুতো প্ৰয়োজনীয়তা পূৰণ কৰাত আত্মনিৰ্ভৰশীল কৰি তুলিছে। স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ প্ৰতিৰক্ষা ইতিহাসত এয়া এক গুৰুত্বপূৰ্ণ সফলতা।
Dear Fellow Citizens,
প্ৰিয় দেশবাসী,
পৰিবেশৰ সুৰক্ষাৰ বাবে আপোনালোক সকলোকে মই আবেদন জনাব বিচাৰো। জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ উত্তৰ দিবলৈ আমি সলনি হ'ব লাগিব। আমি আমাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব আৰু আমাৰ বিশ্ব সম্পৰ্কীয় দৃষ্টিভংগী সলনি কৰিব লাগিব। আমি আমাৰ নদী, পাহাৰ আৰু উদ্ভিদ আৰু জীৱ-জন্তুৰ সৈতে আমাৰ সম্পৰ্ক সলনি কৰিব লাগিব। আমাৰ সকলোৰে অৱদানৰ সৈতে আমি এনে এটা গ্ৰহ এৰি থৈ যাব পাৰিম য'ত জীৱন প্ৰাকৃতিকভাবে পৰিপূৰ্ণ হৈ ৰ'ব।
হে প্ৰিয় দেশবাসী,
মোৰ মনত বিশেষকৈ আছে আমাৰ সীমান্তক সুৰক্ষা দিয়া জোৱানসকল, আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী। মই ন্যায়পালিকা আৰু অসামৰিক সেৱাৰ সদস্যসকলৰ প্ৰতিও শুভেচ্ছা জ্ঞাপন কৰিছো।বিদেশত থকা দূতাবাসৰ ভাৰতীয় বিষয়াসকল আৰু বিদেশত থকা ভাৰতীয় সকললৈও স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো!
স্বাধীনতা দিৱস উপলক্ষে আকৌ এবাৰ শুভেচ্ছা জনাইছো।
ধন্যবাদ।
জয় হিন্দ!
জয় ভাৰত!
(Release ID: 2156560)
Read this release in:
Marathi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Bengali
,
Manipuri
,
Odia
,
English
,
Khasi
,
Urdu
,
Hindi
,
Nepali
,
Punjabi
,
Gujarati