পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত ২১০ গৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এআই চালিত আহিলা “সভাসাৰ” মুকলি কৰা; পঞ্চায়ত নেতাসকলক সম্বৰ্ধনা জনোৱা হ'ব

Posted On: 13 AUG 2025 11:25AM by PIB Guwahati

অহা ১৫ আগষ্টত নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে (MoPR) ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২১০ জন পঞ্চায়ত প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আদৰণি জনাব। তেওঁলোকৰ পতি/পত্নী আৰু ন’ডেল বিষয়াকে প্ৰমুখ্য কৰি মুঠ ৪২৫ জন অংশগ্ৰহণকাৰীয়ে এই উৎসৱত যোগদান কৰিব।

এই বিশেষ অতিথিসকলৰ বাবে অহা ১৪ আগষ্ট, ২০২৫-ত নতুন দিল্লীত এক আনুষ্ঠানিক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং আৰু কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ. পি. সিং বাঘেলে অংশগ্ৰহণ কৰিব। এই কাৰ্য্যসূচীত মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক ভৰদ্বাজকে প্ৰমুখ্য কৰি মন্ত্ৰালয়ৰ আন-আন উচ্চপদস্থ বিষয়াসকলে ভাগ ল’ব। এই বৰ্ষৰ কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে, “আত্ম-নিৰ্ভৰ পঞ্চায়ত, বিকশিত ভাৰতৰ পৰিচয়”। যিয়ে আত্ম-নিৰ্ভৰ পঞ্চায়তক বিকশিত ভাৰতৰ এক মূল স্তম্ভ হিচাপে সূচিত কৰিছে। এই সম্বৰ্ধনা অনুষ্ঠানত এআই-চালিত সভাসাৰ (SabhaSaar) এপ্লিকেচন মুকলিৰ লগতে গ্ৰামোদয় সংকল্প আলোচনীৰ ষোড়শ সংখ্যা উন্মোচন কৰা হ’ব।

এইবাৰৰ বিশেষ অতিথিসকলৰ মাজত উল্লেখযোগ্য সংখ্যক মহিলা পঞ্চায়ত নেত্ৰীও আছে, যিসকলে নিজ-নিজ গাঁও পঞ্চায়তসমূহত উন্নত আন্তঃগাঁথনি, বৰ্ধিত জনসেৱা আৰু সৰ্বাংগীন সামূহিক পদক্ষেপৰ দৰে ক্ষেত্ৰত লক্ষণীয় অগ্ৰগতি সাধন কৰিছে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ (PRI) এইসকল নিৰ্বাচিত মহিলা প্ৰতিনিধি (EWR)-এ গ্ৰাম্য নেতৃত্বৰ উদীয়মান শক্তিৰ উদাহৰণ দাঙি ধৰিছে, দেশৰ ভিন্ন অঞ্চলত দূৰদৰ্শী উন্নয়ন দৃষ্টিভংগীৰে তেওঁলোকৰ শাসনৰ দায়িত্বসমূহক সফলতাৰে সংযুক্ত কৰিছে। এইসকল বিশেষ অতিথিয়ে হৰ ঘৰ জল যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ, মিছন ইন্দ্ৰধনূষ আদিৰ দৰে ধ্বজাবাহী চৰকাৰী আঁচনিসমূহৰ চেচুৰেচনৰ লগতে তৃণমূল পৰ্য্যায়ত উদ্ভাৱনীমূলক স্থানীয় পদক্ষেপ/ সমাধানক উৎসাহিতকৰণৰ ক্ষেত্ৰতো উল্লেখযোগ্য সাফল্য লাভ কৰিছে।

 

***

Aditi Agrawal/SB


(Release ID: 2155988)