গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত ‘অপাৰেচন সিন্দূৰ’-ৰ জৰিয়তে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক সঁহাৰি সন্দৰ্ভত বিশেষ আলোচনাত অংশগ্ৰহণ কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অপাৰেচন সিন্দূৰ’-ৰ জৰিয়তে সন্ত্ৰাসবাদীৰ শিবিৰ আৰু মাষ্টাৰমাইণ্ডক নিৰ্মূলেৰে ‘অপাৰেচন মহাদেৱ’-ত পেহেলগামত আক্ৰমণৰে জড়িত সন্ত্ৰাসবাদীক নিঃশেষ কৰিলে
সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ ‘অপাৰেচন মহাদেৱ’-ত পেহেলগামত আক্ৰমণৰে জড়িত তিনিওটা সন্ত্ৰাসবাদী—চুলেমান ওৰফে ফৈজাল জাট, হামজা আফগানী আৰু জিব্ৰান নিহত হয়
সন্ত্ৰাসবাদীক হত্যাৰ খবৰ শুনি বিৰোধী শিবিৰতো সন্তোষৰ অনুভূতি জাগিব লাগিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মুখখন ম্লান হৈ আন্ধাৰ যেনহে লাগিছে
তেতিয়া "সন্ত্রাসবাদীবোৰ যে পাকিস্তানৰ পৰা আহিছিল" তাৰ প্ৰমাণ বিচাৰিছিল, ইয়াৰ জৰিয়তে পাকিস্তানক ক্লীন চিট দিয়া হৈছিল
পাকিস্তানক ৰক্ষাৰ বাবে বিৰোধীৰ ষড়যন্ত্ৰৰ কথা ১৪০ কোটি ভাৰতীয়ই জানিছিল; বিৰোধীয়ে ইয়াৰ জবাবদিহিতাৰ পৰা হাত সাৰিব নোৱাৰে
মোদী চৰকাৰৰ দিনত আমাৰ সেনাই পাকিস্তান পাৰ হৈ বিৰোধী দলৰ শাসনকালত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ী দোষীক নিৰ্মূল কৰিছিল
মোদী চৰকাৰৰ দিনত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ডছিয়াৰ প্ৰেৰণ কৰা নহয়; বৰঞ্চ সন্ত্ৰাসবাদী আৰু সিহঁতৰ আত্মগোপনৰ স্থান
Posted On:
29 JUL 2025 5:23PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতি ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক সঁহাৰি কাৰ্য্য ‘অপাৰেচন সিন্দূৰ’ বিষয়ক এক বিশেষ আলোচনাত অংশগ্ৰহণ কৰে।
এই আলোচনাত অংশগ্ৰহণেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ধৰ্মৰ ভিত্তিত পেহেলগামত নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দি নিহতসকলৰ পৰিয়াল-বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে অপাৰেচন সিন্দূৰৰ প্রত্যুত্তৰত পাকিস্তানে ভাৰতীয় অসামৰিক লক্ষ্যত গুলীচালনা কৰাত নিহত আৰু আহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতিও গভীৰ শোক প্ৰকাশ কৰে।
কালি কাশ্মীৰৰ ডাচিগামত ভাৰতীয় সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান অপাৰেচন মহাদেৱত তিনিটা সন্ত্ৰাসবাদী চুলেমান, হামজা আফগানী (আফগান) আৰু জিব্ৰানক নিৰ্মূলকৰণৰ সম্পৰ্কে সদনক অৱগত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। তেওঁ কয় যে চুলেমান আছিল লস্কৰ-ই-তৈবাৰ (LeT) ‘এ’ কেটেগৰীৰ কমাণ্ডাৰ, যি পেহেলগাম আৰু গগাংগীৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰে জড়িত আছিল। আফগান আৰু জিব্ৰানো আছিল একেটা সংগঠনৰে ‘এ’ কেটেগৰীৰ সন্ত্ৰাসবাদী। যিয়ে বৈচৰন উপত্যকাত আমাৰ নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰিছিল আৰু কালি এই তিনিওটা সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে। গৃহমন্ত্ৰীজনে এই সফলতাৰ বাবে সদন তথা সমগ্ৰ ৰাষ্ট্ৰৰ হৈ সেনাৰ ৪ পাৰা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱানসকলক অভিনন্দন জনায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২০২৫-ৰ ২২ মে’-ৰ পৰা অপাৰেচন মহাদেৱ আৰম্ভ কৰা হৈছিল বুলি জানিবলৈ দিয়ে। পেহেলগামত আক্ৰমণ ২০২৫-ৰ ২২ এপ্ৰিলত দিনৰ ১ বজাত সংঘটিত হৈছিল আৰু তেওঁ নিজেই শ্ৰীনগৰত সেইদিনা সন্ধিয়া ৫:৩০ বজাত উপস্থিত হৈছিল। তেওঁ কয় যে ২৩ এপ্ৰিলত এখন নিৰাপত্তা সভা অনুষ্ঠিত হৈছিল, য’ত সকলো নিৰাপত্তা বাহিনী, সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষী উপস্থিত আছিল আৰু এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰে জড়িত সন্ত্ৰাসবাদীবোৰে দেশ এৰি পাকিস্তানলৈ পলায়ন কৰিব নালাগে আৰু আমি ইয়াৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু সিহঁতক দেশৰ পৰা পলাবলৈ নিদিলোঁ। তেওঁ কয় যে ২০২৫-ৰ ২২ মে’-ত মানৱ চোৰাংচোৱাৰ জৰিয়তে ডাচিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য চোৰাংচোৱা ব্যুৰ’ (IB)-এ লাভ কৰিছিল। তেওঁ কয় যে ডাচিগামত আল্ট্ৰা চিগনেল ধৰি ৰাখিবলৈ আমাৰ সংস্থাসমূহে নিৰ্মাণ কৰা ব্যৱস্থাৰ জৰিয়তে লাভ কৰা এই তথ্য নিশ্চিতকৰণৰ বাবে ২২ মে’-ৰ পৰা ২২ জুলাইলৈ আইবি আৰু সেনাই নিৰন্তৰ প্ৰচেষ্টা চলাইছিল। আমাৰ আইবি, আৰ্মী আৰু চিআৰপিএফ-ৰ বিষয়া আৰু জোৱানসকলে নিজৰ সংকেত গ্ৰহণৰ বাবে ঠাণ্ডা আৰু অধিক উচ্চতাত খোজকাঢ়ি আগবাঢ়ি গৈ থাকিল। তেওঁ কয় যে ২২ জুলাইত আমি চেন্সৰৰ জৰিয়তে সফলতা লাভ কৰিলোঁ আৰু সন্ত্ৰাসবাদীৰ উপস্থিতি নিশ্চিত হ’ল। তেওঁ কয় যে তেতিয়া ৪ পাৰাৰ নেতৃত্বত চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱানসকলে একেলগে সন্ত্ৰাসবাদীক ঘেৰাও কৰিছিল আৰু কালিৰ অভিযানত আমাৰ নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা তিনিওটা সন্ত্ৰাসবাদীকে হত্যা কৰা হৈছিল।
শ্ৰী অমিত শ্বাহে সদনত কয় যে এই তিনিওটা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া লোকসকলক ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) গ্ৰেপ্তাৰ কৰিছে। তেওঁ কয় যে এই তিনিওটা সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ লৈ আহোঁতে চাৰিজন লোকে সিহঁতক চিনাক্ত কৰি কয় যে এই তিনিওটা সন্ত্ৰাসবাদীয়ে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল। তেওঁ কয় যে ইয়াৰ পিছত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ স্থানত উদ্ধাৰ হোৱা কাৰ্টিজৰ এফএছএল-ৰ প্ৰতিবেদনৰ ভিত্তিত ডাচিগামত এই তিনিওটা সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হোৱা তিনিটা ৰাইফলৰ সৈতে মিল পৰীক্ষা কৰা হয়। তেওঁ কয় যে যোৱা নিশা এই তিনিওটা ৰাইফল বিশেষ বিমানেৰে চণ্ডীগড়লৈ লৈ যোৱা হৈছিল। তেওঁ কয় যে ইয়াৰ পিছত পেহেলগামৰ আক্ৰমণস্থলীত পোৱা অৱশিষ্ট অংশৰে মিলাই নিশ্চিত কৰা হৈছে যে এই তিনিটা ৰাইফলৰ সহায়ত আমাৰ নিৰীহ নাগৰিকসকলক পেহেলগামত হত্যা কৰা হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে অপাৰেচন সিন্দূৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰায়ীই পেহেলগামত আক্ৰমণৰে জড়িত সন্ত্ৰাসবাদীৰ পৰিকল্পনাকাৰীক শেষ কৰাৰ কাৰ্য্য সম্পন্ন কৰিছিল আৰু কালি আমাৰ সেনা তথা চিআৰপিএফেও সেই তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰিছে। তেওঁ কয় যে অপাৰেচন মহাদেৱ আমাৰ দেশৰ সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এক অতিশয় বৃহৎ যৌথ সফলতা, যাৰ বাবে দেশৰ ১৪০ কোটি জনসাধাৰণ গৌৰৱান্বিত। তেওঁ কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁ নিজেই পেহেলগামলৈ গৈ তাতেই মৃতকৰ পৰিয়াল-বৰ্গক লগ পায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অপাৰেচন সিন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদীক প্ৰেৰণ কৰাসকলক হত্যা কৰিছিল আৰু আমাৰ নিৰাপত্তা বাহিনীয়ে সেই সন্ত্ৰাসবাদীবোৰক হত্যা কৰিছে। তেওঁ কয় যে অপাৰেচন সিন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকবোৰক এনে শিক্ষা দিয়া হৈছে যে আগন্তুক দীৰ্ঘদিনলৈ কোনেও এনে কাম কৰিবলৈ সাহস নকৰে।
শ্ৰী অমিত শ্বাহে কয় যে যিদিনাই লস্কৰ আৰু ইয়াৰ সংগঠন টিআৰএফে পেহেলগামত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল, সেইদিনাই আমি সিদ্ধান্ত লৈছিলোঁ যে এনআইএ-এ এই আক্ৰমণৰ তদন্ত কৰিব। তেওঁ কয় যে সন্ত্ৰাসবাদী গোচৰৰ বৈজ্ঞানিক তদন্ত আৰু দোষীক ন্যায়ৰ ওচৰলৈ অনাৰ ক্ষেত্ৰত বিশ্বজুৰি স্বীকৃতিপ্ৰাপ্ত সংস্থা হিচাপে এনআইএ-ৰ বিশেষজ্ঞতা আছে আৰু এনআইএ-ৰ অধীনত দোষী সাব্যস্ত হোৱাৰ হাৰ ৯৬ শতাংশৰো অধিক। তেওঁ কয় যে পেহেলগামত আক্ৰমণৰ তদন্ত ততাতৈয়াকৈ এনআইএ-ৰ হাতত অৰ্পণেৰে সেনা, বিএছএফ, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যাতে এই সন্ত্ৰাসবাদীবোৰে দেশ এৰি পাকিস্তানলৈ পলায়ন কৰিব নোৱাৰে, তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছিল। তেওঁ সদনত কয় যে আক্ৰমণৰ তদন্তৰ আৰম্ভণিতে মৃতকৰ পৰিয়ালৰ সৈতে আলোচনা কৰা হৈছিল, পৰ্যটক, ফটোগ্ৰাফাৰ, কৰ্মচাৰী আৰু দোকানৰ কৰ্মচাৰীকে প্ৰমুখ্য কৰি মুঠ ১,০৫৫ জন লোকক ৩,০০০ ঘন্টাৰো অধিক সময় সোধা-পোছা কৰা হৈছিল আৰু এই সকলোবোৰ ভিডিঅ’ত ৰেকৰ্ড কৰা হৈছিল। শ্ৰী শ্বাহে জনোৱা মতে, সোধা-পোছাৰ পৰা পোৱা তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ স্কেচ্চ তৈয়াৰ কৰা হয় আৰু ২০২৫-ৰ ২২ জুনত পেহেলগামত আক্ৰমণৰ পিছদিনা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বছিৰ আৰু পাৰভেজক চিনাক্ত কৰা হয়। তেওঁ কয় যে বছিৰ আৰু পাৰভেজক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকে স্বীকাৰ কৰিছিল যে ২০২৫-ৰ ২১ এপ্ৰিলৰ নিশা ৮ বজাত তেওঁলোকৰ ওচৰলৈ তিনিটা সন্ত্ৰাসবাদী আহিছিল আৰু সিহঁতৰ হাতত একে ৪৭ আৰু এম ৯ কাৰ্বাইন আছিল। শ্ৰী শ্বাহে সদনক জনাই যে বছিৰ আৰু পাৰভেজৰ মাতৃয়েও নিহত তিনিওটা সন্ত্ৰাসবাদীকে চিনাক্ত কৰিছে আৰু এতিয়া এই কথা এফএছএলেও নিশ্চিত কৰিছে। তেওঁ কয় যে এই তিনিটায়েই পেহেলগামৰ আক্ৰমণৰে জড়িত সন্ত্ৰাসবাদী আৰু সিহঁতৰ পৰা উদ্ধাৰ হোৱা দুটা একে ৪৭ আৰু এটা এম ৯ কাৰ্বাইন এই আক্ৰমণত ব্যৱহাৰ কৰা হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে কালি দেশৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল যে এই সন্ত্ৰাসবাদীবোৰ পাকিস্তানৰ পৰা আহিছে নেকি? তেওঁ কয় যে এই তিনিটা পাকিস্তানী আছিল বুলি আমাৰ হাতত সকলো প্ৰমাণ আছে, কাৰণ তিনিওটা সন্ত্ৰাসবাদীৰ ভিতৰত দুটাৰ পৰা পাকিস্তানৰ ভোটাৰ নম্বৰ লাভ কৰা হৈছে, ৰাইফলো পোৱা গৈছে। তেওঁ কয় যে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানক ক্লিন চিট দিছে আৰু তেনে কৰি তেওঁ এই প্ৰশ্নও উত্থাপন কৰিছে যে আমি কিয় পাকিস্তানক আক্ৰমণ কৰিলোঁ? শ্ৰী শ্বাহে কয় যে সমগ্ৰ বিশ্বই, আমাৰ সাংসদসকল যি স্থানলৈকে গৈছিল, সেই স্থানতেই মানি লৈছে যে পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ পাকিস্তানে সংঘটিত কৰিছিল। তেওঁ কয় যে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে ইয়াৰ প্ৰমাণ বিচাৰিছে যদিও আজি দেশৰ ১৪০ কোটি জনসাধাৰণে তেওঁৰ পাকিস্তানক ৰক্ষাৰ ষড়যন্ত্ৰৰ বিষয়ে জানিবলৈ সক্ষম হৈছে।
শ্ৰী অমিত শ্বাহে লোকসভাক অৱগত কৰে যে ২০২৫-ৰ ২২ এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬ জন লোক নিহত হৈছিল। নিহতসকলৰ ভিতৰত ২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক আছিল। আক্ৰমণৰ পিছত তেওঁ নিজেই শ্ৰীনগৰলৈ ৰাওনা হৈছিল আৰু নিশা নিৰাপত্তা বাহিনী তথা সকলো সংস্থাৰ সৈতে বৈঠকত মিলিত হৈ আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক দেশৰ পৰা পলাবলৈ দিব নালাগে বুলি নিৰ্দেশ দিছিল। ২৩ এপ্ৰিল আৰু ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত অধ্যক্ষতা কৰি ২৩ এপ্ৰিলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা প্ৰথমটো ব্যৱস্থা আছিল সিন্ধু জল সন্ধি স্থগিত ৰখা কাৰ্য্য বুলি অৱগত কৰে। ইয়াৰ পিছত আত্তাৰীৰ জৰিয়তে অব্যাহত সংহত চেক প’ষ্টটো বন্ধ কৰি দিয়া হয়, সকলো পাকিস্তানী নাগৰিকৰ ছাৰ্ক ভিছা বাতিল কৰা হয় আৰু তেওঁলোকক পাকিস্তানলৈ ঘূৰাই পঠিওৱা হয়। পাকিস্তানী উচ্চায়ুক্তত কাম কৰা প্ৰতিৰক্ষা, সামৰিক আৰু নৌসেনাৰ উপদেষ্টাসকলক পাৰ্ছনা নন গ্ৰাটা বুলি ঘোষণা কৰা হয় আৰু তেওঁলোকৰ সংখ্যা ৫৫-ৰ পৰা ৩০-লৈ হ্ৰাস কৰা হয়। তেওঁলোকক সেনা, জম্মু-কাশ্মীৰ আৰক্ষী, চিআৰপিএফ আৰু বিএছএফে উপযুক্ত সঁহাৰি দিব।
শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সেনাই গ্ৰহণ কৰা প্ৰতিশোধমূলক ব্যৱস্থাতকৈ কোনো ব্যৱস্থা অধিক সংযত হ’ব নোৱাৰে। তেওঁ কয় যে আমাৰ সেনাই ৯ টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে আৰু ভাৰতৰ এই কাৰ্য্যত এজনো সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই। তেওঁ উল্লেখ কৰে যে “চাৰ্জিকেল ষ্ট্ৰাইক” আৰু “এয়াৰ ষ্ট্ৰাইক” উভয়তে এই আক্ৰমণ কেৱল পাক-অধিকৃত কাশ্মীৰত (POK) সংঘটিত হৈছিল। তেওঁ দৃঢ়তাৰে কয় যে পাক-অধিকৃত কাশ্মীৰ (POK) আমাৰ। তেওঁ কয় যে এইবাৰ অপাৰেচন সিন্দূৰৰ অধীনত আমি পাকিস্তানৰ ভিতৰত ১০০ কিমি অতিক্ৰমেৰে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিলোঁ। তেওঁ কয় যে পাকিস্তানৰ ভিতৰৰ সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানত ভাৰতীয় বাহিনীয়ে চলোৱা আক্ৰমণত ম’ষ্ট ৱান্টেড আৰু বিপজ্জনক সন্ত্ৰাসবাদী নিহত হৈছে। শ্ৰী শ্বাহে কয় যে বিৰোধী চৰকাৰৰ কাৰ্য্যকালত ভাৰতৰ মাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত বহু সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰিছিল আৰু এতিয়া আমাৰ সেনাই সিহঁতক এটা- এটাকৈ নিৰ্মূল কৰিছে। তেওঁ লগতে কয় যে অপাৰেচন সিন্দূৰৰ অধীনত কমেও ১২৫ টা সন্ত্ৰাসবাদীক নিধন কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে ৭ মে’-ৰ পুৱতি নিশা ১:২২ বজাত আমাৰ ডিজিএমঅ’ (সামৰিক অভিযানৰ সঞ্চালক প্ৰধান)-এ পাকিস্তানৰ ডিজিএমঅ’-ক জনাইছিল যে আমি কেৱল সন্ত্ৰাসবাদীৰ আত্মৰক্ষাৰ স্থান আৰু সিহঁতৰ মুখ্য কাৰ্য্যালয়তহে আক্ৰমণ কৰিছোঁ, যি আমাৰ আত্মৰক্ষাৰ অধিকাৰ অনুসৰি সম্পন্ন কৰা হৈছে। তেওঁ কয় যে আজি দেশত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে আৰু তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ অহাটো সম্ভৱ নহয়। শ্ৰী শ্বাহে কয় যে উৰিৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত আমি চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলোঁ; পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত আমি এয়াৰ ষ্ট্ৰাইক চলাইছিলোঁ আৰু এতিয়া পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত আমি পাকিস্তানৰ সীমান্তৰ ভিতৰত ১০০ কিমি অতিক্ৰমেৰে ৯ টা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান আৰু ১০০-ৰো অধিক সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছোঁ।
শ্ৰী অমিত শ্বাহে কয় যে আমি পাকিস্তানত অৱস্থিত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানত আক্ৰমণ কৰিলোঁ। এই কাৰ্য্যক পাকিস্তানে নিজৰ ওপৰত আক্ৰমণ হিচাপে অভিহিতকৰণেৰে সমগ্ৰ বিশ্বক ক’বলৈ আৰম্ভ কৰিলে যে সন্ত্ৰাসবাদৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই। তেওঁ কয় যে যেতিয়া পাকিস্তান সেনাৰ জ্যেষ্ঠ বিষয়াসকলে সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল, তেতিয়াই পাকিস্তান সমগ্ৰ বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। শ্ৰী শ্বাহে কয় যে ৮ মে’-ত পাকিস্তানে আমাৰ আৱাসিক এলেকা আৰু সামৰিক প্ৰতিষ্ঠানসমূহ আক্ৰমণেৰে এটা গুৰুদ্বাৰৰ ক্ষতিসাধন কৰিছিল, এটা মন্দিৰ ভাঙিছিল আৰু আমাৰ সাধাৰণ নাগৰিকৰ ক্ষতিসাধন কৰিছিল। তেওঁ কয় যে ইয়াৰ উত্তৰত পিছদিনা ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ১১ টা বিমানঘাটিৰ ক্ষতিসাধনেৰে কঠোৰ প্ৰত্যুত্তৰ জনাইছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে পাকিস্তানে আমাৰ আৱাসিক এলেকাত আক্ৰমণ কৰিছিল, কিন্তু তেতিয়াও আমি পাকিস্তানৰ আৱাসিক এলেকাত কেতিয়াও আক্ৰমণ কৰা নাছিলোঁ। তেওঁ কয় যে ভাৰতে কেৱল পাকিস্তানৰ বিমান ঘাটি আৰু বিমান প্ৰতিৰক্ষা ব্যৱস্থাক লক্ষ্য কৰি লৈছিল, যাৰ ফলত তেওঁলোকৰ আক্ৰমণ চলোৱাৰ ক্ষমতা অচল হৈ পৰিছিল। সেইবাবেই ১০ মে’-ত পাকিস্তানৰ ডিজিএমঅ’-এ ভাৰতৰ ডিজিএমঅ’-লৈ ফোন কৰিছিল। শ্ৰী শ্বাহে কয় যে বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে আমি যদি ইমান শক্তিশালী অৱস্থাত আছিলোঁ, তেন্তে যুদ্ধখন কিয় আগনাবাঢ়িল। ইয়াৰ উত্তৰত তেওঁ কয় যে যুদ্ধৰ বহু পৰিণতি থাকে আৰু সিদ্ধান্ত চিন্তাশীলভাৱে ল’ব লাগিব। তেওঁ কয় যে যদি আমি দেশৰ ইতিহাসলৈ চাওঁ, ১৯৪৮-ত কাশ্মীৰত আমাৰ বাহিনী নিৰ্ণায়ক পৰ্য্যায়ত আছিল যদিও চৰ্দাৰ পেটেলৰ আপত্তি সত্ত্বেও জৱাহৰলাল নেহৰুৱে একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ আহ্বান জনাইছিল। তেওঁ কয় যে আজি যদি পিঅ’কে (পাক অধিকৃত কাশ্মীৰ) আছে, তেন্তে সেয়া কেৱল নেহৰুৰ যুদ্ধবিৰতিৰ বাবেই উদ্ভৱ হৈছিল। তেওঁ লগতে কয় যে একেদৰে ১৯৬০-ত আমি ভৌগোলিক আৰু কৌশলগতভাৱে সিন্ধু জলসীমাত অতি শক্তিশালী অৱস্থাত আছিলোঁ, কিন্তু তেতিয়াও চৰ্দাৰ পেটেলৰ বিৰোধিতা সত্ত্বেও নেহৰুৱে সিন্ধু জল সন্ধি স্বাক্ষৰেৰে ভাৰতৰ ৮০ শতাংশ পানী পাকিস্তানক দিছিল।
শ্ৰী অমিত শ্বাহে কয় যে ১৯৬৫-ৰ যুদ্ধৰ সময়ত আমি হাজী পীৰৰ দৰে কৌশলগত স্থান দখল কৰিছিলোঁ যদিও ১৯৬৬-ত পাকিস্তানলৈ ঘূৰাই দিয়া হৈছিল। তেওঁ কয় যে ১৯৭১-ৰ যুদ্ধত আমাৰ হাতত ৯৩ হাজাৰ পাকিস্তানী যুদ্ধবন্দী আছিল আৰু পাকিস্তানৰ ১৫ হাজাৰ বৰ্গ কিমি ভূখণ্ড নিয়ন্ত্ৰণ কৰিছিলোঁ। কিন্তু তেতিয়াৰ চৰকাৰে চিমলা চুক্তিত স্বাক্ষৰেৰে পাক-অধিকৃত কাশ্মীৰ ল’বলৈ পাহৰিছিল। তেওঁ কয় যে আমি সেই সময়ত পাক-অধিকৃত কাশ্মীৰক লোৱা হ’লে বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন। শ্ৰী শ্বাহে লগতে কয় যে আমি কেৱল পাক-অধিকৃত কাশ্মীৰক লোৱাত ব্যৰ্থ হোৱাই নহয়, বৰঞ্চ ইতিমধ্যে আমাৰ নিয়ন্ত্ৰণত থকা ১৫ হাজাৰ বৰ্গ কিমি মাটিও আমি পাকিস্তানলৈ ঘূৰাই দিলোঁ।
১৯৬২-ৰ যুদ্ধত কি হৈছিল আৰু আকচাই চীনৰ ৩৮ হাজাৰ বৰ্গ কিমি চীনক কিয় দিয়া হৈছিল, সেই সন্দৰ্ভত শ্ৰী অমিত শ্বাহে বিৰোধী দলক প্ৰশ্ন কৰে। তেওঁ কয় যে সংসদত আলোচনাৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল যে তাত ঘাঁহ এডালো নগজে, গতিকে সেই ঠাইৰ কি কাম। শ্ৰী শ্বাহে লগতে কয় যে নেহৰুৱে আকাশবাণীত অসমক প্ৰায় বিদায় দিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে “জৱাহৰলাল নেহৰুৰ নিৰ্বাচিত ৰচনা” শৃংখলাৰ ২৯ নং খণ্ডৰ ২৩১ নং পৃষ্ঠাৰ কথা উল্লেখেৰে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনক ৰাষ্ট্ৰসংঘত অন্তৰ্ভুক্ত হ’বলৈ পৰামৰ্শ দিছিল যদিও নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত নহৈছিল। কিন্তু নেহৰুয়ে কৈছিল যে এয়া গ্ৰহণযোগ্য নহয় কাৰণ ইয়াৰ ফলত চীনৰ সৈতে আমাৰ সম্পৰ্ক ক্ষতিগ্ৰস্ত হ’ব আৰু চীনৰ দৰে এখন মহান দেশ বিচলিত হ’ব। শ্ৰী শ্বাহে কয় যে আজি চীন নিৰাপত্তা পৰিষদৰ সদস্য, আনহাতে ভাৰত নহয়।
শ্ৰী অমিত শ্বাহে কয় যে ৰাজীৱ গান্ধী ফাউণ্ডেচনে চীনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল যদিও এই বুজাবুজিৰ চুক্তিৰ সবিশেষ কেতিয়াও প্ৰকাশ কৰা হোৱা নাছিল। তেওঁ কয় যে যি সময়ত আমাৰ সেনা জোৱানসকলে ডোকলামত চীনা সেনাৰ সৈতে মুখামুখিকৈ যুদ্ধ কৰিছিল, সেই সময়ত বিৰোধী দলপতি শ্ৰী ৰাহুল গান্ধীয়ে চীনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আছিল। তেওঁ কয় যে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ মূল পাকিস্তান আৰু পাকিস্তানৰ বিৰোধী দলৰ “গুৰুতৰ ভুল”-ৰ বাবেই জন্ম হৈছিল। বিৰোধী দলে যদি দেশ বিভাজনক মানি নল’লেহেঁতেন, তেতিয়া পাকিস্তানৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন। বিৰোধী দলে নিজৰ শাসন কালত বিভাজনক মানি লৈ দেশখনক ভাঙি পেলাইছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০০২-ত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ চৰকাৰে সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ প’টা (POTA) আইন আনিছিল, কিন্তু ইয়াৰ বিৰোধিতা কৰিছিল বিৰোধী দলে। তেওঁ কয় যে ৰাজ্যসভাত অটল জীৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নাছিল, যাৰ বাবে এই আইনখন গৃহীত হোৱা নাছিল। পিছত উভয় সদনৰ যৌথ অধিৱেশন আহ্বান কৰা হৈছিল আৰু তেতিয়াহে প’টা আইনখন গৃহীত হৈছিল। দেশে এই কথা কেতিয়াও পাহৰিব নোৱাৰে। শ্ৰী শ্বাহে প্ৰশ্ন কৰে যে প’টা আইন বাতিলেৰে বিৰোধী দলে কাক বচাব বিচাৰিছিল? প’টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আছিল যদিও ভোট বেংকৰ ৰাজনীতিৰ বাবে প’টা বন্ধ কৰি সন্ত্ৰাসবাদীক বচাব বিচাৰিছিল বিৰোধীয়ে। তেওঁ কয় যে ২০০৪-ত বিৰোধী দলৰ চৰকাৰ আহি প’টা আইন বাতিল কৰিছিল। তেওঁ প্ৰশ্ন কৰে যে কাৰ লাভৰ বাবে বিৰোধী দলে প’টা আইন বাতিল কৰিছিল? ২০০৪-ৰ ডিচেম্বৰত প’টা আইন বাতিল কৰা হৈছিল আৰু ২০০৫-ত অযোধ্যাত ৰাম ললাৰ টেন্টত আক্ৰমণ কৰি সন্ত্ৰাসবাদী নিহত হৈছিল। ২০০৬-ত মুম্বাইৰ স্থানীয় ৰেলত সংঘটিত বোমা বিস্ফোৰণত ১৮৭ জন লোকৰ মৃত্যু হৈছিল। ২০০৬ চনতেই ডোডা-উধমপুৰত হিন্দুসকলক আক্ৰমণ কৰা হৈছিল, য'ত ৩৪ জন লোকৰ মৃত্যু হৈছিল। ২০০৭-ত হায়দৰাবাদত সংঘটিত হোৱা বিস্ফোৰণত ৪৪ জন লোকৰ মৃত্যু হৈছিল। ২০০৭-ত লক্ষ্ণৌ আৰু বাৰাণসীত ১৩ জন লোকৰ মৃত্যু হৈছিল। ২০০৮-ত ৰামপুৰস্থিত চিআৰপিএফ-ৰ শিবিৰত আক্ৰমণ হৈছিল, ২০০৮-তেই শ্ৰীনগৰত সেনাৰ কনভয়ত আক্ৰমণ কৰিছিল আৰু ১০ জন নিৰাপত্তাৰক্ষী শ্বহীদ হৈছিল। ২০০৮-ত মুম্বাইত এটা সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৪৬ জন লোকৰ মৃত্যু হৈছিল। জয়পুৰত ৮ টা বোমা বিস্ফোৰণত ৬৪ জন লোক নিহত হৈছিল। ২০০৮-ত আহমেদাবাদত ২১ টা বোমা বিস্ফোৰণ সংঘটিত হৈছিল, য’ত ৫৭ জন লোকৰ মৃত্যু হৈছিল। ২০০৮-ত দিল্লীত ৫ টা বিস্ফোৰণ সংঘটিত হৈছিল, য’ত ২২ জন লোকৰ মৃত্যু হৈছিল। পুনেৰ জাৰ্মান বেকাৰীত ১৭ জন লোকৰ মৃত্যু হৈছিল। ২০১০-ত বাৰাণসীত বিস্ফোৰণ হৈছিল, ২০১১-ত মুম্বাইত ৩ টা বিস্ফোৰণ হৈছিল, য’ত ২৭ জন লোকৰ মৃত্যু হৈছিল।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰশ্নটো হ’ল ২০০৫-ৰ পৰা ২০১১-লৈকে বিৰোধী দলৰ শাসন কালত সন্ত্ৰাসবাদীয়ে ২৭ টা জঘন্য আক্ৰমণ সংঘটিত কৰিছিল, য’ত প্ৰায় ১,০০০ লোক নিহত হৈছিল, কিন্তু তেতিয়াৰ চৰকাৰে কি কৰিছিল? তেওঁ বিৰোধী দলপতিক প্ৰত্যাহ্বান জনাই কয় যে সদনত থিয় হৈ সেই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে তেতিয়াৰ চৰকাৰে কি পদক্ষেপ লৈছিল, সেই কথা দেশবাসীক জনাওঁক। মাত্ৰ পাকিস্তানলৈ সন্ত্ৰাসবাদীৰ ফটো আৰু ডছিয়াৰ পঠিয়াই থাকিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমাৰ সময়ত যিসমূহ সন্ত্ৰাসবাদৰ ঘটনা সংঘটিত হৈছে, সেইবোৰ পাকিস্তানৰ পৃষ্ঠপোষকতাত আৰু মূলতঃ কাশ্মীৰ-কেন্দ্ৰিক আছিল। ২০১৪-ৰ পৰা ২০২৫-লৈকে দেশৰ আন কোনো ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱা নাই। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত কাশ্মীৰৰ যুৱক-যুৱতীসকলে এতিয়া সন্ত্ৰাসবাদৰ ফালে মুখ কৰা নাই যদিও পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী পঠিয়াব লগা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে ১৯৮৬-ত যেতিয়া দাউদ ইব্ৰাহিম কাস্কৰে দেশ এৰি পলায়ন কৰিছিল, তেতিয়া বিৰোধী দলৰ ক্ষমতা আছিল। ১৯৯৩-ত চৈয়দ চালাউদ্দিনে পলায়ন কৰাৰ সময়ত বিৰোধী দলটোৱেই ক্ষমতাত আছিল। ১৯৯৩-ত যেতিয়া টাইগাৰ মেমনে পলায়ন কৰিছিল, তেতিয়া বিৰোধী দলটোৱেই ক্ষমতাত আছিল। ১৯৯৩-ত যেতিয়া আনীছ ইব্ৰাহিম কাস্কৰে পলায়ন কৰিছিল, তেতিয়াও বিৰোধী চৰকাৰেই ক্ষমতাত আছিল। ২০০৭-ত যেতিয়া ৰিয়াজ ভাটকালে পলায়ন কৰিছিল, তেতিয়াও বিৰোধী দলৰ ক্ষমতা আছিল। ২০১০-ত যেতিয়া ইকবাল ভাটকালে পলায়ন কৰিছিল, তেতিয়াও বিৰোধী দলৰ ক্ষমতা আছিল। শ্ৰী শ্বাহে এই বিষয়ত বিৰোধী দলৰ নেতাই উত্তৰ দিব লাগে বুলি কয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ জনসাধাৰণ, সংসদ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধ। তেওঁ কয় যে ২০০৪-ৰ পৰা ২০১৪-ৰ ভিতৰত কাশ্মীৰত ৭,২১৭ টা সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে ২০১৫-ৰ পৰা ২০২৫-ৰ ভিতৰত ২,১৫০ টা সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল, ইয়াৰ ৭০ শতাংশ হ্ৰাস পাইছে। তেওঁ কয় যে ২০০৪-ৰ পৰা ২০১৪-ৰ ভিতৰত ১,৭৭০ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৫-ৰ পৰা ২০২৫-ৰ ভিতৰত এই সংখ্যা ৩৫৭ জন হৈছে, যি ৮০ শতাংশ হ্ৰাস। শ্ৰী শ্বাহে কয় যে ২০০৪-ৰ পৰা ২০১৪-ৰ ভিতৰত ১,০৬০ গৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৫-ৰ পৰা ২০২৫-ৰ ভিতৰত ৫৪২ গৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে। তেওঁ কয় যে আমাৰ চৰকাৰৰ দিনত সন্ত্ৰাসবাদীৰ মৃত্যুৰ সংখ্যা ১২৩ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয় যে ৩৭০ নং অনুচ্ছেদৰ বিলুপ্তিৰ ফলত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ভিত্তি ধ্বংস হৈছে। তেওঁ লগতে কয় যে ৩৭০ নং অনুচ্ছেদক সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বিৰোধী চৰকাৰসমূহে দীৰ্ঘদিন ধৰি সুৰক্ষিত কৰি ৰাখিছিল।
শ্ৰী অমিত শ্বাহে কয় যে আমাৰ চৰকাৰে শূন্য সন্ত্ৰাসবাদী পৰিকল্পনা, এলেকা প্ৰভূত্বৰ পৰিকল্পনা, বহুস্তৰীয় নিয়োগ, নিৰাপত্তা কাৰাগাৰ নিৰ্মাণ কৰিছে, ৯৮ শতাংশ বিচাৰ এতিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰা হৈছে। আমি যোগাযোগৰ সম্পদ সৃষ্টি কৰিছোঁ আৰু ৭০২ জন ফোন বিক্ৰেতাক জেলত ভৰাইছোঁ আৰু ২৬৬৬ খন চিম কাৰ্ড ব্লক কৰিছোঁ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এতিয়া যি স্থানতেই সন্ত্ৰাসবাদীক হত্যা কৰা হয়, সেই স্থানতেই তেওঁক সমাধিস্থ কৰা হয়। নৰেন্দ্ৰ মোদীৰ শাসনত কোনো সন্ত্ৰাসবাদীক মহিমামণ্ডিত কৰিবলৈ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱাৰ অনুমতি নাই। তেওঁ কয় যে আমি সন্ত্ৰাসবাদীৰ আত্মীয় আৰু সমৰ্থকক জেলত ভৰাই সিহঁতৰ পাছপ’ৰ্ট বাতিলৰ লগতে চৰকাৰী চুক্তি বাতিল কৰিছোঁ। আদালতৰ পৰা নিৰ্দেশ লাভ কৰি চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৭৫-ৰো অধিক সন্ত্ৰাসবাদী সমৰ্থকক। শ্ৰী শ্বাহে কয় যে বাৰ কাউন্সিল সন্ত্ৰাসবাদীৰ সমৰ্থকৰে ভৰি আছিল, আমি ইয়াক স্থগিত ৰাখি নতুন নিৰ্বাচন অনুষ্ঠিত কৰি বহু সংগঠন নিষিদ্ধ কৰিলোঁ। বিশেষ ইউএপিএ আদালত গঠন কৰি আমি ২০২২-ৰ মাৰ্চৰ পৰা ২০২৫-ৰ ভিতৰত ইউএপিএ-ৰ প্ৰায় ২,২৬০ টা গোচৰ পঞ্জীয়ন কৰিলোঁ। আগতে সংগঠিতভাৱে শিলগুটি নিক্ষেপ কৰা হৈছিল, এতিয়া এনে ঘটনা শূন্য হৈ পৰিছে। আগতে পাকিস্তানৰ পৰা ধৰ্মঘটৰ ঘোষণা কৰা হৈছিল আৰু কাশ্মীৰ উপত্যকা বন্ধ কৰা হৈছিল, কিন্তু এতিয়া কোনেও এনে কাম কৰিব নোৱাৰে। বিৰোধী দলৰ শাসনকালত এবছৰত ১৩২ দিন উপত্যকাটো বন্ধ হৈ আছিল যদিও যোৱা তিনি বছৰ ধৰি ধৰ্মঘটৰ সংখ্যা শূন্যলৈ হ্ৰাস পাইছে। আগতে প্ৰতি বছৰে শিলগুটি নিক্ষেপত ১০০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল, এতিয়া সাধাৰণ নাগৰিকৰ মৃত্যু আৰু আঘাতৰ সংখ্যা শূন্যলৈ হ্ৰাস পাইছে।
শ্ৰী অমিত শ্বাহে কয় যে এটা সময়ত হুৰিয়তৰ নেতাসকলে ভিআইপি চিকিৎসা গ্ৰহণ কৰিছিল, হুৰিয়তৰ লগত আলোচনা হৈছিল, হুৰিয়তৰ মানুহ আহি পোৱাৰ সময়ত ৰেড কাৰ্পেট পাৰি দিয়া হৈছিল। কিন্তু আমি হুৰিয়তৰ সকলো উপাদান নিষিদ্ধ কৰিছোঁ আৰু তেওঁলোকৰ সকলো নেতা কাৰাগাৰত আছে। আমি হুৰিয়তৰ লগত কথা পাতিব নিবিচাৰোঁ। তেওঁ কয় যে তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সদনক পুনৰ ক’ব বিচাৰে যে হুৰিয়ত সন্ত্ৰাসবাদী সংগঠনৰ এটা আউটফিট আৰু আমি তেওঁলোকৰ সৈতে কথা নাপাতোঁ, আমি উপত্যকাৰ যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিম। তেওঁ কয় যে আগতে কাশ্মীৰত নিৰ্বাচনৰ সময়ত ভয়ৰ পৰিবেশে বিৰাজ কৰিছিল, কিন্তু এতিয়া পঞ্চায়ত নিৰ্বাচনত ৯৮.৩ শতাংশ ভোটদান হৈছে। ২০১৯-ৰ পিছত আমাৰ চৰকাৰে টিআৰএফ, পিপল এন্টি ফেচিষ্ট ফ্ৰন্ট, তেহৰিক-উল-মুজাহিদিন, জামাত-উল-মুজাহিদিন, বাংলাদেশ-হিন্দুস্তান জম্মু-কাশ্মীৰ গাজনাৱী বাহিনী, খালস্তান টাইগাৰ ফৰ্চ, হিজবুল তাহৰীৰকে ধৰি আন বহুতো সন্ত্ৰাসবাদী সংগঠনক নিষিদ্ধ কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমাৰ জোৱানসকলে মাইনাছ ৪৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত পাহাৰ আৰু নদীৰ কাষত থাকি দেশখনক সুৰক্ষা প্ৰদান কৰে। যদি কোনোবাই আমাৰ ভূখণ্ডত প্ৰৱেশ কৰে, তেন্তে তেওঁ বাচি নাথাকিব, হয় আমি তেওঁক গ্ৰেপ্তাৰ কৰিম নহয় এনকাউন্টাৰত তেওঁক হত্যা কৰা হ’ব। তেওঁ কয় যে প’টাৰ বিৰোধিতা কৰাসকলে নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদী বিৰোধী নীতিক ভাল নাপাব, সন্ত্ৰাসবাদীক ৰক্ষা কৰি ভোট বেংক সৃষ্টি কৰাসকলে এই নীতি ভাল নাপাব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা নীতিৰ ফলশ্ৰুতি।
***
VV/PR/PS/HS/SB
(Release ID: 2149985)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam