শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫ চনৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ‘পিএম বিকশিত ভাৰত ৰোজগাৰ যোজনা (পিএম-ভি বি আৰ ৱাই)’

Posted On: 25 JUL 2025 1:04PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নিয়োগ সংযুক্ত উদগনি (ই এল আই) আঁচনিখন ২০২৫ চনৰ ১ আগষ্টৰ পৰা “পি এম বিকশিত ভাৰত ৰোজগাৰ যোজনা (পি এম-ভি বি আৰ ৱাই)” হিচাপে কাৰ্যকৰী হ’ব। এই নামটোৱে বিকশিত ভাৰতৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি  আঁচনিখনৰ সামগ্ৰিক লক্ষ্যক প্ৰতিফলিত কৰিছে আৰু দেশত সৰ্বাংগীন তথা বহনক্ষম কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰ বাৰ দৃঢ় কৰি তুলিছে। 

 

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই আঁচনিখনত অনুমোদন জনাইছিল। ৯৯,৪৪৬ কোটি টকা ব্যয় সাপেক্ষে  পিএমভিবিআৰৱাই আঁচনি খনে  দেশত  দুবছৰৰ ভিতৰত ৩.৫ কোটিতকৈ অধিক চাকৰি সৃষ্টিৰ বাবে উদগনি প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰে ১.৯২ কোটি হিতাধিকাৰী হ’ব কৰ্মশক্তিত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা ব্যক্তি।  ২০২৫ চনৰ ১ আগষ্টৰ পৰা ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধাসমূহ উপলব্ধ হ’ব।

 

নতুন কৰ্মসংস্থাপন সৃষ্টিৰ বাবে নিয়োগকৰ্তাসকলক উদগনি যোগাবলৈ  এই আঁচনিখন গ্ৰহণ কৰা হৈছে। আঁচনিখনৰ  লক্ষ্য হৈছে উৎপাদন খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি  বিভিন্ন খণ্ডত নতুন চাকৰিৰ সৃষ্টিৰ বাবে সুবিধা প্ৰদান কৰা। নিয়োগ-নেতৃত্বাধীন উন্নয়নৰ জৰিয়তে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ  ভাৰত চৰকাৰৰ  কৌশলৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

আঁচনিখন দুটা অংশৰে গঠিত , য’ত ক খণ্ড প্ৰথমবাৰৰ বাবে কৰ্মশক্তিত প্ৰৱেশ কৰাসকলৰ বাবে  আৰু খ অংশ নিয়োগকৰ্তাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে:

 

ক খণ্ড: প্ৰথমবাৰৰ বাবে কৰ্মশক্তিত প্ৰৱেশ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত  উদগনি :

 

ইপিএফঅ’ত প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা কৰ্মচাৰীসকলক লক্ষ্য কৰি এই অংশত ১৫ হাজাৰ টকা পৰ্যন্ত এমাহৰ ইপিএফ মজুৰি দুটা কিস্তিত প্ৰদান কৰা হ’ব। ১ লাখ টকা পৰ্যন্ত দৰমহা পোৱা  কৰ্মচাৰীয়েও এই সুবিধা লাভৰ বাবে যোগ্যতা অৰ্জন কৰিব। প্ৰথম কিস্তি  সেৱাৰ ৬ মাহৰ পিছত আৰু দ্বিতীয়  কিস্তি  সেৱাৰ ১২ মাহৰ লগতে কৰ্মচাৰীয়ে বিত্তীয় সাক্ষৰতা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত প্ৰদান কৰিব লাগিব। সঞ্চয়ৰ অভ্যাসক উৎসাহিত কৰিবলৈ উদগনিৰ এটা অংশ এটা নিৰ্দিষ্ট সময়ৰ বাবে সঞ্চয় ব্যৱস্থা বা জমা একাউণ্টত ৰখা হ’ব আৰু পৰৱৰ্তী সময়য়ত কৰ্মচাৰীয়ে সেই ধন উলিয়াব পাৰিব।

 

খ অংশ: নিয়োগকৰ্তাসকলক সহায়:

 

এই অংশটোৱে  সকলো খণ্ডতে অতিৰিক্ত নিয়োগ সৃষ্টিৰ বিষয়টোক সামৰৰি ল’ব, বিশেষভাৱে উৎপাদন খণ্ডৰ বিষয়ত অধিক  গুৰুত্ব দিয়া হ’ব। ১ লাখ টকা পৰ্যন্ত দৰমহা পোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়োগকৰ্তাসকলে উদগনি  লাভ কৰিব। চৰকাৰে নিয়োগকৰ্তাক  দুবছৰৰ বাবে  কমেও ছমাহলৈ স্থায়ী নিয়োগ লাভ কৰা  প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে উদগনি হিচাবে  প্ৰতিমাহে ৩০০০ টকা পৰ্যন্ত দিব । উৎপাদন খণ্ডৰ বাবে ৩য় আৰু ৪ৰ্থ বছৰলৈও উদগনি প্ৰদানৰ সময়সীমা  বৃদ্ধি কৰা হ’ব ।

 

ইপিএফঅ’ত পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানসমূহে কমেও ছমাহৰ বাবে স্থায়ী ভিত্তিত কমেও দুজন অতিৰিক্ত কৰ্মচাৰী (৫০ জনতকৈ কম কৰ্মচাৰী থকা নিয়োগকৰ্তাৰ বাবে) বা পাঁচজন অতিৰিক্ত কৰ্মচাৰী (৫০ জন বা তাতোকৈ অধিক কৰ্মচাৰী থকা নিয়োগকৰ্তাৰ বাবে) নিযুক্তি দিব লাগিব।

উদগনিৰ  গাঁথনি তলত দিয়া ধৰণে হ’ব:

 

 

অতিৰিক্ত কৰ্মচাৰীৰ ইপিএফ মজুৰিৰ স্লেব (টকাত)

নিয়োগকৰ্তাক লাভ (প্ৰতি মাহে অতিৰিক্ত নিয়োগৰ বাবে)

১০,০০০ টকা পৰ্যন্ত*

১০০০ টকা পৰ্যন্ত

১০ হাজাৰতকৈ অধিক আৰু ২০ হাজাৰ টকা পৰ্যন্ত

২০০০ টকা

২০,০০০ টকাতকৈ অধিক (১ লাখ টকা/প্ৰতিমাহ দৰমহালৈকে)

৩ হাজাৰ টকা

* ১০ হাজাৰ টকা পৰ্যন্ত ইপপিএফ মজুৰি পোৱা কৰ্মচাৰীসকলে  সমানুপাতিক উদগনি লাভ কৰিব।

উদগনি প্ৰদানৰ ব্যৱস্থা:

 

আঁচনি খনৰ  ক খণ্ডৰ অধীনত প্ৰথমবাৰৰ বাবে নিয়োজিত  কৰ্মচাৰীৰ বাবে  সকলো ধৰণৰ ধন আধাৰ ব্ৰিজ পেমেণ্ট ছিষ্টেম (এবিপিএছ) ব্যৱহাৰ কৰি ডিবিটি (ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ) ব্যৱস্থাৰ  জৰিয়তে কৰা হ’ব। খ খণ্ডৰ অধীনত নিয়োগকৰ্তাসকলক দিয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ পেন সংযুক্ত একাউণ্টত আদায় দিয়া  হ’ব।

*****

MG/DK/DM


(Release ID: 2148442)