ৰেল মন্ত্ৰালয়
ৰেলৱেয়ে ১ জুলাই, ২০২৫-ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ যাত্ৰীবাহী ৰেল সেৱাৰ মৌলিক ভাড়াৰ সংশোধন কৰে
সাধাৰণ শ্ৰেণীত ৫০০ কিমি পৰ্য্যন্ত বৃদ্ধি নহয়; ৫০১-ৰ পৰা ১৫০০ কিমি দূৰত্বৰ বাবে ৫ টকা আৰু ২৫০০ কিমি পৰ্য্যন্ত দূৰত্বৰ বাবে ১০ টকা তথা ২৫০১-ৰ পৰা ৩০০০ কিমি দূৰত্বৰ বাবে ১৫ টকা বৃদ্ধি
Posted On:
30 JUN 2025 6:01PM by PIB Guwahati
ভাড়াৰ গাঁথনিক সুশৃংখলিতকৰণ আৰু যাত্ৰী সেৱাৰ আৰ্থিক বহনক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ৰেল মন্ত্ৰালয়ে ০১ জুলাই, ২০২৫-ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ যাত্ৰীবাহী ৰেল সেৱাৰ মৌলিক ভাড়া যুক্তিসংগত কৰিছে। ভাৰতীয় ৰেলৱে কনফাৰেন্স এছ’চিয়েচনে (IRCA) জাৰি কৰা নতুন যাত্ৰী ভাড়া তালিকাৰ ভিত্তিত এই সংশোধিত ভাড়া নিৰ্ধাৰণ কৰা হৈছে।
ভাড়া যুক্তিসংগতকৰণৰ উল্লেখযোগ্য দিশসমূহ (১ জুলাই, ২০২৫-ৰ পৰা কাৰ্য্যকৰী হ’ব):
উপ-নগৰীয়া একক যাত্ৰাৰ ভাড়া আৰু ছিজন টিকটৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই (উপ-নগৰীয়া আৰু নন-ছাব আৰবান উভয় পথৰ বাবে)।
সাধাৰণ নন-এচি শ্ৰেণীৰ বাবে (নন-ছাব আৰবান ৰেল):
- দ্বিতীয় শ্ৰেণীঃ নিম্ন-উল্লেখিত চৰ্ত সাপেক্ষে প্ৰতি কিলোমিটাৰত আধা পইচা বৃদ্ধি পাব
- ৫০০ কিমি পৰ্য্যন্ত বৃদ্ধি নাপায়
- ৫০১-ৰ পৰা ১৫০০ কিমি দূৰত্বৰ বাবে ৫ টকা বৃদ্ধি
- ১৫০১-ৰ পৰা ২৫০০ কিমি দূৰত্বৰ বাবে ১০ টকা বৃদ্ধি
- ২৫০১-ৰ পৰা ৩০০০ কিমি দূৰত্বৰ বাবে ১৫ টকা বৃদ্ধি
- শ্লীপাৰ ক্লাছঃ প্ৰতি কিমিত ০.৫ পইচা বৃদ্ধি
- প্ৰথম শ্ৰেণীঃ প্ৰতি কিমিত ০.৫ পইচা বৃদ্ধি
মেইল/এক্সপ্ৰেছ ৰেলৰ বাবে (নন-এচি):
- দ্বিতীয় শ্ৰেণীঃ প্ৰতি কিমিত ০১ পইচা বৃদ্ধি
- শ্লীপাৰ ক্লাছঃ প্ৰতি কিমিত ০১ পইচা বৃদ্ধি
- প্ৰথম শ্ৰেণীঃ প্ৰতি কিমিত ০১ পইচা বৃদ্ধি
এচি ক্লাছৰ বাবে (মেইল/এক্সপ্ৰেছ ৰেল):
এচি চেয়াৰ কাৰ, এচি ৩-টায়াৰ/৩-ইকনমি, এচি ২-টায়াৰ আৰু এচি ফাৰ্ষ্ট/এক্সিকিউটিভ ক্লাছ/এক্সিকিউটিভ অনুভূতিঃ প্ৰতি কিমিত ০২ পইচা বৃদ্ধি
ভাড়াৰ এনে সংশোধন প্ৰিমিয়াৰ আৰু বিশেষ ৰেল সেৱা যেনেঃ ৰাজধানী, শতাব্দী, দূৰন্ত, বন্দে ভাৰত, তেজছ, হমছফৰ, অমৃত ভাৰত, মহামনা, গতিমান, অন্ত্যোদয়, জন শতাব্দী, যুৱ এক্সপ্ৰেছ, এচি ভিষ্টাডোম ডবা, অনুভূতি ডবা আৰু সাধাৰণ নন-চাব আৰবান সেৱাৰ ক্ষেত্ৰতো প্ৰযোজ্য।
অন্যান্য চাৰ্জৰ কোনো পৰিৱৰ্তন নহয়ঃ
- ৰিজাৰ্ভেচন মাচুল, ছুপাৰফাষ্ট উপকৰ আৰু আন-আন চাৰ্জ অপৰিৱৰ্তিত হৈ আছে।
- প্ৰযোজ্য নিয়ম অনুসৰি জিএছটি আৰোপ কৰা হ’ব।
- ফেয়াৰ ৰাউণ্ডিং নীতিসমূহ বৰ্তমানৰ নীতি অনুসৰি প্ৰযোজ্য হ’ব।
ৰূপায়ণ
০১-০৭-২০২৫ বা তাৰ পিছত বুকিং কৰা টিকটৰ ক্ষেত্ৰত সংশোধিত ভাড়া নিৰিখ প্ৰযোজ্য হ’ব। উক্ত তাৰিখৰ পূৰ্বে জাৰি কৰা টিকটৰ ক্ষেত্ৰত ভাড়াৰ কোনো সালসলনি নোহোৱাকৈ বৰ্তমানৰ ভাড়াই বাহাল থাকিব। সেই অনুসৰি পিআৰএছ, ইউটিএছ আৰু মেনুৱেল টিকটিং ব্যৱস্থাসমূহ আপডেট কৰা হৈছে।
ৰেল মন্ত্ৰালয়ে ভাড়াৰ সংশোধিত গাঁথনিৰ সুচাৰু ৰূপায়ণ সুনিশ্চিতকৰণৰ বাবে সকলো মাণ্ডলিক ৰেলৱেলৈ যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে। আটাইবোৰ ষ্টেচনতে ভাড়া প্ৰদৰ্শন ব্যৱস্থাক আপডেট কৰিবলৈয়ো মাণ্ডলিক ৰেলৱেক নিৰ্দেশ প্ৰদান কৰা হৈছে।
যাত্ৰীৰ ভাড়াৰ সংশোধিত তালিকা চাবলৈ Click Here-ত ক্লিক কৰক
*****
Dharmendra Tewari/ Shatrunjay Kumar/SB
(Release ID: 2141011)
Read this release in:
Bengali-TR
,
Bengali
,
Tamil
,
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Nepali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam