প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ মাছাতো কাণ্ডাৰে মিলিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 01 JUN 2025 4:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ শ্ৰী মাছাতো কাণ্ডাৰ সৈতে মিলিত হয়। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “যোৱা দশকটোত ভাৰতৰ দ্ৰুত ৰূপান্তৰে অগণন লোকক সবল কৰিছে আৰু আমি এই যাত্ৰাৰ গতি বৃদ্ধি কৰিবলৈ কাম কৰি আছোঁ।“

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

" শ্ৰী মাছাতো কাণ্ডাৰ সৈতে এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হওঁ। ইয়াত আমি বিস্তৃত বিষয়ত মত-বিনিময় কৰোঁ। যোৱা দশকটোত ভাৰতৰ দ্ৰুত ৰূপান্তৰে অগণন লোকক সবল কৰিছে আৰু আমি এই যাত্ৰাৰ গতি বৃদ্ধি কৰিবলৈ কাম কৰি আছোঁ!"

@ADBPresident

 

***

MJPS/VJ/SB


(ৰিলিজ আই ডি : 2133197) অতিথি কক্ষ : 23