অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেতবোৰ নিৰ্বাচিত বিমানবন্দৰ আৰু বিমান পথত অসামৰিক বিমান সেৱা অস্থায়ীভাৱে স্থগিত

Posted On: 10 MAY 2025 12:47AM by PIB Guwahati

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই) আৰু সংশ্লিষ্ট বিমান পৰিবহণ কৰ্তৃপক্ষই এয়াৰমেনলৈ (নোটাম) জাননী জাৰি কৰি সমগ্ৰ উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই নিৰ্দেশনা পৰিচালনা সম্পৰ্কীয় কাৰণত জাৰি কৰা হৈছে আৰু ২০২৫ চনৰ মে’ৰ পৰা ১৪ মে’লৈকে কাৰ্যকৰী হ’ব (যি ২০২৫ চনৰ ১৫ মে'ৰ ০৫২৯ ভাৰতীয় মান সময়ৰ লৈকে কাৰ্যকৰী হৈ থাকিব) এই জাননী জাৰি কৰাৰ ফলত  তলত উল্লেখ কৰা  বিমানবন্দৰসমূহৰ সেৱা  প্ৰভাৱান্বিত হৈছে:

১.আদামপুৰ

২.আম্বালা

৩.অমৃতসৰ

৪.অৱন্তীপুৰ

৫. বাথিণ্ডা

৬.ভুজ

৭.বিকানেৰ

৮.চণ্ডীগড়

৯.হালৱাৰা

১০.হিন্দন

১১.জয়ছালমেৰ

১২.জম্মু

১৩.জামনগৰ

১৪.যোধপুৰ

১৫.কান্দলা

১৬.কাংৰা (গাগ্গল)

১৭.কেশোদ

১৮.কিষানগড়

১৯. কুল্লু মানালি (ভুণ্টাৰ)

২০.লেহ

২১.লুধিয়ানা

২২.মুন্দ্ৰা

২৩. নালিয়া

২৪.পাঠানকোট

২৫.পাটিয়ালা

২৬.পোৰবন্দৰ

২৭.ৰাজকোট (হিৰাছৰ)

২৮.সৰসাৱা

২৯.ছিমলা

৩০.শ্ৰীনগৰ

৩১.থইছে

৩২.উত্তৰলাই

এই সময়ছোৱাত এই বিমানবন্দৰসমূহত অসামৰিক বিমানৰ সকলো কাৰ্যকলাপ স্থগিত ৰখা হ’ব।

 

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই দিল্লী আৰু মুম্বাই প্লাইট ইনফৰ্মেছন ৰিজন (এফআইআৰ)ৰ ভিতৰত বিমান পৰিবহণ সেৱাৰ (এটিএছ) পথৰ ২৫টা খণ্ড পৰিচালনা সম্পৰ্কীয় কাৰণত অস্থায়ীভাৱে বন্ধ কৰাৰ সময়সীমাও বৃদ্ধি কৰিছে।

 

নোটাম  G0555/25 অনুসৰি(যি G0525/25 ৰ ঠাইত জাৰি কৰা হৈছে) ২৫ টা পথ  ভূমিৰ পৰা অপৰিসীম উচ্চতালৈ  ২০২৫ চনৰ  চনৰ ১৪ মে'ৰ ২৩৫৯ সমন্বিত সাৰ্বজনীন সময় (ইউটিচি) লৈকে উপলব্ধ নহ'ব যি ২০২৫ চনৰ ১৫ মে'ৰ ০৫২৯ ভাৰতীয় মান সময়ৰ লৈকে কাৰ্যকৰী হৈ থাকিব)।

 

বিমান সংস্থা আৰু বিমান পৰিচালকসকলক বৰ্তমানৰ বিমান পৰিবহণ সম্পৰ্কীয় নিৰ্দেশনা অনুসৰি বিকল্প পথৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সুৰক্ষা নিশ্চিত কৰাৰ লগতে পৰিবহনৰ ক্ষেত্ৰত দেখা দিব পৰা ব্যাঘাত নূন্যতম কৰাৰ বাবে সংশ্লিষ্ট টি চি ইউনিটৰ সৈতে সমন্বয় ৰক্ষা কৰি এনে অস্থায়ী বন্ধৰ ব্যৱস্থাপনা কৰা হৈছে।

 

****

BeenaYadav/DM


(Release ID: 2128076)