তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ, ২০২৫-ত ভাৰত পেভিলিয়নঃ কলাৰ পৰা ক’ড-ৰ ব্যাপক সঁহাৰি লাভ
Posted On:
04 MAY 2025 5:10PM
|
Location:
PIB Guwahati
ৱেভছ, ২০২৫-ত ভাৰতৰ কাহিনী কথনৰ পৰম্পৰাত আলোকপাতেৰে দৰ্শনাৰ্থীসকলক আশ্চৰ্য্যকৰ অভিজ্ঞতা প্ৰদান কৰা ভাৰত পেভিলিয়নে ব্যাপক সমাদৰ আৰু সঁহাৰি লাভ কৰিছে। "কলাৰ পৰা ক'ডলৈ" শীৰ্ষক এই পেভিলিয়নত মিডিয়া আৰু এন্টাৰটেইনমেন্ট ক্ষেত্ৰত ভাৰতৰ বিৱৰ্তনক— যথাঃ মৌখিক আৰু দৃশ্যগত পৰম্পৰাৰ পৰা অত্যাধুনিক ডিজিটেল উদ্ভাৱনলৈকে থূপাই প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।
ভাৰত পেভিলিয়নে ভাৰতৰ মনোভাৱক উপস্থাপনেৰে ইতিমধ্যে সাধন হোৱা কাৰিকৰী অগ্ৰগতিৰ সৈতে আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়াস কৰিছে। ৱেভছ, ২০২৫-ৰ উদ্বোধনী দিনটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেভিলিয়নটো দৰ্শন কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাদনবিছ, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱকে প্ৰমুখ্য কৰি একাধিক বিশিষ্ট ব্যক্তিয়ে পেভিলিয়নটো পৰিদৰ্শনেৰে ভাৰতৰ কাহিনী কথনৰ পৰিক্ৰমাক প্ৰদৰ্শনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক শলাগ লয়। পেভিলিয়নটোলৈ ইতিমধ্যে বহু দৰ্শকৰ আগমন ঘটিছে। তেওঁলোকে ইয়াত প্ৰদৰ্শিত আমাৰ ৰাষ্ট্ৰখনৰ ভাণ্ডাৰৰ উমান পাই পুলকিত হৈ পৰে।
ভাৰতৰ ক্ৰিয়েটিভ যাত্ৰাক উদযাপনেৰে ভাৰত পেভিলিয়ন কেৱল এক কন্টেন্টৰ প্ৰদৰ্শনীয়েই নহয়, বৰঞ্চ এয়া ভাৰতৰ ক্ৰিয়েটৰ হিচাপে এক শক্তিশালী প্ৰকাশ কাৰ্য্যও। ইয়াত ভাৰতৰ সাংস্কৃতিক গভীৰতা, কলাত্মক উৎকৰ্ষতা আৰু বিশ্বজুৰি কাহিনী কথনৰ উদীয়মান আধিপত্য সন্দৰ্ভত অৱলোকন কৰা হয়। পেভিলিয়নটোক চাৰি থিমেটিক জ’নত বিভক্ত কৰা হয়, ইয়াৰ প্ৰত্যেকেই ভাৰতৰ ক্ৰিয়েটিভ লিগেচীৰ এক সুকীয় মাত্ৰাক প্ৰতিফলিত কৰেঃ
শ্ৰুতি – কথিত পৰম্পৰাঃ ভাৰতৰ প্ৰাচীন কথিত আখ্যান ঐতিহ্যক সন্মান জনাই এই জ’নে ছন্দ আৰু সুৰ কেনেকৈ সামূহিক স্মৃতিশক্তিত প্ৰভাৱ বিস্তাৰ কৰে, তাৰ অন্বেষণ কৰে।
বৈশিষ্ট্যৰাজিঃ
- গুৰু-শিষ্য পৰম্পৰাঃ কথিত জ্ঞান ব্যৱস্থাৰ প্ৰতি শ্ৰদ্ধা।
- বৈদিক গীত আৰু আধ্যাত্মিক পৰম্পৰা।
- ধ্ৰুপদী ভাৰতীয় বাদ্যযন্ত্ৰৰ প্ৰদৰ্শন।
- লোক শব্দ।
- মেকিং ৱেভছ উইথ মিউজিক।
- স্পটিফাই ষ্টেজঃ আমান আলী বাংগাছ, আয়ান আলী বাংগাছ আৰু পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ লাইভ শাস্ত্ৰীয় পৰিবেশন।
- ইণ্ডিয়া অন এয়াৰঃ আকাশবাণীৰ পৰিক্ৰমা।
- প্লে’বেক নেচনঃ ১০০ বছৰৰ বিশেষ নেপথ্য সংগীত।
- কেছেটৰ পৰা ক্লাউডলৈঃ সংগীতৰ বিন্যাসৰ বিৱৰ্তন।
- পডকাষ্ট চেন্ট্ৰেলঃ স্পকেন ৱৰ্ড অডিঅ'ৰ উত্থান।
- ভাৰতত অডিঅ’বুকৰ বিকাশ।
কৃতি – শিলালিপি আৰু লিখিত পৰম্পৰা: এই জ’নে ভাৰতৰ সভ্যতামূলক স্মৃতি সংৰক্ষণৰ ক্ষেত্ৰত লিখিত শব্দৰ ভূমিকাক উজ্জ্বল কৰি তোলে।
বৈশিষ্ট্যৰাজিঃ
- প্ৰথম চিনঃ আৰম্ভণিৰ গুহা চিত্ৰ আৰু যোগাযোগ।
- সিন্ধুৰ ছাপঃ সিন্ধু উপত্যকাৰ অভিজ্ঞতা।
- সভ্যতাৰ মাজেৰে ৰামায়ণঃ এছিয়াৰ মাজেৰে মহাকাব্যৰ যাত্ৰা।
- ভাৰতৰ শিলালেখাঃ অশোকৰ শিলালিপি।
- প্ৰজ্ঞাৰ সংৰক্ষণঃ প্ৰাচীন পুথিভঁৰালৰ পাণ্ডুলিপি।
- ধাতুৰ স্মাৰকঃ তাম্ৰলিপিৰ নথি।
- ছপাৰ শক্তিঃ ভাৰতীয় সাংবাদিকতাৰ উত্থান।
- ভাৰতীয় শ্বেল্ফঃ বিশেষ গ্ৰন্থৰ ডিজিটেল লাইব্ৰেৰী।
- ক’ভাৰ ষ্ট’ৰীঃ ভাৰতীয় আলোচনীক উদযাপন।
- দ্য কমিক্স কৰ্ণাৰঃ ক্লাছিক কমিক্সৰ পৰা গ্রাফিক নভেললৈকে।
দৃষ্টি – দৃশ্য পৰম্পৰা
ভিজুৱেল কাহিনী কথনত গুৰুত্ব আৰোপেৰে এই জ’নটো গুহা শিল্পৰ পৰা আৰম্ভ কৰি আধুনিক চিনেমালৈকে বিস্তৃত আছিল।
বৈশিষ্ট্যৰাজিঃ
- কলা যাত্ৰাঃ ভাৰতৰ দৃশ্য কলাৰ বিৱৰ্তনক প্ৰদৰ্শনেৰে এলইডি টানেল।
- দ্য ইটাৰ্নেল ৰিদমঃ হৰপ্পাৰ নৃত্যৰতা যুৱতীৰ হ’ল’গ্ৰাফিক প্ৰদৰ্শন।
- আৱেগৰ সাৰঃ নৱৰসৰ অন্বেষণ।
- নটৰাজৰ প্ৰদৰ্শনঃ মহাজাগতিক নৃত্যশিল্পী হিচাপে শিৱক ভিজুৱেল শ্ৰদ্ধাঞ্জলি।
- লোক বুৰঞ্জীঃ লোক নৃত্য, পুতলা আৰু জনজাতীয় অভিব্যক্তি।
- অতীতৰ ফ্ৰেমঃ চলচ্চিত্ৰৰ বিৱৰ্তনক প্ৰদৰ্শন।
- ৱাল অৱ ফেমঃ ভাৰতীয় চিনেমাৰ কিংবদন্তিসকলক উদযাপন।
- লাইটছ কেমেৰা লিগেচীঃ ফিল্ম ক্ৰিয়েটৰ আৰু টেকনিচিয়ানসকলক শ্ৰদ্ধা।
- দূৰদৰ্শনৰ পৰা ষ্ট্ৰিমিং যুগলৈকে প্ৰদৰ্শন।
ক্ৰিয়েটৰৰ উত্থান
এই জ’নে ভৱিষ্যৎ-মুখী কাহিনী কথনৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ উদ্ভাৱনক প্ৰদৰ্শন কৰে।
বৈশিষ্ট্যৰাজিঃ
- এআই, এক্সআৰ, গেমিং, মেটাভাৰ্ছ আৰু এনিমেচনত ভাৰতীয় অগ্ৰগতিৰাজিক প্ৰদৰ্শন।
- উদীয়মান ভাৰতীয় বৌদ্ধিক সম্পত্তিৰাজিক প্ৰদৰ্শন।
- কাহিনী কথনৰ ভৱিষ্যতক প্ৰতিফলিত কৰা ডেম’।
ৱেভছ, ২০২৫-ত ভাৰত পেভিলিয়নত ভাৰতৰ কাহিনী কথনৰ পৰম্পৰা আৰু উদ্ভাৱনক উদযাপন কৰা হয়। যিয়ে ঐতিহ্যৰে বদ্ধমূল আৰু ভৱিষ্যৎ-মুখী ক্ৰিয়েটিভ পাৱাৰহাউছ হিচাপে ভাৰতৰ পৰিচয়ক পুনৰ দৃঢ় কৰি তোলে।
আমাক অনুসৰণ কৰকঃ
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
* * *
PIB TEAM WAVES 2025 | Rajith/ LekshmiPriya/ Darshana | 176
Release ID:
(Release ID: 2126941)
| Visitor Counter:
12
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali
,
Assamese
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam