তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ এল. মুৰুগানে ৱেভছ, ২০২৫-ত ভাৰতৰ লাইভ ইভেন্টছ অৰ্থনীতিঃ কৌশলগত বিকাশ আৱশ্যকতা শীৰ্ষক শ্বেতপত্ৰ উন্মোচন কৰিব
ভাৰতে ২০৩০-ৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচ এন্টাৰটেইনমেন্ট কেন্দ্ৰৰ ভিতৰত স্থান লাভ কৰিব
লাইভ ইভেন্টছ ভাৰতৰ এমএণ্ডই খণ্ডৰ অন্যতম দ্ৰুত-বৰ্ধমান অংশ হিচাপে পৰিগণিত হ’ব
Posted On:
01 MAY 2025 1:27PM
|
Location:
PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী এল. মুৰুগানে “ভাৰতৰ লাইভ ইভেন্টছ অৰ্থনীতিঃ কৌশলগত বিকাশ আৱশ্যকতা” (India’s Live Events Economy: A Strategic Growth Imperative) শীৰ্ষক এখনি শ্বেতপত্ৰ উন্মোচন কৰিব। এয়া হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনাত ৱেভছ, ২০২৫-ৰ অন্যতম নলেজ পাৰ্টনাৰ ইভেন্টএফএকিউছ মিডিয়াই প্ৰস্তুত কৰা প্ৰথমখনি শ্বেতপত্ৰ।
মুম্বাইত অনুষ্ঠিত হৈ থকা ৱেভছ সন্মিলন, ২০২৫-ৰ সময়তে ৩ মে’ত আনুষ্ঠানিকভাৱে শ্বেতপত্ৰখন উন্মোচন কৰা হ’ব। শ্বেতপত্ৰখনত ভাৰতৰ দ্ৰুত-বৰ্ধমান লাইভ এন্টাৰটেইনমেন্ট উদ্যোগটোৰ এক বিস্তৃত বিশ্লেষণেৰে উদীয়মান ধাৰা, বিকাশৰ পৰিক্ৰমা আৰু খণ্ডটোৰ অবিৰত বিৱৰ্তনৰ বাবে কৌশলগত পৰামৰ্শৰাজিত আলোকপাত কৰা হৈছে।
ভাৰতৰ লাইভ ইভেন্ট বাতাবৰণে ৰূপান্তৰৰ মাজেৰে গতি কৰিছে— এটা খণ্ডিত খণ্ডৰ পৰা দেশৰ সাংস্কৃতিক আৰু ক্ৰিয়েটিভ অৰ্থনীতিৰ এক গাঁথনিগত আৰু প্ৰভাৱশালী স্তম্ভত পৰিণত হৈছে। ২০২৪-২০২৫ত ই এক বিশেষ ক্ষণত উপনীত হয়। আহমেদাবাদ আৰু মুম্বাইত ‘ক’ল্ডপ্লে’’-ৰ দৰে আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যসূচী অনুষ্ঠিতকৰণেৰে ভাৰতে বিশ্ব-মানৰ অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হোৱাৰ সংকেত প্ৰদান কৰে।
এই খণ্ডৰ মূল ধাৰাসমূহৰ ভিতৰত আছে ইভেন্ট টুৰিজিমৰ উত্থান। প্ৰায় ডেৰ নিযুত উপস্থিতসকলে বিশেষভাৱে লাইভ মিউজিক ইভেন্টৰ বাবে দেশখন ভ্ৰমণ কৰে— যিয়ে এক শক্তিশালী সংগীত-পৰ্যটন অৰ্থনীতিৰ উত্থানৰ ইংগিত বহন কৰে। প্ৰিমিয়াম টিকটিং ছেগমেন্টসমূহ— যথাঃ ভিআইপি অভিজ্ঞতা, কিউৰেটেড প্ৰৱেশ আৰু বিলাসী আতিথ্যৰ বছৰি ১০০%ৰো অধিক বৃদ্ধি প্ৰত্যক্ষ হয়। বহু-চহৰ ভ্ৰমণ আৰু আঞ্চলিক উৎসৱৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ ফলশ্ৰুতিত টায়াৰ-২ চহৰসমূহৰ পৰা অংশগ্ৰহণ বৃদ্ধি পাইছে।
২০২৪-ত সংগঠিত লাইভ ইভেন্টছ খণ্ডৰ ১৫% বৃদ্ধি হয়, যাৰ ফলত অতিৰিক্ত ১৩ বিলিয়ন টকাৰ ৰাজহ আহৰণেৰে ই ভাৰতৰ মিডিয়া আৰু এন্টাৰটেইনমেন্ট খণ্ডৰ অন্যতম দ্ৰুত-বৰ্ধমান অংশ হিচাপে পৰিগণিত হয়। বৰ্তমানৰ পৰিবেশত বৃহৎ-পৰিসৰৰ ইভেন্টসমূহে সাধাৰণতে প্ৰায় ২,০০০ৰ পৰা ৫,০০০ অস্থায়ী নিয়োগ সৃষ্টি কৰে, যিয়ে নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত খণ্ডটোৰ ক্ৰমবৰ্ধমান অৱদানতে আলোকপাত কৰে।
কেন্দ্ৰীভূত বিনিয়োগ, নীতিগত সমৰ্থন আৰু আন্তঃগাঁথনিগত উন্নীতকৰণৰ জৰিয়তে ভাৰতে ২০৩০ৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচ লাইভ এন্টাৰটেইনমেন্ট কেন্দ্ৰৰ অন্যতম হিচাপে নিজকে প্ৰতিষ্ঠাৰ পথত আগবাঢ়িছে, যাৰ ফলশ্ৰুতিত অৰ্থনৈতিক বিকাশ, নিয়োগ সৃষ্টি, পৰ্যটন আৰু বৰ্ধিত বিশ্ব সাংস্কৃতিক প্ৰভাৱ বিস্তাৰৰ অৰ্থে নতুন পথো মুকলি হৈছে।
* * *
PIB TEAM WAVES 2025 | Rajith/ Darshana | 121
Release ID:
(Release ID: 2125857)
| Visitor Counter:
12