কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

মেঘালয়ৰ মাওলিনখুং (শ্বিলঙৰ ওচৰত)ৰ পৰা অসমৰ পঞ্চগ্ৰাম (শিলচৰৰ ওচৰত)লৈ হাইব্ৰিড এন্যুইটি মোড (এইচ এ এম)ত ১৬৬.৮০ কিলোমিটাৰৰ (এনএইচ-৬) গ্ৰীনফিল্ড হাইস্পীড কৰিডৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন

কৰিডৰটোৰ মুঠ মূলধন ব্যয় হৈছে ২২,৮৬৪ কোটি টকা

Posted On: 30 APR 2025 4:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ২২,৮৬৪ কোটি টকাৰ মূলধনী ব্যয় সাপেক্ষে মেঘালয়ৰ মাওলিনখুং (শ্বিলংৰ ওচৰত)ৰ পৰা অসমৰ পাঞ্চগ্ৰাম (শিলচৰৰ ওচৰত) লৈ হাইব্ৰিড এন্যুইটি মোডত অসমৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিশৰীয়া গ্ৰীনফিল্ড এক্সেছ নিয়ন্ত্ৰিত ১৬৬.৮০ কিলোমিটাৰৰ উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰকল্পৰ দৈৰ্ঘ্য মেঘালয়ত ১৪৪.৮০ কিলোমিটাৰ আৰু অসমত ২২.০০ কিলোমিটাৰ।

প্ৰস্তাৱিত গ্ৰীনফিল্ড দ্ৰুত গতিৰ কৰিডৰে গুৱাহাটীৰ পৰা শিলচৰলৈ যোৱা যান-বাহনৰ বাবে সেৱাৰ স্তৰ উন্নত কৰিব। এই কৰিডৰৰ বিকাশে মূল ভূখণ্ড আৰু গুৱাহাটীৰ পৰা ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু অসমৰ বৰাক উপত্যকা অঞ্চলৰ সৈতে সংযোগ উন্নত কৰিব আৰু ভ্ৰমণৰ দূৰত্ব তথা সময় যথেষ্ট হ্ৰাস কৰিব। ইয়াৰ ফলত দেশৰ ৰচদ-পাতি সৰবৰাহৰ দক্ষতা বৃদ্ধিত অৰিহণা যোগাব।

এই কৰিডৰটোৱে অসম আৰু মেঘালয়ৰ মাজত সংযোগ উন্নত কৰিব আৰু মেঘালয়ৰ চিমেণ্ট আৰু কয়লা উৎপাদন ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ যোৱাৰ ফলত মেঘালয়ত উদ্যোগৰ উন্নয়নকে ধৰি অৰ্থনৈতিক উন্নয়নত সহায় কৰিব। এই কৰিডৰটোৱে গুৱাহাটীৰ পৰা শিলচৰলৈ সংযোগ কৰা সু-সংযুক্ত গুৱাহাটী বিমানবন্দৰ, শ্বিলং বিমানবন্দৰ, শিলচৰ বিমানবন্দৰৰ (বৰ্তমানৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে) পৰা অহা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ চাহিদা পূৰণ কৰিব। ই উত্তৰ-পূবৰ পৰ্যটকৰ আকৰ্ষণৰ মনোৰম স্থানসমূহক সংযোগ কৰিব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটাব।

এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পটোৱে মেঘালয়ৰ ৰিভই, পূব খাচী পাহাৰ, পশ্চিম জয়ন্তীয়া পাহাৰ, পূব জয়ন্তীয়া পাহাৰ আৰু অসমৰ কাছাৰ জিলাৰ মাজেৰে যোৱা গুৱাহাটী, শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃনগৰ সংযোগ উন্নত কৰিব আৰু বৰ্তমানৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁট হ্ৰাস কৰিব তথা প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতি ৰাখি পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰিব।

প্ৰকল্পৰ সংৰেখন ৰাষ্ট্ৰীয় ঘাইপথ-২৭, ৰাষ্ট্ৰীয় ঘাইপথ-১০৬, ৰাষ্ট্ৰীয় ঘাইপথ-২০৬, ৰাষ্ট্ৰীয় ঘাইপথ-৩৭কে ধৰি গুৱাহাটী, শ্বিলং, শিলচৰ, ডিয়াংপাছোহ, উম্মুলং, ফ্ৰেমাৰ, খ্লেয়াৰিয়াট, ৰাতাচেৰা, উমকিয়াং, কালাইনলৈ নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰা প্ৰধান পৰিবহণ কৰিডৰৰ সৈতে একত্ৰিত হৈছে।

সম্পূৰ্ণ হোৱাৰ পাছত, শ্বিলং-শিলচৰ কৰিডৰে গুৱাহাটী, শ্বিলং, শিলচৰ, ইম্ফল, আইজল আৰু আগৰতলাৰ মাজত সংযোগ উন্নত কৰি আঞ্চলিক অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পটোৱে চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰখাৰ লগতে আন্তঃগাঁথনি বৃদ্ধি কৰা, কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু মেঘালয়, অসম, মণিপুৰ, মিজোৰাম তথা ত্ৰিপুৰাত আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰাত অৰিহণা যোগাব।

 

বৈশিষ্ট্য

সবিশেষ

প্ৰকল্পৰ নাম

হাইব্ৰিড এনুইটি পদ্ধতিত মেঘালয়ৰ মাওলিংখুঙ (শ্বিলংৰ ওচৰত)ৰ পৰা অসমৰ পঞ্চগ্ৰাম (শিলচৰৰ ওচৰত)লৈ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬৬.৮০  কিলোমিটাৰৰ উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাপনা

কৰিডৰ

শ্বিলং-শিলচৰ (৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ)

দৈৰ্ঘ্য (কিলোমিটাৰত)

১৬৬.৮ কিলোমিটাৰ

মুঠ অসামৰিক ব্যয়

১২,০৮৭ কোটি টকা

ভূমি অধিগ্ৰহণ ব্যয়

৩,৫০৩ কোটি টকা

মুঠ মূলধনী ব্যয়

২২,৮৬৪ কোটি টকা

পদ্ধতি

হাইব্ৰিড এনুইটি পদ্ধতি (এইচ এ এম)

সংযোগিত প্ৰধান পথসমূহ

ৰাষ্ট্ৰীয় ঘাইপথ-২৭, ৰাষ্ট্ৰীয় ঘাইপথ-১০৬, ৰাষ্ট্ৰীয় ঘাইপথ-২০৬, ৰাষ্ট্ৰীয় ঘাইপথ-৩৭, ৰাজ্যিক ঘাইপথ-0৭, ৰাজ্যিক ঘাইপথ-0৮, ৰাজ্যিক ঘাইপথ-0৯, ৰাজ্যিক ঘাইপথ-৩৮

সংযোগিত অৰ্থনৈতিক/সামাজিক/পৰিবহণ কেন্দ্ৰসমূহ

বিমানবন্দৰঃ গুৱাহাটী বিমানবন্দৰ, শ্বিলং বিমানবন্দৰ, শিলচৰ বিমানবন্দৰ

সংযোগিত প্ৰধান চহৰ/নগৰসমূহ

গুৱাহাটী, শ্বিলং, শিলচৰ, ডিয়াংপাছোহ, উম্মুলং, ফ্ৰেমাৰ, খ্লেয়াৰিয়াট, ৰাতাচেৰা, উমকিয়াং, কালাইন

কৰ্মসংস্থাপন সৃষ্টিৰ সম্ভাৱনা

৭৪ লাখ মানৱ-দিন (প্ৰত্যক্ষ) আৰু ৯৩ লাখ মানৱ-দিন (পৰোক্ষ)

২০২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক গড় দৈনিক ট্ৰেফিক

 (এ. এ. ডি. টি)

যাত্ৰীবাহী গাড়ীৰ গোট (পি চি ইউ) আনুমানিক ১৯,০০০-২০,০০০

 

 

****

MJPS/BM/DD


(Release ID: 2125496) Visitor Counter : 48