প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰসংশা
পোষ্ট কৰা হৈছে:
18 APR 2025 10:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ বিশ্বব্যাপী স্বীকৃতি হিচাপে ইউনেস্ক’ৰ স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপক প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে এক্সৰ ওপৰত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।
“সমগ্ৰ বিশ্বৰ প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!
ইউনেস্ক’ৰ স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰৰ অন্তৰ্ভুক্তি আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ প্ৰতি বিশ্বব্যাপী স্বীকৃতি।
গীতা আৰু নাট্যশাস্ত্ৰই যুগ যুগ ধৰি সভ্যতাক, আৰু চেতনাক সামৰি ৰাখিছে। দুয়োখন গ্ৰন্থৰ অন্তৰ্দৃষ্টিয়ে সমগ্ৰ বিশ্বকে অনুপ্ৰাণিত কৰি আহিছে।
@UNESCO”
***
MJPS/SR
(ৰিলিজ আই ডি : 2122735)
অতিথি কক্ষ : 86
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada