তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ ভিএফএক্স শিল্পীক প্ৰস্তুত কৰিবলৈ আৰম্ভ হৈছে ডব্লিউএএফএক্স ছেমিনাৰ শৃংখলা
ডব্লিউএএফএক্স ২০২৫ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ শীৰ্ষ ভিএফএক্স প্ৰতিভা; চাৰিখন চহৰত জ’নেল ফাইনেল, মুম্বাইত ৱেভছ গ্ৰেণ্ড ফাইনেল
Posted On:
27 MAR 2025 2:10PM
|
Location:
PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এপটেক লিমিটেড আৰু এবিএআইৰ সহযোগত ডব্লিউএএফএক্স ছেমিনাৰ শৃংখলা আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে প্ৰতিষ্ঠিত ৱেভছ ভিএফএক্স প্ৰতিযোগিতা (WAFX)ৰ বাবে অংশগ্ৰহণকাৰীসকলক প্ৰস্তুত কৰি তোলাৰ লগতে অনুপ্ৰাণিত কৰা। ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বিকাশ আৰু পৰৱৰ্তী প্ৰজন্মৰ ভিএফএক্স প্ৰতিভাক উজলাই তোলাৰ বাবে চৰকাৰৰ এক পদক্ষেপ ক্ৰিয়েট ইন ইণ্ডিয়া ছিজন ১ৰ অধীনত গ্ৰহণ কৰা এই শৃংখলা বিশেষ গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে৷
ডব্লিউএএফএক্স ছেমিনাৰ শৃংখলাত উদ্যোগৰ শীৰ্ষ পেছাদাৰীসকলে উচ্চাকাংক্ষী ভিএফএক্স শিল্পীসকলক দক্ষ আৰু প্ৰয়োজনীয় কৌশলেৰে সমৃদ্ধ কৰিব। এই আলোচনা চক্ৰসমূহৰ লক্ষ্য হৈছে উদ্যোগৰ ধাৰা, উন্নত ভিএফএক্স কৌশল আৰু কেৰিয়াৰৰ সুযোগৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰা, যিয়ে অংশগ্ৰহণকাৰীসকলক ভিএফএক্স উদ্যোগৰ বিকশিত পৰিৱেশ বুজি উঠাত সহায় কৰাৰ লগতে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব।

এপটেক মুম্বাইত অনুষ্ঠিত প্ৰথমখন আলোচনা চক্ৰত প’চাৰ, লিঅ’ আৰু ভেদিয়াৰ বিষয়ত কৰা কামৰ বাবে পৰিচিত ভিএফএক্সৰ এগৰাকী প্ৰখ্যাত ছুপাৰভাইজাৰ জেটিন ঠাক্কাৰে অংশগ্ৰহণ কৰে। আন এক অধিবেশনত এমএএচিয়ে স্কেনলাইন ভিএফএক্সৰ ভিএফএক্স ছুপাৰভাইজাৰ জে মেহতাৰ উপস্থিতিত এখন ৱেবিনাৰৰ আয়োজন কৰা হয়৷ ইয়াক সমগ্ৰ ভাৰততে লাইভ ষ্ট্ৰীম কৰা হয়। ৱেবিনাৰৰ তেওঁ ভিএফএক্সৰ জগতখনৰ বিষয়ে অগতানুগতিক তথ্য প্ৰদান কৰে৷
ৱেভছ ২০২৫ ৰ বিল্ড-আপ হিচাপে ডব্লিউএএফএক্স জ'নেল ফাইনেল ২০২৫ চনৰ এপ্ৰিল মাহৰ মাজভাগত চাৰিখন ডাঙৰ চহৰ ক্ৰমে- চণ্ডীগড়, মুম্বাই, বাংগালুৰু আৰু কলকাতাত অনুষ্ঠিত হ’ব। ডব্লিউ এ এফ এক্স জ’নেল ফাইনেল হ’ব এক মঞ্চ য’ত সৰ্বভাৰতীয় অনলাইন ভি এফ এক্স প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলে সন্মানীয় জুৰীৰ সন্মুখত লাইভ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। বিজয়ীসকলে উদ্যোগৰ স্বীকৃতি, পুৰস্কাৰ আৰু আগশাৰীৰ ভিএফএক্স প্ৰতিষ্ঠানসমূহৰ সৈতে ষ্টুডিঅ’ ইন্টাৰশ্বিপৰ সুবিধা লাভ কৰিব৷ ফলত তেওঁলোকৰ উজ্বল কেৰিয়াৰৰ সম্ভাৱনা অধিক বৃদ্ধি পাব।
ডব্লিউএএফএক্স, আগন্তুক আলোচনা চক্ৰ, আৰু জ'নেল প্ৰতিযোগিতাসমূহৰ বিষয়ে অধিক জানিবলৈ চাওক: https://wafx.abai.avgc.in/
অধিক বিৱৰণ বা সংবাদ মাধ্যমৰ প্ৰশ্নৰ বাবে যোগাযোগ কৰক:Aptech Ltd; শ্ৰীনিধি আয়েৰ (কৰ্পৰেট কমিউনিকেচন); ইমেইল: srinidhi.iyer@aptech.ac.in
ৱেভছৰ বিষয়ে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান (WAVES)।
আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন প্ৰদান কৰিছে।
ৱেভছে ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।
কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওকhere
আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (অতিশীঘ্ৰে আহি আছে!)।
পিআইবি টীম ৱেভছৰ শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক
আহক, আমাৰ যাত্ৰাৰ সংগী হওঁক!ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰকnow
/ Dinesh | 80/DM
Release ID:
(Release ID: 2115979)
| Visitor Counter:
53
Read this release in:
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam