প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ট্ৰেন্সফৰ্মেচন বঁটা ২০২৫ বিজয়ী হোৱাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰশংসা কৰে

प्रविष्टि तिथि: 16 MAR 2025 1:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকক ২০২৫ চনৰ ডিজিটেল ট্ৰেন্সফৰ্মেচন বঁটা লাভ কৰাৰ বাবে শলাগ লয়। আৰ বি আইক ইয়াৰ ইন-হাউছ ডেভেলপাৰ দলে বিকশিত কৰা উদ্ভাৱনীমূলক ডিজিটেল পদক্ষেপ ক্ৰমে প্ৰৱাহ আৰু সাৰথীক স্বীকৃতি দি ব্ৰিটেইনৰ লণ্ডনৰ চেণ্ট্ৰেল বেংকিঙে ২০২৫ চনৰ ডিজিটেল ট্ৰেন্সফৰ্মেচন এৱাৰ্ডেৰে সন্মানিত কৰিছে।

এই কৃতিত্বৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে; “এটা প্ৰশংসনীয় সাফল্য, যিয়ে শাসন ব্যৱস্থাত উদ্ভাৱন আৰু দক্ষতাৰ দিশত গুৰুত্ব দিয়াটো প্ৰতিফলিত কৰে। ডিজিটেল উদ্ভাৱনে ভাৰতৰ বিত্তীয় পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি ৰাখিছে, যাৰ ফলত অগণন মানুহৰ জীৱন শক্তিশালী হৈছে।”

***

MJPS/ST/MS


(रिलीज़ आईडी: 2111706) आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , Kannada , Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil