তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ২০২৫ "ৰীল প্ৰস্তুত" প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ২০খন দেশ তথা সমগ্ৰ ভাৰতৰ ৩,৩০০ৰো অধিক প্ৰতিযোগীৰ আবেদন
ডিজিটেল ৰীলৰ পৰা গোলকীয় চুক্তিলৈকেঃ বিজয়ীসকলে লাভ কৰিব অভূতপূৰ্ব প্ৰৱেশাধিকাৰ আৰু স্বীকৃতি;
চূড়ান্ত প্ৰতিযোগীসকলে কৰিব মন্ত্ৰালয়ৰ অনুমোদনেৰে আন্তৰ্জাতিক প্ৰতিযোগিতা
ৰীলসমূহত ভাৰতৰ বৰ্তমানৰ প্ৰযুক্তিগত তথা আন্তঃগাঁথনিৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি "বিকশিত ভাৰত" আৰু "India @ 2047" ৰ বিষয়বস্তুৰ প্ৰতিফলন
দেশৰ প্ৰগতিৰ বাবে সৃষ্টিশীলতা আৰু দৃষ্টিভংগী প্ৰদৰ্শন কৰি ভাৰতৰ উদ্ভাৱন যাত্ৰা উপস্থাপন কৰক; পঞ্জীয়নৰ অন্তিম তাৰিখ ২০২৫ চনৰ ১৫ মাৰ্চ
Posted On:
05 FEB 2025 3:25PM by PIB Guwahati
বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ডব্লিউ এ ভি ই এছ) ২০২৫-ত "ৰীল প্ৰস্তুত" প্ৰতিযোগিতাই সমগ্ৰ ভাৰত তথা ২০ খন দেশৰ পৰা ৩,৩৭৯ টা পঞ্জীয়নৰ সৈতে এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।
ভাৰতত সৃষ্টি কৰক
ৱেভছ ২০২৫ৰ অধীনত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আৰম্ভ কৰা প্ৰতিযোগিতাখনৰ জৰিয়তে সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ বাবে এক আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত প্ৰভাৱৰ ওপৰত আলোকপাত কৰাৰ লগতে দেশৰ দ্ৰুতগতিত সম্প্ৰসাৰিত ডিজিটেল ক্ৰিয়েটৰ অৰ্থনীতিক প্ৰতিফলিত কৰা হৈছে। সমগ্ৰ দেশ আৰু ইয়াৰ বাহিৰৰ প্ৰতিভাসমূহৰ সবলীকৰণ কৰি ভাৰত চৰকাৰৰ "ক্ৰিয়েট ইন ইণ্ডিয়া" দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
প্ৰতিযোগিতাখনত আফগানিস্তান, আলবেনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, এণ্ডোৰা, এণ্টিগুৱা আৰু বাৰ্বুডা, বাংলাদেশ, সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ লগতে অন্যান্য দেশৰ উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ পৰিলক্ষিত হৈছে। এই বিশ্বব্যাপী প্ৰসাৰে ভাৰতৰ সৃষ্টিশীল খণ্ডৰ বৰ্ধিত প্ৰভাৱ আৰু বিশ্বজুৰি সমল সৃষ্টিকৰ্তাসকলৰ বাবে এক প্ৰধান মঞ্চ হিচাপে ৱেভছৰ আবেদনক প্ৰতিফলিত কৰে।
টাৱাঙৰ পৰা প’ৰ্ট ব্লেয়াৰলৈঃ দেশজুৰি কাহিনী বৰ্ণনা বৃদ্ধি
ঘৰুৱাভাৱে, এই প্ৰতিযোগিতাত টাৱাং (অৰুণাচল প্ৰদেশ), ডিমাপুৰ (নাগালেণ্ড), কাৰ্গিল (লাডাখ), লেহ, শ্বোপিয়ান (কাশ্মীৰ), প’ৰ্ট ব্লেয়াৰ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ), তেলিয়ামোৰা (ত্ৰিপুৰা), কাছাৰাগোড (কেৰালা) আৰু গেংটককে (ছিকিম) ধৰি সমগ্ৰ ভাৰতৰ বিভিন্ন দূৰৱৰ্তী স্থানৰ পৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। সৰু চহৰ আৰু উদীয়মান সৃষ্টিশীল কেন্দ্ৰৰ পৰা ৱেভছৰ "ৰীল প্ৰস্তুত" প্ৰতিযোগীতাৰ প্ৰতি শক্তিশালী সঁহাৰিয়ে ভাৰতৰ সমৃদ্ধ কাহিনী বৰ্ণনা পৰম্পৰা আৰু বৰ্ধিত ডিজিটেল ক্ৰিয়েটৰৰ পৰিৱেশতন্ত্ৰক প্ৰতিফলিত কৰে।
প্ৰতিযোগিতাৰ অংশ হিচাপে, ২০ বছৰৰ অধিক বয়সৰ অংশগ্ৰহণকাৰীসকলে ভাৰতৰ বৰ্তমানৰ প্ৰযুক্তিগত আৰু আন্তঃগাঁথনিৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা "বিকশিত ভাৰত", আৰু এই খণ্ডসমূহত দেশৰ ভৱিষ্যতৰ বিকাশৰ কল্পনা কৰা "ইণ্ডিয়া @2047" ৰ দৰে বিষয়বস্তু সন্দৰ্ভত ৰীল প্ৰস্তুত কৰিব লাগিব। এই বিষয়বস্তুসমূহে কাহিনীকাৰসকলক সংক্ষিপ্ত ৩০-৬০ ছেকেণ্ড দৈৰ্ঘ্যৰ ভিডিঅ’ৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীলতা আৰু দেশৰ প্ৰগতিৰ বাবে দৃষ্টিভংগী প্ৰদৰ্শন কৰি ভাৰতৰ উদ্ভাৱন যাত্ৰা উপস্থাপন কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।
ৰীল মেকিং প্ৰতিযোগিতাৰ বিজয়ীসকলে বিশেষ সুযোগ লাভ কৰিব, যাৰ ভিতৰত আছেঃ
- ২০২৫ চনত মেটাই আয়োজন কৰা অনুষ্ঠান তথা ৰীলছৰ বিশেষ ক্লাছলৈ আমন্ত্ৰণ।
- তেওঁলোকক সন্মানিত কৰিবলগীয়া ডব্লিউ এ ভি ই এছ ২০২৫ -লৈ আহ-যাহৰ সকলো ব্যয়
- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমল প্ৰস্তুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চূড়ান্ত প্ৰতিযোগীসকলক মন্ত্ৰালয়ৰ সমৰ্থন।
- বিজয়ী ৰীলসমূহ সন্মানীয় ৱেভছ হল অৱ ফেম, ৱেভছৰ চৰকাৰী ৱেবছাইট, আৰু সামাজিক মাধ্যমৰ মঞ্চসমূহত প্ৰদৰ্শন কৰা হ’ব।
'মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড'
ভাৰতৰ সৃষ্টিশীল দক্ষতাক এক নতুন আন্তৰ্জাতিক পৰিচয় প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী তথা অভিযান আৰু সংবাদ মাধ্যম, মনোৰঞ্জন তথা বিষয়বস্তু সৃষ্টিৰ ক্ষেত্ৰত ভাৰতক এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰ জৰিয়তে ৱেভছ ২০২৫-কাৰ্যসূচী অনুপ্ৰাণিত হৈছে। এই সন্মিলনে উদীয়মান প্ৰৱণতাৰ বিষয়ে আলোচনা কৰা, সহযোগিতা বৃদ্ধি কৰা, ভাৰতৰ সমৃদ্ধ সৃষ্টিশীল পৰিৱেশ তন্ত্ৰ প্ৰদৰ্শন কৰা তথা প্ৰধানমন্ত্ৰীৰ 'মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড'ৰ দৃষ্টিভংগী ৰূপায়ণ কৰিবলৈ উদ্যোগ খণ্ডৰ কৰ্ণধাৰ, অংশীদাৰ তথা উদ্ভাৱকসকলক একত্ৰিত কৰিব।
বিশ্বৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগত এক প্ৰধান কেন্দ্ৰ হিচাপে স্থিতি শক্তিশালী কৰি ভাৰতৰ প্ৰায় সকলো প্ৰান্তৰ আৰু এতিয়ালৈকে অন্য ২০খন দেশৰ অংশগ্ৰহণৰ সৈতে, ৰীল প্ৰস্তুত প্ৰতিযোগিতা ভাৰতৰ বৈচিত্ৰ্যময় আৰু গতিশীল কাহিনী বৰ্ণনাৰ দৃশ্যপটৰ সাক্ষী হিচাপে পৰিগণিত হৈছে।
For more details, visit: https://wavesindia.org/challenges-2025
*****
Dharmendra Tewari/Kshitij Singha/DD
(Release ID: 2100021)
Visitor Counter : 27
Read this release in:
Malayalam
,
Odia
,
Urdu
,
English
,
Khasi
,
Gujarati
,
Nepali
,
Hindi
,
Marathi
,
Punjabi
,
Tamil
,
Telugu
,
Kannada