ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
বিশ্বৰ দ্বিতীয় বৃহৎ মোবাইল ফোন নিৰ্মাতা হিচাপে পৰিগণিত ভাৰত ; ২০১৪ চনত এই ক্ষেত্ৰ খনত থকা ২টা গোটৰ পৰা আজি দেশজুৰি ৩০০ৰো অধিক গোট কাৰ্যক্ষম হৈ আছে: শ্ৰী অশ্বিনী বৈষ্ণৱ
আমদানিৰ পৰা নিজৰ ভৰিত থিয় দিয়ালৈ : ভাৰতত বিক্ৰী হোৱা ৯৯.২% মোবাইল ফোন এতিয়া স্থানীয়ভাৱে নিৰ্মিত, এইবোৰৰ উৎপাদন মূল্য ৪,২২,০০০ কোটি টকালৈ বৃদ্ধি পাইছে আৰু ২০২৪ চনত ৰপ্তানিৰ মূল্যই ১,২৯,০০০ কোটি টকা অতিক্ৰম কৰিছে
‘মেক ইন ইণ্ডিয়া’ই চাৰ্জাৰ, বেটাৰী পেকৰ পৰা আৰম্ভ কৰি কেমেৰা মডিউল, ডিছপ্লে মডিউল আদিলৈকে মূল ইলেক্ট্ৰ'নিকছসমূহ ঘৰুৱাভাবে উৎপাদন কৰাj যাত্ৰাক আগুৱাই নিছে
ভাৰতে অৰ্ধপৰিবাহী চিপ আৰু সংশ্লিষ্ট উপাদানৰ বিকাশৰ বিষয়ত শক্তিশালী গুৰুত্ব আৰোপ কৰি উৎপাদনৰ মূল্য শৃংখল শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে
Posted On:
04 FEB 2025 5:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ দৃষ্টিভংগীয়ে ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিছে। আৰম্ভণিৰ এটা দশকৰ ভিতৰতে মেক ইন ইণ্ডিয়া কাৰ্যসূচীয়ে কেৱল আমাৰ আত্মনিৰ্ভৰশীলতাক আগুৱাই নিয়াই নহয়, উৎপাদন বৃদ্ধি কৰাই নহয়, ই চাকৰিৰো সৃষ্টি কৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰ'নিক্স আৰু তথ্য প্ৰযুক্তি, ৰে'ল আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে বিগত দশকত ভাৰতৰ মোবাইল ফোন আৰু ইলেক্ট্ৰ'নিকছ উৎপাদন খণ্ডৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ বিষয়ত তথ্য প্ৰকাশ কৰি কৰি এনেদৰে কয়।
আমদানিৰ পৰা নিজৰ ভৰিত নিজে থিয় দিয়ালৈ : ভাৰতৰ মোবাইল ফোন নিৰ্মাণ খণ্ডৰ উত্তৰণ
ভাৰতে মোবাইল ফোন আৰু ইলেক্ট্ৰ' নিকছ সামগ্ৰী উৎপাদনত লক্ষ্যণীয় অগ্ৰগতি লাভ কৰি বিশ্বৰ দ্বিতীয় বৃহৎ মোবাইল ফোন উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ২০১৪ চনত ভাৰতত মাত্ৰ ২টা মোবাইল ফোন উৎপাদন গোট আছিল , সেয়া প্ৰসাৰিত হৈ আজি এইখণ্ড়ত দেশ খনে দ্ৰুতগতিত আগবাঢ়িছে, এতিয়া দেশত ৩০০ৰো অধিক মোবাইল ফোন উৎপাদন গোটে ৰ গৌৰৱেৰে মূৰ দাঙি উঠিছে৷ যিয়ে এই গুৰুত্বপূৰ্ণ খণ্ডটোত এক উল্লেখযোগ্য সম্প্ৰসাৰণৰ কথাই প্ৰতিফলিত কৰিছে৷
২০১৪ -১৫ চনত ভাৰতত বিক্ৰী হৈ থকা মোবাইল ফোনবোৰৰ মাত্ৰ ২৬%হে দেশত নিৰ্মাণ কৰা হৈছিল, বাকীবোৰ আমদানি কৰা হৈছিল। কিন্তু এতিয়া উল্লেখনীয় কথাটো হৈছে এয়াই যে আজি ভাৰতত বিক্ৰী হোৱা মোবাইল ফোনসমূহৰ ৯৯.২% ই ভাৰতত নিৰ্মিত। মোবাইল ফোনসমূহৰ উৎপাদন মূল্য ২০১৪ বিত্তীয় বৰ্ষত ১৮,৯০০ কোটি টকাৰ পৰা ২০২৪ বিত্তীয় বৰ্ষত ৪,২২,০০০ কোটি টকালৈ বৃদ্ধি পাইছে
ভাৰতত বছৰি ৩২৫ৰ পৰা ৩৩০ কোটিতকৈ অধিক মোবাইল ফোন নিৰ্মাণ হৈ আছে আৰু গড়ে ভাৰতত প্ৰায় এক বিলিয়ন মোবাইল ফোন ব্যৱহাৰ হৈ আছে। ভাৰতীয় মোবাইল ফোনসমূহে ঘৰুৱা বজাৰখন কাৰ্যতঃ পৰিপূৰ্ণ কৰি তুলিছে আৰু ইয়াৰ লগতে মোবাইল ফোনসমূহৰ ৰপ্তানিও পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে। ২০১৪ চনত প্ৰায় মোবাইল ফোনৰ ৰপ্তানিৰ প্ৰসংগটো একপ্ৰকাৰ অস্তিত্বহীন আছিল যদিও এতিয়া ১,২৯,০০০ কোটি টকাতকৈয়ো অধিক মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰিবলৈ ভাৰত সক্ষম হৈ উঠিছে৷
ইলেক্ট্ৰ'নিক্স উৎপাদনৰ ক্ষেত্ৰখনত চাকৰি সৃষ্টিৰ এটা দশক
এই খণ্ডৰ সম্প্ৰসাৰণে নিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ এক উল্লেখনীয় কাৰক হিচাপে পৰিগণিত হৈছে৷ যাৰ ফলত এই দশকত ইলেক্ট্ৰ'নিক্স উৎপাদনৰ ক্ষেত্ৰখনত প্ৰায় ১২ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি হৈছে। এই কৰ্মসংস্থাপনৰ সুযোগসমূহে অসংখ্য পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নীত কৰাই নহয়, দেশৰ আৰ্থ-সামাজিক অৱস্থাৰ উত্তৰণতো বিশেষভাবে অৰিহণা যোগাইছে।
ইলেক্ট্ৰ'নিক্স উৎপাদনৰ ক্ষেত্ৰখনত সফলতাৰ এই মাইলৰ খুঁটিসমূহ লাভ কৰাত ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এনে পদক্ষেপে জটিল উপাদানসমূহৰ লগতে আন উপাদান যেনে চাৰ্জাৰ, বেটাৰী পেক, সকলো ধৰণৰ মেকানিক্স, ইউএছবি কেবল আৰু লিথিয়াম আয়ন চেল, স্পীকাৰ আৰু মাইক্ৰ’ফোন, ডিছপ্লে এছেম্বলিং আৰু কেমেৰা মডিউলৰ দৰে অধিক জটিল উপাদানসমূহ ঘৰুৱাভাবে উৎপাদন কৰাত দেশক সক্ষম কৰি তুলিছে ৷
আগলৈ এই খণ্ডৰ সামগ্ৰীৰ মূল্য শৃংখলক শক্তিশালী কৰি আগবাঢ়ি যোৱাৰ বিষয়তো গুৰুত্ব দিয়া হ’ব, বিশেষকৈ উপাদান আৰু অৰ্ধপৰিবাহী উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। এনে পৰিৱৰ্তনে দেশৰ আত্মনিৰ্ভৰশীলতাক বৃদ্ধি কৰাৰ লগতে বিশ্ব ইলেক্ট্ৰ'নিকছ বজাৰত ভাৰতক আগশাৰীৰ প্ৰতিযোগী হিচাপে প্ৰতিষ্ঠা কৰাত বহুলাংশে সহায় কৰিব ৷
মূল্য শৃংখল শক্তিশালী কৰা: ভাৰতৰ ইলেক্ট্ৰ'নিকছ উৎপাদনক আগুৱাই নিয়া
শ্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে এতিয়া মূল্য শৃংখলক শক্তিশালী কৰি আগবাঢ়ি যোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে, য’ত সূক্ষ্ম উপাদান আৰু অৰ্ধপৰিবাহী উৎপাদনৰ বিষয়ত অধিক গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ জড়িয়তে ইলেক্ট্ৰ'নিক উপাদান পৰিৱেশ তন্ত্ৰৰ থলুৱা বিকাশ নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত বিশ্বজুৰি ইলেক্ট্ৰ'নিকছৰ আগশাৰীবজাৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী হৈ পৰিব ।
১৯৫০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত কেতবোৰ নিষেধাজ্ঞামূলক নীতিয়ে এই খণ্ডৰ উৎপাদনক স্তব্ধ কৰি পেলাইছিল। কিন্তু ‘মেক ইন ইণ্ডিয়া’ই মূল্য শৃংখলৰ গভীৰতালৈ গৈ প্ৰয়োজনীয় উপাদান আৰু চিপৰ উৎপাদন বৃদ্ধি কৰি পূৰ্বৰ সেই সমগ্ৰ ধাৰাটোকে ওলোটাই দিছে৷
দেশত অৰ্ধপৰিবাহীৰ নিৰ্মাণৰ ভিত্তি স্থাপন কৰাটো মেক ইন ইণ্ডিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে৷ যাক ভাৰতে ছয় দশকৰো অধিক সময় ধৰি লাভ কৰিবলৈ চেষ্টা কৰি আহিছে। ভাৰত অৰ্ধপৰিবাহী অভিযান (India Semiconductor Mission) আৰু এইক্ষেতত অনুমোদন লাভ কৰা পাঁচটা ডাঙৰ প্ৰকল্পৰ আৰম্ভণিৰ লগে লগে, মাইক্ৰনৰ পৰা আৰম্ভ কৰি টাটা ইলেক্ট্ৰ'নিক্সৰ দুটা প্ৰকল্প, চিজি পাৱাৰৰ এটা প্ৰকল্প আৰু শেষৰটো প্ৰকল্প কেনছৰ জড়িয়তে ভাৰতত অৰ্ধপৰিবাহীৰ প্ৰকৃত উৎপাদনৰ ভিত্তি প্ৰতিষ্ঠা কৰা হৈছে।
মেক ইন ইণ্ডিয়াই ভাৰতৰ নতুন অৰ্থনৈতিক যুগক গঢ় দিছে
খেলনাৰ পৰা আৰম্ভ কৰি মোবাইল ফোন, প্ৰতিৰক্ষা সঁজুলিৰ পৰা আৰম্ভ কৰি ইভি মটৰলৈকে, এই সকলোবোৰে উৎপাদন এতিয়া পুনৰ ভাৰতলৈ স্থানান্তৰিত হৈ পৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰা অংগীকাৰক মেক ইন ইণ্ডিয়া কাৰ্যসূচীয়ে বাস্তৱায়িত কৰাৰ লগতে দেশৰ আত্মনিৰ্ভৰশীলতাক আগুৱাই লৈ গৈছে৷ ফলত উৎপাদন বৃদ্ধি হৈছে আৰু নতুন নতুন চাকৰিৰ সৃষ্টি হৈছে৷ ই দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈ পৰাত যথেষ্ট অৰিহণা যোগাইছে।
(Release ID: 2099933)
Visitor Counter : 6
Read this release in:
English
,
Khasi
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali-TR
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam