প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেলজিয়ামৰ মহামহিম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰী বাৰ্ট ডি ৱেভাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
Posted On:
04 FEB 2025 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ মহামহিম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰী বাৰ্ট ডি ৱেভাৰক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত-বেলজিয়ামৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ বাবেও আত্মবিশ্বাস ব্যক্ত কৰে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী @Bart_DeWever আন্তৰিক অভিনন্দন জনাইছোঁ। মই ভাৰত-বেলজিয়ামৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আৰু গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ বাবে আশাবাদী। আগন্তুক সফল কাৰ্যকালৰ বাবে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"
***
MJPS/SR/KB
(Release ID: 2099520)
Visitor Counter : 24
Read this release in:
Malayalam
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada