বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ উল্লেখযোগ্য দিশ
Posted On:
01 FEB 2025 1:29PM by PIB Guwahati
অংশ ক
আজি সংসদত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। বাজেটৰ উল্লেখযোগ্য দিশসমূহ হ’ল-
বাজেট অনুমান ২০২৫-২৬
ঋণৰ বাহিৰে আন মুঠ লাভ আৰু মুঠ ব্যয় ক্ৰমে ৩৪.৯৬ লাখ কোটি টকা আৰু ৫০.৬৫ লাখ কোটি টকা হ"ব বুলি অনুমান কৰা হৈছে।
কৰ লাভৰ পৰিমাণ ২৮.৩৭ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।
এই বিত্তীয় ঘাটি জিডিপিৰ ৪.৪ শতাংশ বুলি অনুমান কৰা হৈছে।
মুঠ বজাৰ ঋণৰ পৰিমাণ ১৪.৮২ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।
২০২৫-২৬ বিত্তীয় বৰ্ষত নিৰ্ধাৰণ কৰা ১১.২১ লাখ কোটি (জিডিপিৰ ৩.১%)টকা কেপেক্স ব্যয় হিচাবে নিৰ্ধাৰণ কৰা হৈছে।
উন্নয়নৰ প্ৰথম ইঞ্জিন হিচাপে কৃষি
প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা - উন্নয়নমূলক কৃষি জিলা কাৰ্যসূচী
ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীয়ে কম উৎপাদনশীলতা, গড় পৰিমাণৰ তলৰ ঋণৰ পৰিমাপ থকা ১০০খন জিলা সামৰি ১.৭ কোটি কৃষকক উপকৃত কৰিব।
গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা গঢ়ি তোলা
দক্ষতা, বিনিয়োগ, প্ৰযুক্তি, আৰু গ্ৰাম্য অৰ্থনীতিক সজীৱ কৰি তোলাৰ জৰিয়তে কৃষিৰ ক্ষেত্ৰত অনূন্য নিয়োগক মোকাবিলা কৰিবলৈ ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ হ’বলগীয়া এক বিস্তৃত বহুখণ্ডীয় কাৰ্যসূচী।
প্ৰথম পৰ্যায়ত ই ১০০ খন উন্নয়নশীল কৃষি জিলাক সামৰি ল'ব।
দাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা
চৰকাৰে ৰহৰ, মাটিমাহ আৰু মছুৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৬ বছৰীয়া “মিছন ফৰ আত্মনিৰ্ভৰ ইন পালছ” পদক্ষেপ আৰম্ভ কৰিব ।
অনাগত ৪ বছৰৰ ভিতৰত কৃষকৰ পৰা এই দালি ক্ৰয় কৰিব NAFED আৰু NCCF য়ে।
শাক-পাচলি আৰু ফলৰ বাবে বিস্তৃত কাৰ্যসূচী
কৃষকৰ বাবে উৎপাদন বৃদ্ধি, দক্ষ যোগান, প্ৰক্ৰিয়াকৰণ, আৰু পাৰিতোষিক মূল্যৰ প্ৰসাৰৰ বাবে এক বিস্তৃত কাৰ্যসূচী ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ হ’ব।
বিহাৰত মখানা ব'ৰ্ড
মখানাৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, আৰু বিপণন উন্নত কৰাৰ বাবে গঠন কৰা হ’ব এখন মখানা ব’ৰ্ড।
উচ্চ উৎপাদনশীল বীজৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান
গৱেষণাৰ ক্ষেত্ৰত পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা, উচ্চ উৎপাদন থকা বীজৰ বিকাশ আৰু বংশবৃদ্ধি, আৰু ১০০ৰো অধিক বীজৰ জাতৰ বাণিজ্যিক উপলব্ধতাৰ লক্ষ্যৰে উচ্চ উৎপাদনশীল বীজৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হ’ব।
মীনপালন
চৰকাৰে মীনপালনৰ বহনক্ষম ব্যৱহাৰৰ বাবে এক কাঠামো তৈয়াৰ কৰিব৷ , আন্দামান আৰু নিকোবৰ আৰু লাক্ষা দ্বীপপুঞ্জৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এয়া গ্ৰহণ কৰা হ'ব৷ অৰ্থনৈতিক পৰিমণ্ডল আৰু সাগৰীয় এলেকাত এয়া গ্ৰহণ কৰা হ'ব৷
কপাহৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে অভিযান
৫ বছৰীয়া এই অভিযানে কপাহ খেতিৰ উৎপাদনশীলতা আৰু বহনক্ষমতাৰ যথেষ্ট উন্নতি সাধন কৰিব আৰু অতিৰিক্ত দীঘলীয়া কপাহৰ জাতসমূহক প্ৰসাৰিত কৰিব৷
কেচিচিৰ জৰিয়তে বৰ্ধিত ঋণ
কেচিচিৰ জৰিয়তে লোৱা ঋণৰ বাবে সংশোধিত সুত সাহায্য আঁচনিৰ অধীনত ঋণৰ সীমা ৩ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হ’ব।
অসমত ইউৰিয়া প্ৰকল্প
অসমৰ নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰে এটা উদ্যোগ স্থাপন কৰা হ’ব।
উন্নয়নৰ দ্বিতীয় ইঞ্জিন হিচাপে এমএছএমই
এম এছ এম ইৰ বাবে শ্ৰেণীবিভাজনৰ মাপকাঠীত পুনৰীক্ষণ
সকলো এম এছ এম ইৰ শ্ৰেণীবিভাজনৰ বাবে বিনিয়োগ আৰু টাৰ্ণঅভাৰৰ সীমা ক্ৰমে ২.৫ আৰু ২ গুণলৈ বৃদ্ধি কৰা হ’ব।
ক্ষুদ্ৰ উদ্যোগৰ বাবে ক্ৰেডিট কাৰ্ড
উদ্যম পৰ্টেলত পঞ্জীয়ন কৰা ক্ষুদ্ৰ উদ্যোগৰ বাবে ৫ লাখ টকা সীমাৰেখাৰে কাষ্টমাইজড ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে, প্ৰথম বছৰত এনে ১০ লাখ কাৰ্ড প্ৰদান কৰা হ’ব।
ষ্টাৰ্টআপৰ বাবে পুঁজি
ষ্টাৰ্টআপৰ বাবে এটা নতুন পুঁজি গঠন কৰি ১০,০০০ কোটি টকাৰ নতুন অৱদান আগবঢ়োৱা হ’ব।
প্ৰথমবাৰৰ বাবে উদ্যোগীসকলৰ বাবে আঁচনি
৫ লাখ মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰথমবাৰৰ বাবে উদ্যোগীসকলৰ বাবে অহা ৫ বছৰত ২ কোটি টকা পৰ্যন্ত টাৰ্ম-লোন প্ৰদানৰ বাবে এখন নতুন আঁচনি ঘোষণা কৰা হৈছে।
জোতা আৰু চামৰা খণ্ডৰ বাবে ফোকাচ প্ৰডাক্ট আঁচনি
ভাৰতৰ জোতা আৰু চামৰা খণ্ডৰ উৎপাদনশীলতা, গুণগত মান আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ২২ লাখ ব্যক্তিৰ কৰ্মসংস্থাপনৰ সুবিধা, ৪ লাখ কোটি টকাৰ লেনদেন আৰু ১.১ লাখ কোটিতকৈ অধিক ৰপ্তানিৰ বাবে ফ’কাচ প্ৰডাক্ট আঁচনি ঘোষণা কৰা হয়।
খেলনা খণ্ডৰ বাবে ব্যৱস্থা
ভাৰতক খেলনাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উচ্চমানৰ, অনন্য, উদ্ভাৱনীমূলক, আৰু বহনক্ষম খেলনা সৃষ্টিৰ অৰ্থে এক আঁচনি ঘোষণা কৰা হৈছে।
খাদ্য প্ৰক্ৰিয়াকৰণৰ বাবে সমৰ্থন
বিহাৰত স্থাপন হ’ব এখন ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি, উদ্যোগীকৰণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান।
উৎপাদন অভিযান - “মেক ইন ইণ্ডিয়া”ক আগুৱাই নিয়া
“মেক ইন ইণ্ডিয়া”ক আগুৱাই নিয়াৰ বাবে ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহক সামৰি লোৱা এটা ৰাষ্ট্ৰীয় উৎপাদন অভিযান ঘোষণা।
উন্নয়নৰ তৃতীয় ইঞ্জিন হিচাপে বিনিয়োগ
মানুহৰ মাজত বিনিয়োগ কৰা
সক্ষম অংগনবাড়ী আৰু পোষন ২.০
পুষ্টিৰ সমৰ্থনৰ বাবে খৰচৰ বিধিসমূহৰ উপযুক্তভাৱে বিকাশ সাধন কৰা।
অটল টিংকাৰিং লেব
অহা ৫ বছৰত চৰকাৰী বিদ্যালয়ত স্থাপন হ'ব ৫০ হাজাৰ অটল টিংকাৰিং লেব।
চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু পি এইচ চিৰ সৈতে ব্ৰডবেণ্ড সংযোগ স্থাপন কৰা হ'ব
ভাৰত নেট প্ৰকল্পৰ অধীনত গ্ৰামাঞ্চলৰ সকলো চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰা হ’ব।
ভাৰতীয় ভাষা পুস্তক আঁচনি
ভাৰতীয় ভাষা পুস্তক আঁচনিয়ে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বাবে ডিজিটেল ৰূপৰ ভাৰতীয় ভাষাৰ কিতাপ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ স্কিলিং
আমাৰ যুৱক-যুৱতীসকলক “মেক ফৰ ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” শ্লোগানক সাথক কৰি তুলিবলৈ তেওঁলোকক উৎপাদনৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰিবলৈ বিশ্বব্যাপী বিশেষজ্ঞতা আৰু অংশীদাৰিত্বৰে স্থাপন কৰা হ’ব দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ।
আই আই টিত ক্ষমতা সম্প্ৰসাৰণ
২০১৪ চনৰ পিছত ৫টা আই আই টিত সৃষ্টি হ’বলগীয়া অতিৰিক্ত আন্তঃগাঁথনিত যাতে আৰু ৬৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰা হ'ব।
শিক্ষাৰ বাবে এআইত উৎকৃষ্টতা কেন্দ্ৰ
মুঠ ৫০০ কোটি টকা ব্যয়ৰে শিক্ষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ’ব।
চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ
অহা বছৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ১০ হাজাৰ অতিৰিক্ত আসন সংযোজন কৰা হ’ব, অহা ৫ বছৰত ৭৫০০০ আসন বৃদ্ধি পাব।
সকলো জিলা চিকিৎসালয়ত ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ
চৰকাৰে অহা ৩ বছৰত সকলো জিলা চিকিৎসালয়তে ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ স্থাপন কৰিব, ২০২৫-২৬ চনত ২০০ টা চেণ্টাৰ স্থাপন কৰিব।
নগৰীয়া জীৱিকা শক্তিশালী কৰা
নগৰীয়া শ্ৰমিকসকলৰ আয়ৰ উন্নতি আৰু বহনক্ষম জীৱিকা লাভ কৰাত সহায়ক হোৱাকৈ আৰ্থ-সামাজিক উত্থানৰ বাবে এখন আঁচনি ঘোষণা কৰা হৈছে।
পি এম স্বনিধি
বেংকৰ পৰা বৰ্ধিত ঋণ, ৩০,০০০ টকাৰ সীমাৰ সৈতে ইউপিআই লিংকড ক্ৰেডিট কাৰ্ড, আৰু সামৰ্থ্য বিকাশৰ সমৰ্থনৰ দ্বাৰা আঁচনিখন পুনৰুজ্জীৱিত কৰা হ'ব।
অনলাইন প্লেটফৰ্ম কৰ্মীৰ কল্যাণৰ বাবে সামাজিক সুৰক্ষা আঁচনি
অস্থায়ী শ্ৰমিকৰ বাবে চৰকাৰে পৰিচয় পত্ৰ, ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন আৰু পি এম জন আৰোগ্য যোজনাৰ অধীনত স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিব।
অৰ্থনীতিত বিনিয়োগ কৰা
আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব
আন্তঃগাঁথনি সম্পৰ্কীয় মন্ত্ৰালয়সমূহক পিপিপি মোডত প্ৰকল্পৰ ৩ বছৰৰ ভিতৰত সংযুক্ত কৰিবলৈ ৰাজ্যসমূহেও উৎসাহিত কৰিব।
আন্তঃগাঁথনিৰ বাবে ৰাজ্যসমূহক সমৰ্থন
মূলধনী ব্যয় আৰু সংস্কাৰৰ বাবে প্ৰৰোচনাৰ বাবে ৰাজ্যসমূহক ৫০ বছৰৰ সুতমুক্ত ঋণৰ বাবে ১.৫ লাখ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছিল।
সম্পত্তি মুদ্ৰাকৰণ পৰিকল্পনা ২০২৫-৩০
ঘোষণা কৰা হৈছে নতুন প্ৰকল্পত ১০ লাখ কোটি টকাৰ মূলধন ঘূৰাই আনিবলৈ ২০২৫-৩০ চনৰ দ্বিতীয় পৰিকল্পনা কৰা হৈছে।
জল জীৱন মিছন
মুঠ ব্যয় বৃদ্ধিৰ সৈতে ২০২৮ চনলৈকে বৃদ্ধি কৰা হ’ব এই মিছন।
আৰ্বান চেলেঞ্জ ফাণ্ড
২০২৫-২৬ চনৰ বাবে প্ৰস্তাৱিত ১০,০০০ কোটি টকাৰ আবণ্টন, ‘চিটিজ এজ গ্ৰ’থ হাব’, ‘ক্ৰিয়েটিভ ৰিডেভেলপমেণ্ট অৱ চিটিজ’ আৰু ‘ৱাটাৰ এণ্ড চেনিটেচন’ৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ১ লাখ কোটি টকাৰ আৰ্বান চেলেঞ্জ ফাণ্ড ঘোষণা কৰা হৈছে।
বিকশিত ভাৰতৰ বাবে পাৰমাণৱিক শক্তি অভিযান
পাৰমাণৱিক শক্তি আইন আৰু পাৰমাণৱিক ক্ষতিৰ বাবে নাগৰিক দায়বদ্ধতা আইন সংশোধনীৰ কথা গ্ৰহণ কৰা হ’ব।
২০,০০০ কোটি টকা ব্যয়ৰে ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ (এছএমআৰ)ৰ গৱেষণা আৰু উন্নয়নৰ বাবে পাৰমাণৱিক শক্তি অভিযান স্থাপন কৰা হ'ব, ২০৩৩ চনৰ ভিতৰত ৫টা থলুৱাভাৱে বিকশিত এছএমআৰ কাৰ্যক্ষম হ'ব।
জাহাজ নিৰ্মাণ
জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আৰ্থিক সাহায্য নীতিৰ সংস্কাৰ।
আন্তঃগাঁথনি সমন্বিত মাষ্টাৰ তালিকাত (HML) এটা নিৰ্দিষ্ট আকাৰৰ ওপৰৰ বৃহৎ জাহাজসমূহ অন্তৰ্ভুক্ত কৰা হ'ব।
সামুদ্ৰিক উন্নয়ন পুঁজি
২৫,০০০ কোটি টকাৰ পুঁজিৰ সৈতে এটা সামুদ্ৰিক উন্নয়ন পুঁজি গঠন কৰা হ’ব, য’ত চৰকাৰৰ ৪৯ শতাংশ পৰ্যন্ত অৱদান, আৰু বাকীখিনি বন্দৰ আৰু ব্যক্তিগত খণ্ডৰ পৰা আহিব ।
উড়ান- আঞ্চলিক সংযোগ আঁচনি
সংশোধিত ইউডিএন আঁচনিয়ে ১২০টা নতুন গন্তব্যস্থানলৈ আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে অহা ১০ বছৰত ৪ কোটি যাত্ৰী কঢ়িয়াই নিয়াৰ কথা ঘোষণা কৰে।
লগতে পাহাৰীয়া, আকাংক্ষিত আৰু উত্তৰ-পূব অঞ্চলৰ জিলাসমূহৰ হেলিপেড আৰু সৰু সৰু বিমানবন্দৰসমূহক সহায় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিহাৰৰ গ্ৰীণফিল্ড বিমানবন্দৰ
বিহাৰত গ্ৰীণফিল্ড বিমানবন্দৰ ঘোষণা, ইয়াৰ উপৰি পাটনা বিমানবন্দৰৰ ক্ষমতা সম্প্ৰসাৰণ আৰু বিহতাত ব্ৰাউনফিল্ড বিমানবন্দৰ স্থাপন কৰা হ'ব।
মিথিলাঞ্চলৰ পশ্চিম কোশী খাল প্ৰকল্প
বিহাৰৰ পশ্চিম কোশী খাল ই আৰ এম প্ৰকল্পৰ বাবে আৰ্থিক সহায়।
খনি খণ্ডৰ সংস্কাৰ
টেইলিঙৰ পৰা অতি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ উদ্ঘাটনৰ বাবে সুনিৰ্দিষ্ট নীতি গ্ৰহণ কৰা হ'ব।
SWAMIH পুঁজি ২
চৰকাৰ, বেংক আৰু ব্যক্তিগত বিনিয়োগকাৰীৰ অৱদানৰ সৈতে আৰু ১ লাখ বাসগৃহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে ১৫,০০০ কোটি টকাৰ পুঁজি ঘোষণা কৰা হৈছে।
নিয়োগ-নেতৃত্বাধীন বৃদ্ধিৰ বাবে পৰ্যটন
প্ৰত্যাহ্বান গ্ৰহণৰ মনোভাবেৰে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে উন্নয়ন কৰা হ’ব দেশৰ শীৰ্ষ ৫০টা পৰ্যটনস্থলী।
উদ্ভাৱনত বিনিয়োগ কৰা
গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন
জুলাইৰ বাজেটত ঘোষণা কৰা ব্যক্তিগত খণ্ডৰ পৰিচালিত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনৰ পদক্ষেপ ৰূপায়ণৰ বাবে ২০,০০০ কোটি টকা আবণ্টন দিয়া হ’ব।
ডিপ টেক ফাণ্ড অৱ ফাণ্ড
পৰৱৰ্তী প্ৰজন্মৰ ষ্টাৰ্টআপসমূহক অনুঘটক হিচাপে কাম কৰিবলৈ অন্বেষণ কৰা হ’ব ডিপ টেক ফাণ্ড অৱ ফাণ্ড।
পি এম ৰিচাৰ্চ ফেল’শ্বিপ
বৰ্ধিত আৰ্থিক সহায়ৰ সৈতে আই আই টি আৰু আই আই এছ চিত প্ৰযুক্তিগত গৱেষণাৰ বাবে ১০,০০০ ফেল’শ্বিপ।
শস্যৰ বাবে জিন বেংক জাৰ্মপ্লাজম
ভৱিষ্যতে খাদ্য আৰু পুষ্টিৰ সুৰক্ষাৰ বাবে ১০ লাখ জাৰ্মপ্লাজমৰ সৈতে দ্বিতীয় জিন বেংক স্থাপন কৰা হ’ব।
ৰাষ্ট্ৰীয় ভূ-স্থানীয় অভিযান
এটা ৰাষ্ট্ৰীয় ভূ-স্থানীয় অভিযানে মৌলিক ভূ-স্থানীয় আন্তঃগাঁথনি আৰু তথ্য বিকশিত কৰাৰ কথা ঘোষণা কৰে।
জ্ঞান ভাৰতম মিছন
শৈক্ষিক প্ৰতিষ্ঠান, সংগ্ৰহালয়, পুথিভঁৰাল আৰু ব্যক্তিগত সংগ্ৰাহকৰ সৈতে মিলি আমাৰ পাণ্ডুলিপি ঐতিহ্যৰ জৰীপ, নথিপত্ৰ আৰু সংৰক্ষণৰ বাবে এটা জ্ঞান ভাৰতম অভিযান ঘোষণা কৰা হৈছে।
উন্নয়নৰ চতুৰ্থ ইঞ্জিন হিচাপে ৰপ্তানি
ৰপ্তানি প্ৰসাৰ অভিযান
বাণিজ্য, এমএছএমই, আৰু বিত্ত মন্ত্ৰালয়সমূহে যৌথভাৱে পৰিচালিত এটা ৰপ্তানি প্ৰসাৰ অভিযান, খণ্ডগত আৰু মন্ত্ৰীগত লক্ষ্যৰে, স্থাপন কৰা হ’ব।
ভাৰত ট্ৰেড নেট
আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ‘ভাৰত ট্ৰেড নেট’ (বিটিএন) বাণিজ্যৰ নথিপত্ৰ আৰু বিত্তীয় সমাধানৰ বাবে এক ঐক্যবদ্ধ মঞ্চ হিচাপে স্থাপন কৰা হ’ব।
জিচিচিৰ বাবে ৰাষ্ট্ৰীয় কাঠামো
উদীয়মান টায়াৰ ২ চহৰসমূহত গ্ল’বেল কেপেবিলিটি চেণ্টাৰসমূহক প্ৰসাৰিত কৰাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশনা হিচাপে প্ৰণয়ন কৰিবলগীয়া এটা ৰাষ্ট্ৰীয় কাঠামো।
ইন্ধন হিচাপে সংস্কাৰ: বিত্তীয় খণ্ডৰ সংস্কাৰ আৰু উন্নয়ন
বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ
বীমা খণ্ডত যিবোৰ কোম্পানীয়ে সমগ্ৰ প্ৰিমিয়াম ভাৰতত বিনিয়োগ কৰে তেনে কোম্পানীৰ বাবে এফ ডি আইৰ সীমা ৭৪ৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব৷
NaBFID দ্বাৰা ঋণ বৃদ্ধিৰ সুবিধা
আন্তঃগাঁথনিৰ বাবে কৰ্পৰেট বণ্ডৰ বাবে ‘আংশিক ঋণ বৃদ্ধিৰ সুবিধা’ স্থাপন কৰিবলৈ NaBFIDয়ে সহায় কৰিব।
গ্ৰামীণ ক্ৰেডিট স্ক'ৰ
ৰাজহুৱা খণ্ডৰ বেংকসমূহে আত্মসহায়ক গোটৰ সদস্য আৰু গ্ৰাম্য অঞ্চলৰ লোকসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ‘গ্ৰামীণ ক্ৰেডিট স্ক’ৰ’ কাঠামো প্ৰস্তুত কৰিব।
পেঞ্চন খণ্ড
নিয়ন্ত্ৰণমূলক সমন্বয় আৰু পেঞ্চন সামগ্ৰীৰ বিকাশৰ বাবে এখন মঞ্চ স্থাপন কৰা হ’ব।
নিয়ন্ত্ৰণ সংস্কাৰৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি
সকলো অবিত্তীয় খণ্ডৰ নিয়ম, প্ৰমাণপত্ৰ, অনুজ্ঞাপত্ৰ আৰু অনুমতিৰ পৰ্যালোচনাৰ বাবে নিয়ন্ত্ৰণসম্পৰ্কীয় সংস্কাৰৰ অৰ্থে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ’ব।
ৰাজ্যসমূহৰ বিনিয়োগ সম্পৰ্কীয় বন্ধুত্বপূৰ্ণ সূচকাংক
প্ৰতিযোগিতামূলক সমবায় ফেডাৰেলিজমৰ মনোভাৱক আগুৱাই নিয়াৰ বাবে ২০২৫ চনত আৰম্ভ হ’বলগীয়া ৰাজ্যসমূহৰ বিনিয়োগ সম্পৰ্কীয় বন্ধুত্বপূৰ্ণ সূচকাংক ঘোষণা কৰা হৈছে।
জন বিশ্বাস বিধেয়ক ২.০
বিভিন্ন আইনৰ ১০০ৰো অধিক বিধানক অপৰাধমুক্ত কৰাৰ বাবে জন বিশ্বাস বিধেয়ক ২.০ গ্ৰহণ কৰাৰ প্ৰস্তাৱ।
অংশ খ
প্ৰত্যক্ষ কৰ
নতুন শাসন ব্যৱস্থাৰ অধীনত ১২ লাখ টকাৰ আয়লৈকে (অৰ্থাৎ বিশেষ হাৰৰ আয় যেনে মূলধনী লাভৰ বাহিৰে প্ৰতিমাহে গড় আয় ১ লাখ টকা) কোনো ব্যক্তিগত আয়কৰ প্ৰদান কৰিব নালাগে।
এই সীমা দৰমহাপ্ৰাপ্ত কৰদাতাৰ বাবে ১২.৭৫ লাখ টকা হ’ব, ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত এই সীমা বৃদ্ধি কৰা হৈছে।
নতুন গাঁথনিটোৱে মধ্যবিত্ত শ্ৰেণীৰ কৰ যথেষ্ট হ্ৰাস কৰিব আৰু তেওঁলোকৰ হাতত অধিক ধন থকাৰ সুবিধা দিব, যাৰ ফলত পৰিয়ালৰসামগ্ৰীৰ ব্যৱহাৰ, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পাব।
নতুন আয়কৰ বিধেয়কখনৰ ভাষ্য স্পষ্ট আৰু প্ৰত্যক্ষ হ’ব লাগে যাতে কৰদাতা আৰু কৰ প্ৰশাসনৰ লোকসকলে ইয়াক সহজে বুজিব পৰা যায়, যাৰ ফলত কৰ নিশ্চয়তা আৰু গোচৰৰ সংখ্যা হ্ৰাস পায়।
প্ৰত্যক্ষ কৰত প্ৰায় ১ লাখ কোটি টকাৰ ৰাজহ ত্যাগ কৰা হ’ব।
সংশোধিত কৰ হাৰৰ গাঁথনি
নতুন কৰ ব্যৱস্থাত সংশোধিত কৰ হাৰৰ গাঁথনি তলত দিয়া ধৰণে থিয় দিব।
অসুবিধাসমূহ লাঘৱ কৰাৰ বাবে টিডিএছ/টিচিএছ যুক্তিসংগতকৰণ
টিডিএছ কৰ্তন কৰা হাৰ আৰু সীমাৰ সংখ্যা হ্ৰাস কৰি উৎসত কৰ কৰ্তন (টিডিএছ)ৰ যুক্তিসংগতকৰণ কৰা হৈছে।
জ্যেষ্ঠ নাগৰিকৰ সুতৰ ওপৰত কৰ কৰ্তনৰ সীমা বৰ্তমানৰ ৫০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ দুগুণ বৃদ্ধি পালে।
ভাড়াত টিডিএছৰ বাৰ্ষিক সীমা ২.৪০ লাখ টকা বৃদ্ধি পাই ৬ লাখ টকালৈ।
আৰ বি আইৰ লিবাৰলাইজড ৰেমিটেন্স আঁচনিৰ অধীনত ৰেমিটেন্সৰ ওপৰত উৎসত কৰ সংগ্ৰহৰ থ্ৰেছহ’ল্ড ৭ লাখৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি পাইছে।
উচ্চ টিডিএছ কৰ্তনৰ বিধান কেৱল পান নথকাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
বিবৃতি দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখলৈকে টিচিএছৰ ধন পৰিশোধ কৰাত পলম হোৱাৰ ঘটনাক অপৰাধমুক্তকৰণ।
অনুপালনৰ বোজা হ্ৰাস কৰা
ক্ষুদ্ৰ দাতব্য ট্ৰাষ্ট/প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়নৰ সময়সীমা ৫ বছৰৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰি অনুপালনৰ বোজা হ্ৰাস কৰা।
স্ব-দখল সম্পত্তিৰ বাৰ্ষিক মূল্য শূন্য বুলি দাবী কৰাৰ সুবিধা কোনো চৰ্ত নোহোৱাকৈ এনে দুটা স্ব-দখল সম্পত্তিৰ বাবে বৃদ্ধি কৰা হ’ব।
ব্যৱসায়ত সহজতা
তিনি বছৰৰ ব্লক পিৰিয়ডৰ বাবে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ আৰ্মছ লেংথ মূল্য নিৰ্ধাৰণৰ বাবে আঁচনি প্ৰৱৰ্তন।
গোচৰৰ সংখ্যা হ্ৰাস আৰু আন্তঃৰাষ্ট্ৰীয় কৰত নিশ্চয়তা প্ৰদান কৰিবলৈ নিৰাপদ বন্দৰৰ নিয়মৰ পৰিসৰ সম্প্ৰসাৰণ।
২০২৪ চনৰ ২৯ আগষ্ট বা তাৰ পিছত ব্যক্তিয়ে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা।
সাধাৰণ এন পি এছ একাউণ্টৰ দৰেই এন পি এছ বাৎসল্য একাউণ্টকো সম দৃষ্টিৰে চোৱা আৰু সম ব্যৱহাৰ কৰা৷
নিয়োগ আৰু বিনিয়োগ
ইলেক্ট্ৰ'নিকছ উৎপাদন আঁচনিৰ বাবে কৰ নিশ্চয়তা
ইলেক্ট্ৰ'নিকছ উৎপাদনৰ সুবিধা স্থাপন বা পৰিচালনা কৰা দেশীয় কোম্পানীক সেৱা প্ৰদান কৰা অনাবাসী (Non resident) কোম্পানীৰ অনুমানিক কৰৰ ব্যৱস্থা কৰা।
নিৰ্দিষ্ট ইলেক্ট্ৰ'নিকছ উৎপাদন ইউনিটসমূহলৈ যোগানৰ বাবে উপাদানসমূহ সংৰক্ষণ কৰা অনাবাসী সকলৰ বাবে কৰ নিশ্চয়তাৰ বাবে এটা নিৰাপদ ব্যৱস্থাৰ প্ৰৱৰ্তন।
আভ্যন্তৰীণ জাহাজৰ বাবে কৰ আঁচনি
দেশত আভ্যন্তৰীণ জল পৰিবহণৰ প্ৰসাৰৰ বাবে ভাৰতীয় জাহাজ আইন, ২০২১ৰ অধীনত পঞ্জীয়নভুক্ত আভ্যন্তৰীণ জাহাজলৈ সম্প্ৰসাৰণ কৰা হ’ব বৰ্তমানৰ টনেজ কৰ আঁচনিৰ সুবিধাসমূহ।
ষ্টাৰ্ট-আপসমূহৰ অন্তৰ্ভুক্তিৰ লগতে সম্প্ৰসাৰণ
১.৪.২০৩০ৰ পূৰ্বে নিগম কৰা ষ্টাৰ্ট-আপসমূহক উপলব্ধ সুবিধা প্ৰদান কৰিবলৈ সময়সীমা ৫ বছৰ বৃদ্ধি কৰা।
বিকল্প বিনিয়োগ পুঁজি (এআইএফ)
আন্তঃগাঁথনি আৰু এই বিষয়ক অন্যান্য খণ্ডত বিনিয়োগ কৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ এআইএফসমূহলৈ ছিকিউৰিটিজৰ পৰা লাভৰ ওপৰত কৰ আৰোপৰ নিশ্চয়তা।
ছ’ভাৰেইন আৰু পেঞ্চন ফাণ্ডৰ বাবে বিনিয়োগৰ তাৰিখ বৃদ্ধি
ছ’ভাৰেইন ৱেলথ ফাণ্ড আৰু পেঞ্চন ফাণ্ডত বিনিয়োগ কৰাৰ তাৰিখ আৰু পাঁচ বছৰ বৃদ্ধি কৰা, ২০৩০ চনৰ ৩১ মাৰ্চলৈ, যাতে ইয়াৰ পৰা আন্তঃগাঁথনি খণ্ডলৈ পুঁজিৰ প্ৰসাৰ ঘটে।
পৰোকক্ষ কৰ
ঔদ্যোগিক সামগ্ৰীৰ বাবে শুল্ক শুল্ক গাঁথনিৰ যুক্তিসংগতকৰণৰ ব্যৱস্থা
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত প্ৰস্তাৱ কৰা হৈছে:
সাতটা শুল্কৰ হাৰ আঁতৰাই পেলোৱাৰ প্ৰস্তাৱ। ২০২৩-২৪ চনৰ বাজেটত আঁতৰোৱা সাতটা শুল্ক হাৰৰ লগতে ‘শূন্য’ হাৰকে ধৰি মাত্ৰ আঠটা শুল্কৰ হাৰহে এতিয়া বৰ্তি থাকিব।
কেইবিধমান সামগ্ৰীৰ বাহিৰেও আনক্ষেত্ৰত উপযুক্ত কৰ প্ৰয়োগ কৰা হব, য’ত কৰৰ প্ৰভাৱ প্ৰান্তীয়ভাৱে হ্ৰাস পাব।
এটাকৈ অধিক চেছ আৰোপ কৰা নহব। ৮২ টা শুল্ক থকা সমাজ কল্যাণৰ মাচুল ৰেহাই দিয়া হৈছে।
পৰোক্ষ কৰত প্ৰায় ২৬০০ কোটি টকাৰ ৰাজহ ত্যাগ কৰা হ’ব।
ঔষধ/ঔষধ আমদানিৰ ক্ষেত্ৰত সকাহ
৩৬ বিধ জীৱন ৰক্ষাকাৰী ঔষধক মৌলিক শুল্ক (বিচিডি)ৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে।
৫% ৰেহাইমূলক শুল্ক আকৰ্ষণ কৰিব ৬ বিধ জীৱন ৰক্ষাকাৰী ঔষধে।
বিচিডিৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই পোৱা ঔষধ কোম্পানীসমূহে পৰিচালনা কৰা ৰোগীক সহায় কাৰ্যসূচীৰ অধীনত নিৰ্দিষ্ট ঔষধ ; ১৩টা নতুন ৰোগী সাহায্য কাৰ্যসূচীৰ লগতে আৰু ৩৭টা ঔষধ সংযোজন কৰা হৈছে।
ঘৰুৱা উৎপাদন আৰু মূল্য সংযোজনৰ সমৰ্থন
জটিল খনিজ :
কোবাল্ট পাউদাৰ আৰু আৱৰ্জনা, লিথিয়াম-আয়ন বেটাৰীৰ স্ক্ৰেপ, সীহ, জিংক আৰু আৰু ১২টা জটিল খনিজ পদাৰ্থ বিচিডিৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে।
বস্ত্ৰশিল্প:
দুবিধ শ্বাটলবিহীন তাঁতশালক কৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছিল ।
“১০% বা ২০%”ৰ পৰা “২০% বা ` ১১৫ প্ৰতি কিলোগ্ৰামলৈ সংশোধন কৰা নিটেড কাপোৰৰ ওপৰত বিচিডিৰ হাৰ আৰোপ কৰা হব৷
ইলেক্ট্ৰনিক সামগ্ৰী:
ইন্টাৰেক্টিভ ফ্লেট পেনেল প্ৰদৰ্শন (আইএফপিডি)ত বিচিডি ১০%ৰ পৰা ২০%লৈ বৃদ্ধি পাইছে।
মুক্ত কোষ আৰু অন্যান্য উপাদানসমূহৰ ওপৰত বিচিডি ৫% লৈ হ্ৰাস পায়।
মুক্ত কোষৰ কিছু অংশৰ ওপৰত বিচিডি ৰেহাই দিয়া হৈছে।
লিথিয়াম আয়ন বেটাৰী:
ইভি বেটাৰী নিৰ্মাণৰ বাবে ৩৫টা অতিৰিক্ত মূলধনী সামগ্ৰী, আৰু মোবাইল ফোন বেটাৰী নিৰ্মাণৰ বাবে ২৮টা অতিৰিক্ত মূলধনী সামগ্ৰী ৰেহাই দিয়া হৈছে।
শ্বিপিং খণ্ড:
জাহাজ নিৰ্মাণৰ বাবে কেঁচামাল, উপাদান, উপভোগ্য সামগ্ৰী বা অংশৰ ওপৰত বিচিডিৰ ৰেহাই আৰু দহ বছৰলৈ বৃদ্ধি কৰা হয়।
জাহাজ ভাঙি যোৱাৰ পেলোৱাৰ একেটা ৰেহাই চলি থাকিব।
দূৰসংযোগ:
কেৰিয়াৰ গ্ৰেড ইথাৰনেট চুইচত বিচিডি ২০%ৰ পৰা ১০%লৈ হ্ৰাস কৰা হৈছে।
ৰপ্তানি প্ৰচাৰ
হস্তশিল্প সামগ্ৰী:
ৰপ্তানিৰ সময়সীমা ছমাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰা হয়, প্ৰয়োজন হ’লে আৰু তিনিমাহ বৃদ্ধি কৰিব পৰা যায়।
শুল্কমুক্ত সামগ্ৰীৰ তালিকাত ৯টা বস্তু যোগ কৰা হৈছে।
চামৰাৰ খণ্ড:
ৱেট ব্লু চামৰাৰ ওপৰত বিচিডি সম্পূৰ্ণৰূপে ৰেহাই।
২০% ৰপ্তানি শুল্কৰ পৰা ৰেহাই দিয়া ক্ৰাষ্ট চামৰা।
সামুদ্ৰিক সামগ্ৰী:
এনালগ সামগ্ৰী নিৰ্মাণ আৰু ৰপ্তানিৰ বাবে ফ্ৰ’জেন ফিচ পেষ্ট (ছুৰিমি)ত বিচিডি ৩০%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হয়।
মাছৰ খাদ্য প্ৰস্তুতৰ বাবে মাছৰ হাইড্ৰ’লাইজেটৰ ওপৰত বিচিডি ১৫%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হয়।
ৰে'লৱে সামগ্ৰীৰ বাবে ঘৰুৱা এম আৰ অ':
মেৰামতিৰ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত বিমান আৰু জাহাজৰ এম আৰ অ’ৰ দৰেই লাভৱান হ’ব ৰে’লৱেৰ এম আৰ অ’।
এনে সামগ্ৰী ৰপ্তানিৰ বাবে সময়সীমা ৬ মাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰা হয় আৰু আৰু এবছৰ বৃদ্ধি কৰিব পৰা কৰা হয়।
বাণিজ্যৰ সুবিধা
অস্থায়ী মূল্যায়নৰ বাবে সময়সীমা:
অস্থায়ী মূল্যায়ন চূড়ান্ত কৰাৰ বাবে দুবছৰৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে, ইয়াক এবছৰলৈ বৃদ্ধি কৰিব পৰা যাব।
স্বেচ্ছামূলক জ্ঞাতকৰণ:
আমদানিকাৰক বা ৰপ্তানিকাৰকসকলে সামগ্ৰী নিষ্কাশনৰ পিছত স্বেচ্ছাই বস্তুগত তথ্য ঘোষণা কৰিবলৈ আৰু সুতৰ সৈতে কিন্তু জৰিমনা বিনা শুল্ক পৰিশোধ কৰিব পৰাকৈ প্ৰৱৰ্তন কৰা এটা নতুন ব্যৱস্থা।
শেষ ব্যৱহাৰৰ বাবে বৰ্ধিত সময়:
সংশ্লিষ্ট নিয়মত আমদানিকৃত সামগ্ৰীৰ শেষ ব্যৱহাৰৰ সময়সীমা ছমাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰা হয়।
এনে আমদানিকাৰকসকলে মাহেকীয়া বিবৃতিৰ পৰিৱৰ্তে কেৱল ত্ৰিমাসিক বিবৃতি দাখিল কৰিব লাগে।
*****
(Release ID: 2098579)
Visitor Counter : 59
Read this release in:
English
,
Khasi
,
Urdu
,
Marathi
,
Nepali
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam