বিত্ত মন্ত্ৰালয়
অৰ্থনৈতিক সমীক্ষা, ২০২৪-২৫ৰ উল্লেখযোগ্য দিশসমূহ
’২৫ বিত্তীয় বৰ্ষত ৬.৪ শতাংশ ভাৰতৰ বাস্তৱ জিডিপি আৰু জিভিএ বৃদ্ধিৰ অনুমান (প্ৰথম অগ্ৰিম প্ৰাক্কলন)
‘২৬ বিত্তীয় বৰ্ষত ৬.৩-৬.৮ শতাংশৰ ভিতৰত বাস্তৱ জিডিপি বৃদ্ধি পাব
মধ্যম-কালীন বৃদ্ধিৰ সম্ভাৱনা আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ তৃণমূল-পৰ্য্যায়ৰ গাঁথনিগত সংস্কাৰ আৰু ডিৰেগুলেচনত গুৰুত্ব
ভূ-অৰ্থনৈতিক বিভাজনে (GEF) বিশ্বায়নৰ ঠাই লৈছে যাৰ ফলত আসন্ন অৰ্থনৈতিক পুনৰ-নিৰ্মাণ আৰু পুনৰ-বিবেচনাৰ সম্ভাৱনা
ভাৰতৰ মিটেলষ্টেণ্ড, অৰ্থাৎ ভাৰতৰ লঘু আৰু মজলীয়া উদ্যোগ (SME)ৰ অৰ্থে সংস্কাৰ আৰু ইজ অৱ ডুয়িং বিজনেছ ২.০ৰ গুৰুত্ব
আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ অতিশয় গুৰুত্বপূৰ্ণ হ’ব
‘২১ বিত্তীয় বৰ্ষৰপৰা ‘২৪ বিত্তীয় বৰ্ষলৈ আৰু সাধাৰণ নিৰ্বাচনৰ পিছত কেপেক্সৰ ধাৰাবাহিক অগ্ৰগতি, বছৰি ৮.২ শতাংশ বৃদ্ধি
মূল আন্তঃগাঁথনি খণ্ডসমূহত মূলধনী ব্যয় ’২০ বিত্তীয় বৰ্ষৰপৰা ‘২৪ বিত্তীয় বৰ্ষলৈ ৩৮.৮ শতাংশ হাৰত বৃদ্ধি
আৰবিআই আৰু আইএমএফৰ অনুমান অনুসৰি ভাৰতৰ উপভোক্তা মূল্য মুদ্ৰাস্ফীতি ’২৬ বিত্তীয় বৰ্ষত ৪ শতাংশৰ লক্ষ্যৰে সংগতিপূৰ্ণ হ’ব
খুচুৰা মুদ্ৰাস্ফীতি ‘২৪ বিত্তীয় বৰ্
Posted On:
31 JAN 2025 2:20PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২৪-২৫ৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই সমীক্ষাৰ উল্লেখযোগ্য দিশসমূহ তলত উল্লেখ কৰা হৈছে;
অৰ্থনীতিৰ অৱস্থাঃ দ্ৰুতগতিত প্ৰত্যাৱৰ্তন
‘২৫ বিত্তীয় বৰ্ষত ৬.৪ শতাংশ ভাৰতৰ প্ৰকৃত জিডিপি বৃদ্ধিৰ অনুমান কৰা হৈছে (ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম অগ্ৰিম প্ৰাক্কলন অনুসৰি), যি ইয়াৰ দশকীয় গড়ৰ প্ৰায় সমান।
বাস্তৱ মুঠ মূল্য সংযোজন (GVA)ও ‘২৫ বিত্তীয় বৰ্ষত ৬.৪ শতাংশ বৃদ্ধিৰ অনুমান কৰা হৈছে।
আইএমএফে অহা পাঁচ বছৰত ৩.২ শতাংশ বৃদ্ধিৰ পূৰ্বানুমানৰ বিপৰীতে ২০২৩ত বিশ্ব অৰ্থনীতি গড়ে ৩.৩ শতাংশ বৃদ্ধি পাইছে।
বিকাশৰ উত্থান-পতনলৈ দৃষ্টি ৰাখি ‘২৬ বিত্তীয় বৰ্ষত বাস্তৱ জিডিপি ৬.৩-৬.৮ শতাংশৰ ভিতৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
মধ্যম-কালীন বৃদ্ধিৰ সম্ভাৱনা আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ তৃণমূল-পৰ্য্যায়ৰ গাঁথনিগত সংস্কাৰ আৰু ডিৰেগুলেচনত গুৰুত্ব আৰোপ।
ভূ-ৰাজনৈতিক উত্তেজনা, অব্যাহত সংঘাত আৰু বিশ্ব বাণিজ্য নীতিৰ বিপদাশংকাই বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ বাবে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে।
খুচুৰা হেডলাইন মুদ্ৰাস্ফীতি ‘২৪ বিত্তীয় বৰ্ষত ৫.৪ শতাংশৰপৰা ২০২৪ৰ এপ্ৰিল –ডিচেম্বৰত ৪.৯ শতাংশলৈ হ্ৰাস হৈছে।
মূলধনী ব্যয় (CAPEX) ‘২১ বিত্তীয় বৰ্ষৰপৰা ‘২৪ বিত্তীয় বৰ্ষলৈ অবিৰতভাৱে বৃদ্ধি পাইছে। সাধাৰণ নিৰ্বাচনৰ পিছত ২০২৪ৰ জুলাই –নৱেম্বৰত কেপেক্স বছৰি (YOY) ৮.২ শতাংশ বৃদ্ধি পাইছে।
বৈশ্বিকভাৱে সেৱাৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত সপ্তম স্থানত আছে, যিয়ে এই খণ্ডত ভাৰতৰ বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতাতে আলোকপাত কৰিছে।
২০২৪ৰ এপ্ৰিল-ডিচেম্বৰত নন-পেট্ৰলিয়াম আৰু নন-জেমছ তথা জুৱেলাৰীৰ ৰপ্তানি ৯.১ শতাংশ বৃদ্ধি পাইছে, যিয়ে বিশ্বজুৰি অস্থিৰ পৰিস্থিতিৰ মাজতো ভাৰতৰ ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰ স্থিতিস্থাপকতাকে প্ৰতিফলিত কৰিছে।
মুদ্ৰা আৰু বিত্তীয় খণ্ডৰ উন্নয়ন
বেংক ক্ৰেডিট সুস্থিৰ হাৰত বৃদ্ধি পাইছে আৰু ক্ৰেডিট বৃদ্ধি জমা বৃদ্ধিৰ দিশত অভিসাৰী (converging) হৈছে।
অনুসূচিত বাণিজ্যিক বেংকৰ লাভ বৃদ্ধি পাইছে, যিয়ে মুঠ অ-কাৰ্য্যক্ষম সম্পত্তি (GNPA)ৰ হ্ৰাস আৰু মূলধন তথা বিপদাশংকাৰ ওজনযুক্ত (weighted) সম্পত্তিৰ অনুপাত (CRAR) বৃদ্ধিক প্ৰতিফলিত কৰিছে।
ঋণৰ বৃদ্ধিয়ে একেৰাহে দুবছৰ ধৰি নামমাত্ৰ জিডিপি বৃদ্ধিক অতিক্ৰম কৰে। ঋণ-জিডিপিৰ ব্যৱধান ‘২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (-) ০.৩ শতাংশলৈ হ্ৰাস পায়, যি '২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (-) ১০.৩ শতাংশ আছিল, যিয়ে বেংকৰ ঋণ বৃদ্ধিৰ বহনক্ষমতাৰ ইংগিত বহন কৰে।
বেংকিং খণ্ডই সম্পত্তিৰ মানদণ্ড, শক্তিশালী কেপিটেল বাফাৰ আৰু শক্তিশালী কাৰ্য্যকৰী প্ৰদৰ্শনৰ অগ্ৰগতিক প্ৰদৰ্শন কৰে।
অনুসূচিত বাণিজ্যিক বেংকসমূহৰ মুঠ নন-পাৰ্ফৰ্মিং এচেট (GNPA) ২০২৪ৰ ছেপ্টেম্বৰৰ শেষৰফালে ১২-বছৰৰ সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পায়, যি আছিল মুঠ ঋণ আৰু অগ্ৰিম ধনৰ ২.৬ শতাংশ।
অর্থশূন্যতা আৰু দেউলীয়া সংহিতাৰ অধীনত, ২০২৪ৰ ছেপ্টেম্বৰলৈকে ১,০৬৮ প্লেনৰ সমাধানত ৩.৬ লাখ কোটি টকা লাভ। এয়া লিকুইডেচন মূল্যৰ বিপৰীতে ১৬১ শতাংশ আৰু জড়িত সম্পত্তিৰ ন্যায্য মূল্যৰ ৮৬.১ শতাংশ।
নিৰ্বাচন-চালিত বজাৰৰ অস্থিৰতাৰ প্ৰত্যাহ্বানৰ মাজতো ভাৰতীয় শ্বেয়াৰ বজাৰে বজাৰৰ উদীয়মান সমকক্ষসমূহতকৈ উন্নত প্ৰদৰ্শন কৰে।
প্ৰাথমিক বজাৰৰপৰা (ইকুইটি আৰু ঋণ) মুঠ সম্পদ সংগ্ৰহ ২০২৪ৰ এপ্ৰিল-ডিচেম্বৰত ১১.১ লাখ কোটি টকা হয়, যি ’২৪ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ধনৰ তুলনাত পাঁচ শতাংশ বেছি।
২০২৪ৰ ডিচেম্বৰৰ শেষৰফালে বিএছই ষ্টক বজাৰ মূলধন আৰু জিডিপিৰ অনুপাত ১৩৬ শতাংশ আছিল, যি চীন (৬৫ শতাংশ) আৰু ব্ৰাজিল (৩৭ শতাংশ)ৰ দৰে আন-আন উদীয়মান বজাৰ অৰ্থনীতিতকৈ বহু বেছি।
ভাৰতৰ বীমা বজাৰৰ উৰ্ধমুখী গতি অব্যাহত আছে, ’২৪ বিত্তীয় বৰ্ষত মুঠ বীমা প্ৰিমিয়াম ৭.৭ শতাংশ বৃদ্ধিৰে ১১.২ লাখ কোটি টকা হৈছে।
ভাৰতৰ পেঞ্চন খণ্ডৰ যথেষ্ট বৰ্ধন ঘটিছে, ২০২৪ৰ ছেপ্টেম্বৰলৈকে পেঞ্চন চাবছক্ৰাইবাৰৰ মুঠ সংখ্যা ১৬ শতাংশ (YoY) বৃদ্ধি পাইছে।
বহিঃ খণ্ডঃ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ সঠিক প্ৰৱাহ
বৈশ্বিক অনিশ্চয়তা আৰু প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ বহিঃখণ্ডৰ স্থিতিস্থাপকতাৰ প্ৰদৰ্শন অব্যাহত আছে।
‘২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহত সামগ্ৰিকভাৱে ৰপ্তানি (ব্যৱসায়িক সামগ্ৰী + সেৱা) ৬ শতাংশ (YOY) বৃদ্ধি পাইছে। একে সময়তে সেৱা খণ্ডৰ ১১.৬ শতাংশ বৃদ্ধি হৈছে।
ইউএনচিটিএডি অনুসৰি, ভাৰতে ‘টেলিকমিউনিকেচন, কম্পিউটাৰ আৰু তথ্য সেৱা’ত বিশ্বৰ ২য় সৰ্ববৃহৎ ৰপ্তানিকাৰী হিচাপে স্থান লাভ কৰিছে। ইয়াৰ বৈশ্বিক ৰপ্তানি বজাৰত ভাৰতৰ অংশ ১০.২ শতাংশ।
ভাৰতৰ চলিত একাউন্ট ঘাটি (CAD) ’২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত জিডিপিৰ ১.২ শতাংশ হয়, ইয়াত বৰ্ধিত ‘নেট’ সেৱাৰ লাভ আৰু ব্যক্তিগত হস্তান্তৰৰ লাভ বৃদ্ধিয়ে বৰঙণি যোগাইছে।
‘২৫ বিত্তীয় বৰ্ষত মুঠ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI)ৰ প্ৰৱাহ পুনৰুজ্জীৱিত হয়। ’২৪ বিত্তীয় বৰ্ষৰ প্ৰথম আঠ মাহত ৪৭.২ বিলিয়ন মাৰ্কিন ডলাৰৰপৰা ‘২৫ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৫৫.৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে, যি বছৰি ১৭.৯ শতাংশ বৃদ্ধি পাইছে।
২০২৪ৰ ডিচেম্বৰৰ শেষলৈকে ভাৰতৰ ফৰেক্স মজুত আছিল ৬৪০.৩ বিলিয়ন মাৰ্কিন ডলাৰ, যি ১০.৯ মাহৰ আমদানি আৰু দেশৰ প্ৰায় ৯০ শতাংশ বহিঃঋণক সামৰি ল’বলৈ যথেষ্ট।
ভাৰতৰ বহিঃ ঋণ বিগত কেইবছৰমানৰপৰা সুস্থিৰ হৈ আহিছে, ২০২৪ৰ ছেপ্টেম্বৰৰ শেষৰ ফালে বহিঃ ঋণ আৰু জিডিপিৰ অনুপাত ১৯.৪ শতাংশ হয়।
মূল্য আৰু মুদ্ৰাস্ফীতি
আইএমএফৰ মতে, ২০২২ত বিশ্ব মুদ্ৰাস্ফীতিৰ হাৰ ৮.৭ শতাংশৰ শীৰ্ষৰপৰা ২০২৪ত ৫.৭ শতাংশলৈ মধ্যমীয়া হৈছে।
ভাৰতত খুচুৰা মুদ্ৰাস্ফীতি ‘২৪ বিত্তীয় বৰ্ষত ৫.৪ শতাংশৰপৰা ‘২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-ডিচেম্বৰ, ২০২৪) ৪.৯ শতাংশলৈ হ্ৰাস পাইছে।
আৰবিআই আৰু আইএমএফৰ পূৰ্বানুমান অনুসৰি ভাৰতৰ উপভোক্তা মূল্য মুদ্ৰাস্ফীতি ক্ৰমান্বয়ে ‘২৬ বিত্তীয় বৰ্ষত প্ৰায় ৪ শতাংশৰ লক্ষ্যৰ সৈতে সংগতিপূৰ্ণ হ’ব।
চৰম বতৰৰ পৰিঘটনাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু দীৰ্ঘ-ম্যাদী মূল্য সুস্থিৰতাৰ অৰ্থে জলবায়ু-স্থিতিস্থাপক শস্যৰ জাতৰ বিকাশ আৰু বৰ্ধিত কৃষি পদ্ধতি অতিশয় প্ৰয়োজনীয়।
মধ্যম-কালীন দৃষ্টিভংগী
ভাৰতীয় অৰ্থনীতি এনে এক পৰিৱৰ্তনৰ বাটেৰে অগ্ৰসৰ হৈছে, যিয়ে এক অভূতপূৰ্ব অৰ্থনৈতিক প্ৰত্যাহ্বানেৰে মোকাবিলা আৰু সুযোগক প্ৰতিফলিত কৰে। ভূ-অৰ্থনৈতিক বিভাজনে (GEF) বিশ্বায়নৰ ঠাই লৈছে যাৰ ফলত আসন্ন অৰ্থনৈতিক পুনৰ-নিৰ্মাণ আৰু পুনৰ-বিবেচনাৰ সম্ভাৱনা আছে।
২০৪৭ৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ ভাৰতে স্থিৰ মূল্যত প্ৰায় ৮ শতাংশ বৃদ্ধিৰ হাৰ গড়ে প্ৰায় এটা বা দুটা দশকলৈ লাভ কৰিব লাগিব।
ভাৰতৰ মধ্যম-কালীন বিকাশৰ দৃষ্টিভংগীয়ে নতুন বিশ্ব বাস্তৱতা - জিইএফ, চীনৰ উৎপাদন দক্ষতা আৰু চীনৰ ওপৰত শক্তি পৰিৱৰ্তনৰ বাবে প্ৰচেষ্টাৰ নিৰ্ভৰশীলতা সম্পৰ্কে বিবেচনা কৰিব লাগিব।
ভাৰতে বিকাশৰ ঘৰুৱা কাৰকসমূহক পুনৰ সজীৱ কৰি তুলিবলৈ আৰু ব্যক্তি তথা সংস্থাসমূহক অৰ্থনৈতিক কাৰ্য্যকলাপক সহজে পৰিচালনাৰ অৰ্থে সবলীকৰণৰ বাবে পদ্ধতিগত ডিৰেগুলেচনত গুৰুত্ব আৰোপ।
ব্যক্তি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ব্যৱস্থাগত ডিৰেগুলেচন বা অৰ্থনৈতিক স্বাধীনতাৰ বৰ্ধন ভাৰতৰ মধ্যম-কালীন বিকাশৰ সম্ভাৱনাক সুদৃঢ়কৰণৰ অৰ্থে গুৰুত্বপূৰ্ণ নীতিগত অগ্ৰাধিকাৰ।
কাৰ্য্যকৰী মিটেলষ্টেণ্ড, অৰ্থাৎ ভাৰতৰ লঘু আৰু মজলীয়া উদ্যোগ (SME)ৰ অৰ্থে সংস্কাৰ আৰু ইজ অৱ ডুয়িং বিজনেছ ২.০ৰ গুৰুত্ব আৰোপ।
পৰৱৰ্তী পদক্ষেপত ৰাজ্যসমূহে মানদণ্ড আৰু নিয়ন্ত্ৰণ উদাৰীকৰণ, বলবৎ কৰাৰ বাবে আইনী সুৰক্ষা নিৰ্ধাৰণ, শুল্ক আৰু মাচুল হ্ৰাস তথা বিপদাশংকা-ভিত্তিক নিয়ন্ত্ৰণ প্ৰয়োগৰ অৰ্থে কাম কৰিব লাগিব।
বিনিয়োগ আৰু আন্তঃগাঁথনি
যোৱা পাঁচ বছৰত চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাজহুৱা ব্যয় বৃদ্ধি, অনুমোদন আৰু সম্পদৰ সংগ্ৰহ ক্ষীপ্ৰকৰণত গুৰুত্ব আৰোপ কৰি আহিছে।
কেন্দ্ৰীয় চৰকাৰৰ মূল আন্তঃগাঁথনি খণ্ডসমূহত মূলধনী ব্যয় ’২০ বিত্তীয় বৰ্ষৰপৰা ‘২৪ বিত্তীয় বৰ্ষলৈ ৩৮.৮ শতাংশ হাৰত বৃদ্ধি পাইছে।
ৰে'ল সংযোগৰ অধীনত ২০২৪ৰ এপ্ৰিল-নৱেম্বৰত ২০৩১ কিলোমিটাৰ ৰেলৱে নেটৱৰ্ক আৰম্ভ কৰা হয় আৰু ২০২৪ৰ এপ্ৰিল-অক্টোবৰত ১৭ খন নতুন বন্দে ভাৰত ৰে'লৰ প্ৰৱৰ্তন কৰা হয়।
পথ নেটৱৰ্কৰ অধীনত ‘২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-ডিচেম্বৰ) ৫৮৫৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হয়।
ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন কাৰ্য্যসূচীৰ অধীনত ১ম পৰ্য্যায়ত ভিন্ন খণ্ডৰ বাবে ঔদ্যোগিক ব্যৱহাৰৰ অৰ্থে ৩৭৮৮ একৰ ভূমি সামৰি মুঠ ৩৮৩ টা প্লট আবন্টন জনোৱা হৈছে।
কাৰ্য্যকৰী দক্ষতাই প্ৰধান বন্দৰসমূহত গড় কন্টেইনাৰ টাৰ্ণআউট সময় ‘২৪ বিত্তীয় বৰ্ষত ৪৮.১ ঘন্টাৰপৰা ‘২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-নৱেম্বৰ) ৩০.৪ ঘন্টালৈ হ্ৰাস কৰে, যাৰ ফলত বন্দৰৰ সংযোগৰ যথেষ্ট অগ্ৰগতি সাধন হয়।
২০২৪ৰ ডিচেম্বৰলৈকে নবীকৰণযোগ্য সৌৰ আৰু বায়ু শক্তি ক্ষমতা বছৰি ১৫.৮ শতাংশ বৃদ্ধি।
ভাৰতৰ মুঠ সংস্থাপিত ক্ষমতাত নবীকৰণযোগ্য শক্তিৰ অংশ এতিয়া ৪৭ শতাংশ।
ডিডিইউজিজেৱাই (DDUGJY) আৰু সৌভাগ্যৰ দৰে চৰকাৰী আঁচনিসমূহে গ্ৰামাঞ্চলসমূহত বিদ্যুতৰ সুবিধাৰ অগ্ৰগতি সাধনেৰে ইয়াৰ অধীনত ১৮,৩৭৪ খন গাঁৱত বিদ্যুৎ সংযোগেৰে ২.৯ কোটি পৰিয়ালক বিদ্যুৎ যোগান ধৰা হয়।
চৰকাৰৰ ডিজিটেল সংযোগৰ পদক্ষেপে অগ্ৰগতি লাভ কৰিছে, বিশেষকৈ ২০২৪ৰ অক্টোবৰলৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৫জি সেৱাৰ প্ৰৱৰ্তনে ইয়াত বৰঙণি যোগায়।
ইউনিভাৰ্চেল চাৰ্ভিচ অবলিগেচন ফাণ্ড (বৰ্তমান ডিজিটেল ভাৰত নিধি)ৰ অধীনত দুৰ্গম অঞ্চলসমূহলৈ ৪জি ম’বাইল সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, ২০২৪ৰ ডিচেম্বৰৰ ভিতৰত ১০,৭০০ৰো অধিক গাঁৱক সামৰি লোৱা হৈছে।
জল জীৱন অভিযানৰ অধীনত ইয়াৰ আৰম্ভণিৰেপৰা ১২ কোটিৰো অধিক পৰিয়ালে পাইপেৰে খোৱাপানীৰ সুবিধা লাভ কৰিছে।
স্বচ্ছ ভাৰত মিছন-গ্ৰামীণৰ দ্বিতীয় পৰ্য্যায়ৰ অধীনত ২০২৪ৰ এপ্ৰিল-নৱেম্বৰত ১.৯২ লাখ গাঁওক আৰ্হি শ্ৰেণীৰ অধীনত ক্ৰমান্বয়ে অ’ডিএফ প্লাছ হিচাপে ঘোষণা কৰা হৈছে, যাৰ ফলত মুঠ অ’ডিএফ প্লাছ গাঁৱৰ সংখ্যা ৩.৬৪ লাখলৈ বৃদ্ধি হয়।
চহৰ অঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৮৯ লাখৰো অধিক ঘৰ সম্পূৰ্ণ কৰা হয়।
চিটি পৰিবহণ নেটৱৰ্কৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে, ২৯ খন চহৰত মেট্ৰ’ আৰু ৰেপিড ৰেল ব্যৱস্থা কাৰ্য্যক্ষম হৈ বা নিৰ্মীয়মান পৰ্য্য়ায়ত আছে, যিয়ে ১,০০০ কিলোমিটাৰৰো অধিক দূৰত্বক সামৰি লৈছে।
ৰিয়েল এষ্টেট (নিয়ন্ত্ৰণ আৰু উন্নয়ন) আইন, ২০১৬-এ ৰিয়েল এষ্টেট খণ্ডৰ নিয়ন্ত্ৰণ আৰু স্বচ্ছতা নিশ্চিত কৰিছে। ২০২৫ৰ জানুৱাৰীলৈকে ১.৩৮ লাখৰো অধিক ৰিয়েল এষ্টেট প্ৰকল্প পঞ্জীয়ন কৰা হয় আৰু ১.৩৮ লাখ অভিযোগ নিষ্পত্তি কৰা হয়।
ভাৰতে বৰ্তমানে ৫৬ টা সক্ৰিয় মহাকাশ সম্পদ পৰিচালনা কৰি আছে। চৰকাৰৰ মহাকাশ দৃষ্টিভংগী, ২০৪৭ত গগণযান মিছন আৰু চন্দ্ৰযান-৪ লুনাৰ চেম্পল ৰিটাৰ্ণ মিছন অন্তৰ্ভুক্ত হৈছে।
কেৱল ৰাজহুৱা খণ্ডৰ বিনিয়োগে আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে আৰু সেয়েহে এই ব্যৱধান দূৰ কৰিবলৈ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ অতিশয় গুৰুত্বপূৰ্ণ হ’ব।
চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন আৰু ৰাষ্ট্ৰীয় মনিটাইজেচন পাইপলাইনৰ দৰে ব্যৱস্থা যুগুত কৰিছে।
উদ্যোগঃ ব্যৱসায়ৰ সংস্কাৰ সাধন
বিদ্যুৎ আৰু নিৰ্মাণৰ ব্যাপক বৃদ্ধিৰ ফলশ্ৰুতিত ঔদ্যোগিক খণ্ডৰ ‘২৫ বিত্তীয় বৰ্ষত ৬.২ শতাংশ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে (প্ৰথম অগ্ৰিম অনুমান)।
চৰকাৰে স্মাৰ্ট মেনুফেকচাৰিং এণ্ড ইণ্ডাষ্ট্ৰী ৪.০ক সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আহিছে, সমৰ্থ উদ্যোগ কেন্দ্ৰ স্থাপনত সহায় কৰিছে।
’২৪ বিত্তীয় বৰ্ষত ভাৰতীয় অট’ম’বাইলৰ ঘৰুৱা বিক্ৰী ১২.৫ শতাংশ বৃদ্ধি পাইছে।
ইলেক্ট্ৰনিক সামগ্ৰীৰ ঘৰুৱা উৎপাদন ‘১৫ বিত্তীয় বৰ্ষৰপৰা ‘২৪ বিত্তীয় বৰ্ষলৈ ১৭.৫ শতাংশ চিএজিআৰৰে বৃদ্ধি পাইছে।
এতিয়া ৯৯ শতাংশ স্মাৰ্টফোন ঘৰুৱাভাৱে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত ভাৰতৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা বহুলাংশে হ্ৰাস পাইছে।
‘২৪ বিত্তীয় বৰ্ষত ফাৰ্মাচিউটিকেল খণ্ডৰ মুঠ বাৰ্ষিক ব্যৱসায় আছিল ৪.১৭ লাখ কোটি টকা, যি যোৱা পাঁচ বছৰত ১০.১ শতাংশ গড় হাৰত বৃদ্ধি পাইছে।
ডব্লিউআইপিঅ’ প্ৰতিবেদন, ২০২২ - বিশ্বজুৰি শীৰ্ষ ১০ পেটেন্ট ফাইলিং অফিচৰ ভিতৰত ভাৰতে ষষ্ঠ স্থান লাভ কৰিছে।
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) খণ্ডই ভাৰতীয় অৰ্থনীতিৰ এক অতিশয় স্পন্দনশীল খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে।
স্কেল-আপৰ সম্ভাৱনা থকা এমএছএমইসমূহক ইকুইটি ফাণ্ডিং প্ৰদান কৰিবলৈ চৰকাৰে ৫০,০০০ কোটি টকাৰ কৰ্পাছেৰে আত্ম-নিৰ্ভৰ ভাৰত পুঁজি আৰম্ভ কৰে।
সমগ্ৰ দেশতে ক্লাষ্টাৰৰ বিকাশ সাধনৰ বাবে চৰকাৰে ক্ষুদ্ৰ আৰু লঘু উদ্যোগ-ক্লাষ্টাৰ উন্নয়ন কাৰ্য্যসূচী ৰূপায়ণ কৰিছে।
সেৱা
মুঠ জিভিএত সেৱা খণ্ডৰ অৱদান ‘১৪ বিত্তীয় বৰ্ষত ৫০.৬ শতাংশৰপৰা ‘২৫ বিত্তীয় বৰ্ষত ৫৫.৩ শতাংশলৈ বৃদ্ধি পাইছে (প্ৰথম অগ্ৰিম অনুমান)।
সেৱা খণ্ডৰ গড় বৃদ্ধিৰ হাৰ মহামাৰীৰ পূৰ্বৰ বছৰ কেইটাত (’১৩ বিত্তীয় বৰ্ষ-‘২০ বিত্তীয় বৰ্ষ) আছিল ৮ শতাংশ। মহামাৰীৰ পিছৰ সময়ছোৱাত (’২৩ বিত্তীয় বৰ্ষ–‘২৫ বিত্তীয় বৰ্ষ) এয়া ৮.৩ শতাংশ হয়।
২০২৩ত বিশ্বজুৰি সেৱাৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে ৪.৩ শতাংশ অংশীদাৰিত্বৰে বিশ্বজুৰি সপ্তম স্থান লাভ কৰিছিল।
ভাৰতৰ সেৱাৰ ৰপ্তানি ‘২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল–নৱেম্বৰত ১২.৮ শতাংশলৈ বৃদ্ধি পাইছে, যি ‘২৪ বিত্তীয় বৰ্ষত ৫.৭ শতাংশ আছিল।
তথ্য আৰু কম্পিউটাৰ সম্পৰ্কীয় সেৱাসমূহ যোৱা দশকত (’১৩ বিত্তীয় বৰ্ষ–’২৩ বিত্তীয় বৰ্ষ) ১২.৮ শতাংশ ট্ৰেণ্ড হাৰত বৃদ্ধি পাইছে, যাৰ ফলত সামগ্ৰিক জিভিএত ইয়াৰ অংশ ৬.৩ শতাংশৰপৰা ১০.৯ শতাংশলৈ বৃদ্ধি পাইছে।
‘২৪ বিত্তীয় বৰ্ষত ভাৰতীয় ৰেলৱেৰ যাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত ৮ শতাংশ বৃদ্ধি হয়। ‘২৪ বিত্তীয় বৰ্ষত ৰাজহ-আহৰণকাৰী ফ্ৰেইট ৫.২ শতাংশ বৃদ্ধি পাইছে।
জিডিপিলৈ পৰ্যটন খণ্ডৰ অৱদানে ’২৩ বিত্তীয় বৰ্ষত মহামাৰী-পূৰ্বৰ ৫ শতাংশ স্তৰলৈ প্ৰত্যাৱৰ্তন কৰে।
কৃষি আৰু খাদ্য ব্যৱস্থাপনাঃ ভৱিষ্যতৰ খণ্ড
‘কৃষি আৰু সংযোগী কাৰ্য্যকলাপ খণ্ড’ই বৰ্তমানৰ মূল্য অনুসৰি ’২৪ বিত্তীয় বৰ্ষত (PE) দেশৰ জিডিপিৰ প্ৰায় ১৬ শতাংশ অৰিহণা যোগায়।
উদ্যান শস্য, পশুধন আৰু মীনপালনৰ দৰে উচ্চ-মূল্যৰ খণ্ডসমূহ সামগ্ৰিকভাৱে কৃষি খণ্ডৰ বিকাশৰ মূল চালিকাশক্তি হৈ পৰিছে।
২০২৪ৰ বাবে খাৰিফ খাদ্যশস্যৰ উৎপাদন ১৬৪৭.০৫ লাখ মেট্ৰিক টন (LMT) হোৱাৰ সম্ভাৱনা আছে, যি পূৰ্বৰ বছৰৰ তুলনাত ৮৯.৩৭ এলএমটি বৃদ্ধি পাইছে।
২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উৎপাদনৰ ওজনযুক্ত গড় ব্যয়ৰ তুলনাত ৰহৰ আৰু বাজৰাৰ এমএছপি ক্ৰমে ৫৯ শতাংশ আৰু ৭৭ শতাংশ বৃদ্ধি পাইছে।
মীন খণ্ডই সৰ্বোচ্চ ৮.৭ শতাংশ যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ (CAGR) প্ৰদৰ্শন কৰিছে, তাৰ পিছতে পশুধনে ৮ শতাংশ চিএজিআৰ প্ৰদৰ্শন কৰিছে।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA), ২০১৩ আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (PMGKAY)ৰ জৰিয়তে খাদ্য সুৰক্ষাৰ দৃষ্টিভংগীৰ মৌলিক পৰিৱৰ্তন ঘটে।
পিএমজিকেএৱাই-ৰ অধীনত আৰু পাঁচ বছৰৰ বাবে বিনামূলীয়া খাদ্য শস্যৰ ব্যৱস্থাই খাদ্য আৰু পুষ্টি সুৰক্ষাৰ প্ৰতি চৰকাৰৰ দীৰ্ঘম্যাদী দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।
৩১ অক্টোবৰলৈকে পিএম-কিষাণৰ অধীনত ১১ কোটিৰো অধিক কৃষক উপকৃত হৈছে, একেদৰে পিএম কিষাণ মান ধনৰ অধীনত ২৩.৬১ লাখ কৃষক অন্তৰ্ভুক্ত হৈছে।
জলবায়ু আৰু পৰিবেশঃ অভিযোজনত গুৰুত্ব
ভাৰতৰ ২০৪৭ৰ ভিতৰত এখনি উন্নত ৰাষ্ট্ৰৰ মৰ্য্যাদা লাভৰ আকাংক্ষাক মূলতঃ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ দৃষ্টিভংগীয়ে চালিত কৰিছে।
২০২৪ৰ ৩০ নৱেম্বৰলৈকে ভাৰতে অ-জীৱাশ্ম ইন্ধনৰ উৎসৰপৰা ২,১৩,৭০১ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সংস্থাপিত কৰিছে, যি মুঠ ক্ষমতাৰ ৪৬.৮ শতাংশ হৈছে।
ভাৰতৰ বন জৰীপ-২০২৪ অনুসৰি, ২০০৫-২০২৩ত ২.২৯ বিলিয়ন টন কাৰ্বন ডাই-অক্সাইড (CO2)ৰ সমতুল্য অতিৰিক্ত কাৰ্বন ছিংক হয়।
ভাৰতৰ নেতৃত্বত আৰম্ভ হোৱা বিশ্ব আন্দোলন লাইফষ্টাইল ফৰ এনভাৰনমেন্ট (LiFE)ৰ লক্ষ্য হৈছে দেশৰ বহনক্ষমতাৰ প্ৰচেষ্টাৰ বৰ্ধন ঘটোৱা।
অনুমান কৰা হৈছে যে ২০৩০ৰ ভিতৰত ‘লাইফ’ ব্যৱস্থাই বিশ্বজুৰি উপভোক্তাৰ প্ৰায় ৪৪০ বিলিয়ন মাৰ্কিন ডলাৰ ৰাহি কৰিব।
সামাজিক খণ্ড-প্ৰসাৰতা বৃদ্ধি আৰু সবলীকৰণক আগুৱাই নিয়া
চৰকাৰৰ সমাজ সেৱাৰ ব্যয় (কেন্দ্ৰ আৰু ৰাজ্য মিলি) ‘২১ বিত্তীয় বৰ্ষৰপৰা ‘২৫ বিত্তীয় বৰ্ষলৈ ১৫ শতাংশ চক্ৰীয় বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাইছে।
উপভোগ ব্যয়ৰ বৈষম্যৰ পৰিমাপ জিনি সহগ (Gini Coefficient) হ্ৰাস পাইছে। গ্ৰামাঞ্চলসমূহৰ বাবে ২০২২-২৩ত ০.২৬৬ৰ পৰা ২০২৩-২৪ত ০.২৩৭ লৈ হ্ৰাস পাইছে আৰু চহৰাঞ্চলসমূহৰ বাবে ২০২২-২৩ত ০.৩১৪ৰ পৰা ২০২৩-২৪ত ০.২৮৪ লৈ হ্ৰাস পাইছে।
চৰকাৰৰ একাধিক বিত্তীয় নীতিয়ে আয় বিতৰণৰ নতুন ৰূপ গঠনত সহায় কৰিছে।
চৰকাৰী স্বাস্থ্য ব্যয় ২৯.০ শতাংশৰপৰা ৪৮.০ শতাংশলৈ বৃদ্ধি; মুঠ স্বাস্থ্য ব্যয়ত আউট-অৱ-পকেট ব্যয়ৰ অংশ ৬২.৬ শতাংশৰপৰা ৩৯.৪ শতাংশলৈ হ্ৰাস পাইছে, যাৰ ফলত পৰিয়ালসমূহৰ আৰ্থিক কষ্ট লাঘৱ হৈছে।
আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাই (AB PM-JAY) ব্যয়ৰ যথেষ্ট হ্ৰাসত এটি নিৰ্ণায়ক ভূমিকা পালন কৰিছে আৰু ১.২৫ লাখ কোটি টকাৰো অধিক সঞ্চয় কৰিছে।
গাঁও পঞ্চায়ত পৰ্য্যায়ৰ বাজেট যাতে বহনক্ষম উন্নয়নৰ লক্ষ্য (SDG)ৰ সৈতে ৰজিতা খায়, তাৰ বাবে এছডিজিৰ স্থানীয়কৰণ কৌশল গ্ৰহণ কৰা হৈছে।
নিয়োগ আৰু দক্ষতা বিকাশ
ভাৰতীয় শ্ৰম বজাৰৰ সূচকসমূহৰ অগ্ৰগতি সাধন হৈছে, ২০১৭-১৮ (জুলাই-জুন)ত ৬.০ শতাংশৰপৰা ২০২৩-২৪ (জুলাই-জুন)ত নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস পাইছে।
১০-২৪ বছৰ বয়সৰ প্ৰায় ২৬ শতাংশ অংশৰে ভাৰতে এক অনন্য জনগাঁথনিগত সুযোগক প্ৰদৰ্শন কৰিছে, বিশ্বৰ অন্যতম যুৱক-যুৱতী প্ৰধান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।
মহিলা উদ্যমিতাক উদ্দীপনা যোগাবলৈ চৰকাৰে ঋণৰ সহজ সুবিধা, বিপণন সহায়, দক্ষতা বিকাশ আৰু মহিলা ষ্টাৰ্ট-আপক সহায় আদিৰ ক্ষেত্ৰত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে।
ক্ৰমবৰ্ধমান ডিজিটেল অৰ্থনীতি আৰু নবীকৰণযোগ্য শক্তি খণ্ডই নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বৰ্ধিত সুযোগ প্ৰশস্ত কৰিছে, যি এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ বাবে অতিশয় প্ৰয়োজনীয়।
চৰকাৰে অট’মেচন, জেনেৰেটিভ এআই, ডিজিটেলাইজেচন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ দৰে উদীয়মান বৈশ্বিক ধাৰাসমূহৰ সৈতে খোজ মিলাবলৈ এক স্থিতিস্থাপক আৰু সঁহাৰিমূলক দক্ষ বাতাবৰণ গঢ়ি তুলিছে।
চৰকাৰে নিয়োগ বৃদ্ধি, স্ব-নিয়োজনক লালন-পালন, শ্ৰমিকৰ কল্যাণক উৎসাহিতকৰণৰ ব্যৱস্থা ৰূপায়ণ কৰিছে।
অলপতে শুভাৰম্ভ কৰা পিএম-ইন্টাৰ্নশ্বিপ আঁচনিয়ে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ৰূপান্তৰশীল অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে।
ইপিএফঅ’ৰ অধীনত যোৱা ছবছৰত নেট পে’-ৰোল সংযোজন দুগুণৰো অধিক বৃদ্ধি পাইছে, যিয়ে আনুষ্ঠানিক নিয়োগৰ সুস্থ বৃদ্ধিক সূচিত কৰিছে।
এআইৰ যুগত শ্ৰমঃ সংকট নে অনুঘটক?
কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ডেভলপাৰে এটি নতুন যুগৰ সূচনাৰ অংগীকাৰ কৰিছে, য’ত অৰ্থনৈতিকভাৱে মূল্যৱান কামৰ এটা গুৰু অংশ স্বয়ংক্ৰিয় হ’ব।
স্বাস্থ্যসেৱা, গৱেষণা, ন্যায়, শিক্ষা, ব্যৱসায় আৰু বিত্তীয় সেৱাকে প্ৰমুখ্য কৰি ভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত-গ্ৰহণৰ বেলিকা এআয়ে মানৱীয় প্ৰদৰ্শনক অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।
বৃহৎ পৰিসৰৰ এআইৰ অভিযোজনৰ ক্ষেত্ৰত বৰ্তমান সময়ত বাধাসমূহ অব্যাহত আছে, য'ত নিৰ্ভৰযোগ্যতা, সম্পদৰ অদক্ষতা আৰু আন্তঃগাঁথনিৰ ঘাটিক লৈ উদ্বেগ অন্তৰ্ভুক্ত হৈছে।
সৌভাগ্যক্ৰমে বৰ্তমান এআই প্ৰাথমিক অৱস্থাত থকাৰ বাবে ভাৰতে নিজৰ ভেটি সুদৃঢ় কৰিবলৈ আৰু দেশব্যাপী প্ৰতিষ্ঠানিক সঁহাৰি সংগঠিত কৰিবলৈ প্ৰয়োজনীয় সময় লাভ কৰিছে।
যুৱ-শক্তি, গতিশীল আৰু প্ৰযুক্তি-দক্ষ সমাজৰ সহায় লৈ ভাৰতে এনে এক কৰ্মশক্তি সৃষ্টিৰ সম্ভাৱনা আছে, যিয়ে কাম আৰু উৎপাদনশীলতাৰ বৃদ্ধিৰ বাবে এআই ব্যৱহাৰ কৰিব পাৰে।
ভৱিষ্যৎ ‘বৰ্ধিত বুদ্ধিমত্তা’ ('Augmented Intelligence)ৰ ওপৰত নিৰ্ভৰশীল, য’ত কৰ্মশক্তিয়ে মানৱ আৰু যন্ত্ৰ উভয়কে সংহত কৰে। এই পদ্ধতিৰ লক্ষ্য হৈছে মানৱ সম্ভাৱনাৰ বৰ্ধন ঘটোৱা আৰু নিয়োগ প্ৰদৰ্শনত সামগ্ৰিক দক্ষতাৰ অগ্ৰগতি সাধনেৰে শেষত সামগ্ৰিকভাৱে সমাজখনক উপকৃত কৰা।
এআই-চালিত ৰূপান্তৰৰ বিৰূপ সামাজিক প্ৰভাৱ হ্ৰাস কৰিবলৈ চৰকাৰ, ব্যক্তিগত খণ্ড আৰু শৈক্ষিক মহলৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা অপৰিহাৰ্য্য।
*****
NB/VV/THR/BCV/SB
(Release ID: 2098161)
Visitor Counter : 16