তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মহাকুম্ভ মেলাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন মিডিয়া গোটৰ কামৰ বুজ ল'লে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে
মহাকুম্ভ মেলাত স্থাপন কৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰদৰ্শনী সমাজৰ বাবে উপযোগী আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল হৈ পৰিছে: শ্ৰী সঞ্জয় জাজু
মহাকুম্ভ মেলাত স্থাপিত মিডিয়া চেণ্টাৰ পৰিদৰ্শন কৰিলে শ্ৰী সঞ্জয় জাজুৱে; সাংবাদিকৰ সৈতেও কৰিলে মত বিনিময়
সচিবগৰাকীয়ে মহাকুম্ভক ডিজিটেল কৰাৰ ক্ষেত্ৰত প্ৰসাৰ ভাৰতীৰ পদক্ষেপকো প্ৰশংসা কৰে
प्रविष्टि तिथि:
23 JAN 2025 10:08PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে বৃহস্পতিবাৰে মহাকুম্ভ মেলাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন মিডিয়া গোটে কৰি থকা কাম পৰ্যবেক্ষণ কৰে। কেন্দ্ৰীয় সচিবগৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মহাকুম্ভৰ ত্ৰিবেণী মাৰ্গৰ প্ৰদৰ্শনী প্ৰকল্পত স্থাপন কৰা ‘জন ভাগীদাৰী সে জন কল্যাণ’ বিষয়ক মাল্টিমিডিয়া প্ৰদৰ্শনী আৰু বিগত ১০ বছৰত ভাৰত চৰকাৰৰ সাফল্য, কাৰ্যসূচী, নীতি আৰু আঁচনিসমূহৰ বিষয়ে কৰা প্ৰদৰ্শন পৰ্যবেক্ষণ কৰে।
এই প্ৰদৰ্শনীখনক অতি ব্যৱহাৰকাৰী অনুকূল বুলি অভিহিত কৰি সম্পাদকগৰাকীয়ে কয় যে দেৱাল, এল ই ডি টিভি স্ক্ৰীণ ৱাল, হ’ল’গ্ৰাফিক চিলিণ্ডাৰৰ দৰে নতুন প্ৰযুক্তিৰে বিকশিত হোৱা এনামৰ্ফিক আৰু মাল্টিমিডিয়া প্ৰদৰ্শনীয়ে সাধাৰণ ৰাইজক বিভিন্ন আঁচনিৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰি আছে।
শ্ৰী সঞ্জয় জাজুৱে মহা কুম্ভ মেলা অঞ্চলত অৱস্থিত মিডিয়া চেণ্টাৰ পৰিদৰ্শন কৰি ইয়াত সাংবাদিকসকলক প্ৰদান কৰা সা-সুবিধাসমূহৰ বিষয়েও পৰ্যালোচনা কৰে। মিডিয়া চেণ্টাৰৰ ৱৰ্ক ষ্টেচনত থকা সাংবাদিকসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে।
ইয়াৰ পূৰ্বে সচিবগৰাকীয়ে মহা কুম্ভ মেলা অঞ্চলৰ চেক্টৰ ৪ত অৱস্থিত দূৰদৰ্শন আৰু আকাশবাণীৰ অস্থায়ী কেন্দ্ৰটোও পৰিদৰ্শন কৰে। তেওঁ কয় যে দূৰদৰ্শন আৰু আকাশবাণীৰ দ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানৰ জৰিয়তে টেলিভিছন আৰু মোবাইল তথা অন্যান্য মাধ্যমৰ জৰিয়তে দৰ্শক আৰু শ্ৰোতাই মহা কুম্ভৰ পবিত্ৰ মুহূৰ্তৰ সৈতে একাত্ম হ'ব পাৰিছে। সচিবগৰাকীয়ে কয় যে ইয়াৰ বাবে প্ৰসাৰ ভাৰতীয়ে মাল্টি কেমেৰা ছেটআপ আৰু বহু লাইভ প্ৰগ্ৰেমৰ ব্যৱস্থা কৰিছে।
তেওঁ কয় যে বিশেষ এফ এম চেনেল কুম্ভবাণীৰ জৰিয়তে ৰাইজৰ মাজত তথ্য প্ৰচাৰ কৰা হৈছে। লগতে এফ এম ৰেডিঅ’ৰ সম্প্ৰচাৰক মহা কুম্ভৰ ভাষণ আদিৰ সৈতেও সংযুক্ত কৰা হৈছে, যিয়ে ভক্তসকলক উপকৃত কৰিছে। কেন্দ্ৰীয় সচিবগৰাকীয়ে মহা কুম্ভ মেলা অঞ্চলত কৰ্মৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ লগতে তেওঁলোকক প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰদান কৰে।

১৪৪ বছৰৰ পাছত অনুষ্ঠিত হৈ থকা এই বিশেষ মহা কুম্ভ পৰিচালনাত সকলোৱে অৱদান আগবঢ়াইছে বুলিও তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে কয়। তেওঁ কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে মহা কুম্ভলৈ আহি সকলো মতানৈক্য পাহৰি শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। শ্ৰী জাজুৱে লগতে কয় যে আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু উত্তৰাধিকাৰক আগুৱাই নিয়াত মহাকুম্ভৰ বিপুল অৱদান আছে।

তেওঁৰ এই ভ্ৰমণৰ সময়ত সচিবগৰাকীয়ে প্ৰকাশন বিভাগৰ বিপনীও পৰিদৰ্শন কৰে৷ তাত বাল ভাৰতী আলোচনীখন দেখাৰ লগে লগে তেওঁৰ মনত শৈশৱৰ স্মৃতি জাগ্ৰত হৈ পৰে৷ তেওঁ আলোচনীখনৰ প্ৰকাশ অব্যাহত থকাৰ বাবে সংশ্লিষ্ট সকলোৰে শলাগ লয়৷
(रिलीज़ आईडी: 2095701)
आगंतुक पटल : 41
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam