গৃহ মন্ত্ৰালয়
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিয়োগত ভাৰত চৰকাৰৰ গভীৰ শোক প্ৰকাশ
তেখেতলৈ সন্মানাৰ্থে সমগ্ৰ দেশতে ২৬-১২-২০২৪ৰ পৰা ০১-০১-২০২৫লৈ সাতদিনীয়া ৰাষ্ট্ৰীয় শোক
ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব
Posted On:
27 DEC 2024 3:05AM by PIB Guwahati
ভাৰত চৰকাৰে ২৬-১২-২০২৪ত নতুন দিল্লীৰ এইমছ হাস্পতালত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
তেখেতলৈ সন্মানাৰ্থে সমগ্ৰ দেশতে ২৬-১২-২০২৪ৰ পৰা ০১-০১-২০২৫লৈ উভয় দিনকে ধৰি সাতদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সময়ছোৱাত সমগ্ৰ ভাৰততে সদায় উত্তোলিত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু ৰাষ্ট্ৰীয় শোক পালনৰ সময়ছোৱাত কোনো ধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক কাৰ্য্যসূচী গ্ৰহণ কৰা নহ’ব। ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে প্ৰয়াত ডঃ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অন্ত্যেষ্টিক্ৰিয়াৰ দিনা বহিঃৰাষ্ট্ৰৰ সকলো ইণ্ডিয়ান মিছন/ভাৰতৰ উচ্চ আয়োগৰো ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।
****
RK/VV/ASH/RR/PR/PS/SB
(Release ID: 2088328)
Visitor Counter : 63
Read this release in:
Tamil
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam