প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৌ সেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ বীৰ কৰ্মীসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
04 DEC 2024 10:06AM by PIB Guwahati
নৌ সেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ বীৰ কৰ্মীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশৰ সুৰক্ষা, নিৰাপত্তা আৰু সমৃদ্ধি নিশ্চিত কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত এনেদৰে লিখিছে:
"নৌ সেনা দিৱসত আমি ভাৰতীয় নৌসেনাৰ বীৰ কৰ্মীসকলক অভিবাদন জনাইছো যিসকলে আমাৰ সাগৰক অতুলনীয় সাহস আৰু নিষ্ঠাৰে সুৰক্ষিত কৰি আহিছে। তেওঁলোকৰ দায়বদ্ধতাই আমাৰ দেশৰ সুৰক্ষা, নিৰাপত্তা আৰু সমৃদ্ধি নিশ্চিত কৰিছে। ভাৰতৰ সমৃদ্ধ সামুদ্ৰিক ইতিহাসক লৈও আমি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ।"
***
MJPS/SR/HS/ID
(ৰিলিজ আই ডি : 2080479)
অতিথি কক্ষ : 81
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam