প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু-কাশ্মীৰৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰাণাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 01 NOV 2024 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰাণাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰিছেঃ

“দেৱেন্দ্ৰ সিং ৰাণা ডাঙৰীয়াৰ অকাল মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে। তেওঁ জম্মু-কাশ্মীৰৰ প্ৰগতিৰ অৰ্থে নেৰা-নেপেৰাকৈ কাম কৰি অহা এগৰাকী প্ৰবীণ নেতা আছিল। তেওঁ কেইদিনমান পূৰ্বে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ লগতে ইয়াত বিজেপিক শক্তিশালী কৰি তোলাত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই শোকৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকবৃন্দলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।”

***

MJPS/TS/SB
 


(रिलीज़ आईडी: 2070106) आगंतुक पटल : 77
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam