প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট নৃত্যশিল্পী তথা সাংস্কৃতিক প্ৰতীক শ্ৰী কনকা ৰাজুৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 OCT 2024 10:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশিষ্ট নৃত্যশিল্পী তথা সাংস্কৃতিক প্ৰতীক শ্ৰী কনকা ৰাজু জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে গুছাড়ী নৃত্য সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ চহকী অৱদান আৰু সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বপূৰ্ণ দিশসমূহ ইয়াৰ প্ৰামাণিক ৰূপত গঢ়ি তোলাৰ বাবে তেওঁৰ নিষ্ঠা আৰু আবেগৰ শলাগ লয়।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে যেঃ

“প্ৰখ্যাত নৃত্যশিল্পী তথা সাংস্কৃতিক প্ৰতীক শ্ৰী কনকা ৰাজু জীৰ মৃত্যুত মৰ্মাহত হৈছো। গুছাড়ী নৃত্য সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানে ভৱিষ্যত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰিব। তেওঁৰ নিষ্ঠা আৰু আবেগে সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বপূৰ্ণ দিশসমূহ যাতে প্ৰামাণিক ৰূপত বিকশিত হ’ব পাৰে, সেয়া নিশ্চিত কৰিছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2068563) आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam