প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাও পিডিআৰত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সামৰণি ভাষণৰ অসমীয়া অনুবাদ

Posted On: 10 OCT 2024 8:07PM by PIB Guwahati

মহামহিম,

মান্যবৰ,

আজি আমাৰ ইতিবাচক আলোচনাৰ বাবে আৰু আপোনালোকৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো।

আজিৰ সন্মিলনৰ সফল আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী সোনেক্সে ছিফাণ্ডোনেকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ডিজিটেল ৰূপান্তৰ আৰু আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আমি গ্ৰহণ কৰা দুটা যৌথ বিবৃতিই ভৱিষ্যতে আমাৰ সহযোগিতাৰ আধাৰ গঢ়ি তুলিব৷ এই কৃতিত্বৰ বাবে সকলোকে প্ৰশংসা কৰিছো।

বিগত তিনি বছৰত আছিয়ানত ভাৰতৰ দেশ সমন্বয়ক হিচাপে ছিংগাপুৰে ইতিবাচক ভূমিকা লোৱাৰ বাবে ছিংগাপুৰক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ আপোনালোকৰ সহায়ৰ বাবেই আমি ভাৰত-আছিয়ান সম্পৰ্কত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছো। আমাৰ নতুন দেশ সমন্বয়ক হিচাপে ফিলিপাইনছকো আদৰণি আৰু অভিনন্দন জনাইছো।

মই নিশ্চিত যে আমি দুই বিলিয়ন লোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আৰু আঞ্চলিক শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে সহযোগিতা অব্যাহত ৰাখিম।

আকৌ এবাৰ লাওৰ পি.ডি.আৰ.ৰ প্ৰধানমন্ত্ৰীক আছিয়ানৰ আদৰ্শপূৰ্ণ অধ্যক্ষ পদৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ।

মালয়েছিয়াই পৰৱৰ্তী চকীখনৰ মেণ্টেল গ্ৰহণ কৰাৰ লগে লগে মই ১৪০ কোটি ভাৰতীয়ৰ হৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

আপুনি আপোনাৰ অধ্যক্ষ পদৰ সফলতাৰ বাবে ভাৰতৰ অটল সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

***

MJPS/SR/SKS/DB



(Release ID: 2064263) Visitor Counter : 19