উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ লৈ উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ বিশেষ প্ৰচাৰ অভিযান ৪.o কাৰ্যসূচী
प्रविष्टि तिथि:
02 OCT 2024 2:28PM by PIB Guwahati
প্ৰতিষ্ঠানিক স্বচ্ছতা আৰু অমীমাংক্ষিত বিষয়ৰ সমাধানৰ বাবে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় আৰু ইয়াৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহে বিশেষ প্ৰচাৰ অভিযান ৪.o ত অংশ গ্ৰহণ কৰে।
দিল্লী আৰু উত্তৰ পূৰ্বাঞ্চলত ৯ টা অফিচিয়েল ছাইট নিকাকৰণৰ বাবে চিনাক্ত কৰে মন্ত্ৰালয়ে। উত্তৰ পূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ বহু কেইটা স্থানীয় ছাইটও কৰা হব স্বচ্ছ। ভি আই পি দ্বাৰা প্ৰেৰণ কৰা অমীমাংক্ষিত বিষয় সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰৰ ভিতৰতে অমীমাংক্ষিত বিষয় শূণ্য কৰাৰ লক্ষ্য এমডি অ' এন ই আৰ ৰ। অগ্ৰাধিকাৰ ভিত্তিত ভিআইপি ৰ অমীমাংক্ষিত বিষয় সমূহ শীঘ্ৰেই সমাধানৰ প্ৰতিশ্ৰুতি এম ডি অ' এন ই আৰ ৰ। সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে আলোচনা কৰি আশ্বাস পৰিমানো সীমিত কৰাৰ চেষ্টা। তালিকা অনুসৰি ৮০০ টা ই-ফাইল আৰু ১৬৫ টা ফিজিকেল ফাইল পৰীক্ষা কৰি থকা হৈছে।

এই অভিযান কালত বিষয়া আৰু কৰ্মচাৰী সকলক ৰিপৰ্টৰ হাৰ্ড কপি অথবা পিপিট সমূহ নষ্ট কৰাৰ বাবে পৰামৰ্শ দিয়া হ'ব। যি সমূহৰ ভৱিষ্যতে কোনো প্ৰয়োজন নাথাকে। বিশেষ অভিযান ৪.o এই কাৰ্যসূচী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত এমডি অ' এন ই আৰ ৰ প্ৰতিষ্ঠান আৰু এফটিএছইউ ৰ দ্বাৰা কৰা হব। "স্বচ্ছতা সি সেৱা ২০২৪" অভিযানৰ অন্তিম পৰ্যায়ত ২ অক্টোবৰ ২০২৪ ত মুকলি কৰা ২য় পৰ্যায়ৰ বিশেষ প্ৰচাৰ অভিযান ৪.o। এমডিঅ'এনইআৰ ৰ সচিবে সম্বৰ্ধনা জনাই "চাফাই মিত্ৰ", অস্থায়ী কৰ্মচাৰী সকলক। "স্বচ্ছতা সি সেৱা ২০২৪" অভিযানত আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকক প্ৰশংসাৰ চিন স্বৰূপে এটাকৈ থাৰমেল ফলাক্স আগবঢ়াই।

******
SB/DP/DS
(रिलीज़ आईडी: 2061936)
आगंतुक पटल : 78
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam