প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ কেবিনেট সিদ্ধান্তক প্ৰশংসা কৰে
प्रविष्टि तिथि:
03 OCT 2024 10:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ কেবিনেট সিদ্ধান্তক প্ৰশংসা কৰিছে
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন পোৱাৰ পাছত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত অসীম আনন্দিত হৈছোঁ৷ অসমীয়া সংস্কৃতি যুগ যুগ ধৰি উজ্জ্বলি উঠিছে, আৰু ই আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে। আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক। মোৰ অভিনন্দন।”
“মহান বাংলা ভাষাক, বিশেষকৈ দুৰ্গা পূজাৰ শুভ সময়ত, ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত মই অতিশয় সুখী। বাংলা সাহিত্যই বছৰ বছৰ ধৰি অগণন মানুহক অনুপ্ৰাণিত কৰি আহিছে। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ সকলো বাংলাভাষীক অভিনন্দন জনাইছোঁ।”
“মাৰাঠী ভাৰতৰ গৌৰৱ।
এই অভূতপূৰ্ব ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে অভিনন্দন। এই সন্মানে আমাৰ দেশৰ ইতিহাসত মাৰাঠীৰ চহকী সাংস্কৃতিক অৱদানক স্বীকৃতি দিয়ে। মাৰাঠী সদায় ভাৰতীয় ঐতিহ্যৰ মূল শিলাস্তম্ভ হৈ আহিছে।
মই নিশ্চিত যে ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ লগে লগে আৰু বহু লোকে ইয়াক শিকিবলৈ অনুপ্ৰাণিত হ’ব।”
“পালি আৰু প্ৰাকৃত ভাৰতৰ সংস্কৃতিৰ মূল। এইবোৰ আধ্যাত্মিকতা, প্ৰজ্ঞা আৰু দৰ্শনৰ ভাষা। সাহিত্যিক পৰম্পৰাৰ বাবেও ইবিলাক পৰিচিত। ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতিয়ে ভাৰতীয় চিন্তা, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত ইবিলাকৰ কালজয়ী প্ৰভাৱক সন্মান জনায়।
মই নিশ্চিত যে ইবিলাকক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ কেবিনেট সিদ্ধান্তৰ পিছত অধিক লোকে ইবিলাকৰ বিষয়ে জানিবলৈ অনুপ্ৰাণিত হ’ব। সঁচাকৈয়ে এইটো এটা আনন্দৰ মুহূৰ্ত!”
“কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিছত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ। অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজ্বলি উঠিছে আৰু আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে। আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক। সকলোকে মই অভিনন্দন জনালোঁ।”
“আমি অত্যন্ত খুশি যে মহান বাংলা ভাষাকে ধ্রুপদী ভাষার মর্যাদা দেওয়া হয়েছে আর তাও পবিত্র দুর্গা পূজার সময়েই।বাংলা সাহিত্য অসংখ্য মানুষকে বছরের পর বছর ধরে অনুপ্রাণিত করে আসছে । এই উপলক্ষে বিশ্ব জুড়ে সকল বাংলা ভাষাভাষী-কে অভিনন্দন জানাই ।”
“मराठी भाषा ही भारताचा अभिमान आहे. या अद्वितीय भाषेला अभिजात भाषेचा दर्जा मिळाल्याबद्दल अभिनंदन. हा सन्मान म्हणजे मराठी भाषेने आपल्या देशाच्या इतिहासात दिलेल्या समृद्ध सांस्कृतिक योगदानाचा गौरवच आहे. मराठी भाषा ही कायमच भारतीय वारशाचा आधारस्तंभ राहिली आहे. मला खात्री आहे की अभिजात भाषेचा दर्जा मिळाल्याने ही भाषा शिकण्यासाठी असंख्य लोकांना प्रेरणा मिळेल.”
**********
MJPS/TS
(रिलीज़ आईडी: 2061896)
आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam