বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

কেন্দ্ৰীয় বিত্তমন্ত্ৰীনিৰ্মলা সীতাৰমনে ১৮ ছেপ্টেম্বৰত এনপিএছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব

প্ৰায় ৭৫ স্থানৰপৰানতুন দিল্লীৰ মূল অনুষ্ঠানত ভাৰ্চুৱেলভাৱে যোগদান

শিশু চাবস্ক্ৰাইবাৰসকলক ‘প্ৰাণ’ কাৰ্ডৰে এনপিএছ বাৎসল্যত অন্তৰ্ভুক্তকৰা হ’ব

এনপিএছ বাৎসল্যই শিশুৰ আৰ্থিক ভৱিষ্যৎ সুৰক্ষিতকৰণৰ ক্ষেত্ৰত আগতীয়াকৈ আৰম্ভ কৰাক প্ৰোৎসাহিতকৰণৰ অৰ্থে ভাৰত চৰকাৰৰ অংগীকাৰকে আলোকপাত কৰে

Posted On: 16 SEP 2024 5:38PM by PIB Guwahati

কেন্দ্ৰীয় বাজেট, ২০২৪-২৫ত ঘোষণা কৰা অনুসৰি, কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনেঅহা ১৮ ছেপ্টেম্বৰ, ২০২৪ত নতুন দিল্লীত এনপিএছ বাৎসল্য আঁচনিৰশুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলেও যোগদান কৰিব।

ইয়াত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়েএনপিএছ বাৎসল্য চাবস্ক্ৰাইবৰ বাবে এটি অনলাইন প্লেটফৰ্ম মুকলি, আঁচনিখনৰ ব্ৰ’চাৰ উন্মোচনআৰু নতুন নাবালক চাবস্ক্ৰাইবাৰসকলক স্থায়ী অৱসৰ একাউন্ট নম্বৰ (PRAN) কাৰ্ড বিতৰণ কৰিব।

নতুন দিল্লীত এই কাৰ্য্যসূচীৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ প্ৰায় ৭৫টা স্থানত একে সময়তে এনপিএছ বাৎসল্যৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এইদৰেস্থানসমূহে যোগদান কৰিব আৰু সেই স্থানসমূহত নতুন নাবালক চাবস্ক্ৰাইবাৰসকলক‘প্ৰাণ’সদস্যপদ বিতৰণো কৰা হ’ব।

এনপিএছ বাৎসল্যই অভিভাৱকসকলক পেঞ্চন একাউন্টত বিনিয়োগেৰে সন্তানৰ ভৱিষ্যসুৰক্ষিতকৰণৰ সুবিধা প্ৰদান কৰিব আৰু কম্পাউণ্ডিঙৰ শক্তিৰে দীৰ্ঘ-ম্যাদী সম্পদ নিশ্চিত কৰিব। এনপিএছ বাৎসল্যই নমনীয় বৰঙণি আৰু বিনিয়োগৰ বিকল্প আগবঢ়াইছে, যাৰ জৰিয়তে অভিভাৱকসকলে সন্তানৰ নামত বছৰি ১,০০০ টকাকৈ বিনিয়োগ কৰিব পাৰে। এনে সুবিধাৰে আঁচনিখন সকলো পৰিয়ালৰ বাবে সুলভ হৈউঠিছে।

এই নতুন পদক্ষেপ শিশুৰ আৰ্থিক ভৱিষ্য সুৰক্ষিতকৰণৰ ক্ষেত্ৰত আগতীয়াকৈ আৰম্ভ কৰিবলৈ গ্ৰহণ কৰা হৈছে, যি ভাৰতৰ পেঞ্চন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থাহিচাপে পৰিগণিত হৈছে। এই আঁচনিখন পেঞ্চন পুঁজিনিয়ামকআৰুবিকাশকৰ্তৃপক্ষ (PFRDA)ৰ অধীনত পৰিচালিত হ’ব।

এনপিএছ বাৎসল্যৰ শুভাৰম্ভণিয়ে ভাৰত চৰকাৰৰ সকলোৰে বাবেদীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা আৰু নিৰাপত্তাক প্ৰোৎসাহিতকৰণৰ প্ৰতি থকা দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। ভাৰতৰ ভৱিষ্য প্ৰজন্মক আৰ্থিকভাৱে অধিক সুৰক্ষিত আৰু স্বাধীন কৰি তোলাৰ দিশত এয়া এক বৃহ পদক্ষেপ।

****

NB/KMN/SB
 



(Release ID: 2055447) Visitor Counter : 71