গৃহ মন্ত্ৰালয়

গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত I4C-ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্য্যসূচী সম্বোধনেৰে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ অৰ্থেগুৰুত্বপূৰ্ণ পদক্ষেপৰশুভাৰম্ভ কৰিব

চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) ৰাষ্ট্ৰলৈ উৎসৰ্গাৰে সমন্বয় প্লেটফৰ্ম (যৌথ চাইবাৰ অপৰাধ তদন্ত সুবিধা ব্যৱস্থা)ৰশুভাৰম্ভ কৰিব

শ্ৰী অমিত শ্বাহে ‘চাইবাৰ কমাণ্ডো’ কাৰ্য্যক্ৰম আৰু চাচপেক্ট ৰেজিষ্ট্ৰীও উদ্বোধন কৰিব

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত ৰূপায়ণ কৰা এই পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘চাইবাৰ ছিকিউৰ ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব

Posted On: 09 SEP 2024 6:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১০ছেপ্টেম্বৰ,২০২৪অৰ্থাৎ মঙলবাৰেনতুন দিল্লীত I4C-ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্য্যসূচী সম্বোধনেৰে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে এলানি গুৰুত্বপূৰ্ণ পদক্ষেপৰশুভাৰম্ভ কৰিব।

ইয়াত গৃহমন্ত্ৰীয়ে চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। নতুন দিল্লীৰ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (14C)ত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেন্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থা (LEA)ৰ প্ৰতিনিধিত্বৰে চিএফএমচি স্থাপন কৰা হৈছে। অনলাইন বিত্তীয় অপৰাধেৰে মোকাবিলাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে তেওঁলোকে একেলগে কাম কৰিব। আইন বলবতৰ ক্ষেত্ৰত চিএফএমচিয়ে "সমবায় ফেডাৰেলিজম"ৰ দৃষ্টান্ত দাঙি ধৰিব।

শ্ৰী অমিত শ্বাহে সমন্বয় প্লেটফৰ্ম (যৌথ চাইবাৰ অপৰাধ তদন্ত সুবিধা ব্যৱস্থা)ৰ শুভাৰম্ভ কৰিব। সমগ্ৰ দেশৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ বাবে চাইবাৰ অপৰাধৰ তথ্য ভঁৰাল, তথ্য বিনিময়, অপৰাধ মেপিং, তথ্য বিশ্লেষণ, সহযোগিতা আৰু সমন্বয়ৰ এক মঞ্চৰ অৰ্থেওৱান ষ্টপ পৰ্টেল হিচাপে কাম কৰিবলৈ এটা ৱেব-ভিত্তিক মডিউলেই হৈছে সমন্বয় প্লেটফৰ্ম।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে‘চাইবাৰ কমাণ্ডো’ কাৰ্য্যক্ৰম উদ্বোধন কৰিব। এই কাৰ্য্যসূচীৰ অধীনত দেশৰ চাইবাৰ সুৰক্ষাৰ পৰিবেশৰ প্ৰতি ভাবুকি প্ৰতিহতকৰণৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা (CPO)ত প্ৰশিক্ষণপ্ৰাপ্ত‘চাইবাৰ কমাণ্ডো’ৰ এটা বিশেষ শাখা স্থাপন কৰা হ’ব। প্ৰশিক্ষণপ্ৰাপ্ত চাইবাৰ কমাণ্ডোৱে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহক ডিজিটেল স্থান সুৰক্ষিতকৰণত সহায় কৰিব।

শ্ৰী অমিত শ্বাহে চাচপেক্টৰেজিষ্ট্ৰীও উদ্বোধন কৰিব। এই পদক্ষেপৰ অংশ হিচাপে বিত্তীয় বাতাবৰণৰ জালিয়াতিৰ বিপদাশংকা ব্যৱস্থাপনা ক্ষমতা সুদৃঢ়কৰণৰ বাবে বেংক আৰু বিত্তীয় মধ্যস্থতাকাৰীৰ সহযোগত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ৰিপ’ৰ্টিং পৰ্টেল (NCRP)ৰ ভিত্তিত ভিন্ন চিনাক্তকাৰীৰ চাচপেক্টৰেজিষ্ট্ৰীগঢ়ি তোলা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত ৰূপায়ণ কৰা এই পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘চাইবাৰ ছিকিউৰ ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চাইবাৰ আৰু তথ্য সুৰক্ষা বিভাগৰ (CIS Division)ৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত ২০১৮ৰ ৫ অক্টোবৰত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C) প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল সমগ্ৰ দেশতে চাইবাৰ অপৰাধেৰে সম্পৰ্কীয় সকলো সমস্যা সমাধানৰ বাবে এটি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমন্বয় কেন্দ্ৰ স্থাপন কৰা। এইকেন্দ্ৰৰ লক্ষ্য হৈছে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু চাইবাৰ অপৰাধেৰে মোকাবিলাকাৰী ভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয়ৰ অগ্ৰগতি সাধন কৰা। ২০২০ৰ ১০ জানুৱাৰীত নতুন দিল্লীত I4C-ৰমুখ্য কাৰ্য্যালয় উদ্বোধনেৰেৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হৈছিল। ইয়াক এক স্থায়ী প্ৰতিষ্ঠানিক ৰূপ দিবলৈ২০২৪ৰ ১ জুলাইৰপৰা কাৰ্য্যকৰী হোৱাকৈইয়াক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত এটি সংলগ্ন কাৰ্য্যালয় হিচাপে গণ্য কৰা হৈছে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বান্দি সঞ্জয় কুমাৰ, কেন্দ্ৰীয় গৃহ সচিব, আইবিৰসঞ্চালক, বিশেষ সচিব (অভ্যন্তৰীণ নিৰাপত্তা), ভাৰতৰ ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰমুখ্য সচিব আৰু ডিজিপি/জ্যেষ্ঠ আৰক্ষী বিষয়া, ভিন্ন চৰকাৰী সংস্থাৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। ভিন্ন বেংক/বিত্তীয় মধ্যস্থতাকাৰী, ফিনটেক, মিডিয়া, চাইবাৰ কমাণ্ডো, এনচিচি আৰু এনএছএছ কেডেটসকলেও এই অনুষ্ঠানত ভাগল’ব।

১০ ছেপ্টেম্বৰ, ২০২৪ৰ পুৱা ১১.৩০ বজাৰপৰা I4C-ৰ অফিচিয়েল ইউটিউব চেনেল, চাইবাৰডষ্টত এই কাৰ্য্যসূচীৰ লাইভ সম্প্ৰচাৰ কৰা হ’ব।

*****

RK/VV/ASH/PS/SB
 



(Release ID: 2053272) Visitor Counter : 21