প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী লী ছিয়েন লুঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
05 SEP 2024 2:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ই লী ছিয়েন লুঙক সাক্ষাৎ কৰে। জ্যেষ্ঠ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত–ছিংগাপুৰ কৌশলগত অংশীদাৰিত্বৰ উন্নয়নত জ্যেষ্ঠ মন্ত্ৰী লীৰ অৱদানৰ প্ৰশংসা কৰে আৰু জ্যেষ্ঠ মন্ত্ৰী হিচাপে তেওঁৰ নতুন ভূমিকাৰ জৰিয়তে ভাৰতৰ সৈতে ছিংগাপুৰৰ সম্পৰ্কৰ প্ৰতি মনোযোগ আৰু সহযোগিতা অব্যাহত ৰাখিব বুলি আশা ব্যক্ত কৰে।
তেওঁলোকৰ পূৰ্বৰ বৈঠকসমূহৰ বিষয়ে স্মৰণ কৰি প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ মন্ত্ৰী লীয়ে ভাৰত-ছিংগাপুৰ সম্পৰ্ক এক ব্যাপক কৌশলগত অংশীদাৰীত্বলৈ ত্বৰান্বিত হোৱা সন্দৰ্ভত সন্তুষ্টি ব্যক্ত কৰে। ভাৰত- ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ দুয়োখন বৈঠকত চিহ্নিত কৰা সহযোগিতাৰ স্তম্ভৰ অধীনত অধিক কাম কৰাৰ যথেষ্ট সম্ভাৱনা থকা সন্দৰ্ভত তেওঁলোকে সহমত প্ৰকাশ কৰে। দ্বিপাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকে মত-বিনিময় কৰে।
***
MJPS/ST
(रिलीज़ आईडी: 2052306)
आगंतुक पटल : 64
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam