প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বেডমিণ্টন খেলুৱৈ মনীষা ৰামদাসক ‘ব্ৰঞ্জৰ পদক’ জয় কৰাৰ বাবে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 02 SEP 2024 9:13PM by PIB Guwahati

চলিত ‘পেৰিছ পেৰালিম্পিক’ত মহিলা ‘বেডমিণ্টন এছইউ৫ প্ৰতিযোগিতা’ত ‘ব্ৰঞ্জৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’  কৰিছে:

"পেৰালিম্পকত মহিলাৰ ‘বেডমিণ্টন এছইউ৫ ইভেণ্ট’ত ‘ব্ৰঞ্জৰ পদক’ জয় কৰাটো হৈছে মনীষা ৰামদাসে কৰা এক অসামান্য প্ৰচেষ্টাৰ ফল! তেওঁৰ নিষ্ঠা আৰু অধ্যৱসায়ে এই অনবদ্য সাফল্য সম্ভৱ কৰিছে। তেওঁক অভিনন্দন জনাইছোঁ।

#Cheer4Bharat"

 

***

MJPS/RT/KB



(Release ID: 2051157) Visitor Counter : 21