ৰাষ্ট্ৰপতি সচিবালয়

ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ২০২৪

Posted On: 22 AUG 2024 2:20PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে  আজি (২২ আগষ্ট, ২০২৪) ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত  ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ-২০২৪ প্ৰদান কৰে।

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰৰ প্ৰথম সংস্কৰণৰ  চাৰিটা শাখা ক্ৰমে বিজ্ঞান ৰত্ন, বিজ্ঞান শ্ৰী, বিজ্ঞান যুৱ, আৰু বিজ্ঞান দলত  বিশিষ্ট বিজ্ঞানীসকলক ৩৩টা বঁটা প্ৰদান কৰা হয়। 

বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰতে আজীৱন অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক প্ৰদান কৰা বিজ্ঞান ৰত্ন বঁটা ভাৰতৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি গৱেষণাৰ অগ্ৰণী অধ্যাপক গোবিন্দৰাজন পদ্মনাভনক প্ৰদান কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক প্ৰদান কৰা বিজ্ঞানশ্ৰী বঁটা ১৩ গৰাকী বিজ্ঞানীক নিজ নিজ ক্ষেত্ৰত উল্লেখনীয়  গৱেষণাৰ বাবে প্ৰদান কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰতে ব্যতিক্ৰমী অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক স্বীকৃতি দিবলৈ প্ৰদান কৰা বিজ্ঞান যুৱ-এছ এছ বি বঁটা ১৮ গৰাকী বিজ্ঞানীক  ভাৰত মহাসাগৰৰ উষ্ণতা আৰু ইয়াৰ পৰিণতি, থলুৱা ৫জি বেচ ষ্টেচন আৰু কোৱাণ্টাম বলবিজ্ঞানৰ যোগাযোগ তথা  নিখুঁত পৰীক্ষাৰ বিকাশৰ বাবে প্ৰদান কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰতে যুগান্তকাৰী গৱেষণামূলক অৱদান আগবঢ়োৱাৰ বাবে ৩ জন বা তাতকৈ অধিক বিজ্ঞানীৰে গঠিত  দলক  প্ৰদান কৰা বিজ্ঞান দল বঁটা চন্দ্ৰযান-৩ৰ দলটোক চন্দ্ৰৰ দক্ষিণ মেৰুত  চন্দ্ৰযান-৩ লেণ্ডাৰৰ সফল অৱতৰণৰ বাবে প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ –২০২৪ৰ বিষয়ে অধিক তথ্য জানিবলৈ ইয়াত ক্লিক কৰক

 

 

***

 

MJPS/SR/DM



(Release ID: 2047769) Visitor Counter : 17