গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অধীনত নতুন দিল্লীস্থিত বাসগৃহত ত্ৰিৰংগা উত্তোলন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ #HarGharTiranga অভিযানৰ অধীনত সমগ্ৰ দেশ ত্ৰিৰংগাময় হৈ উঠিছে

আজি মোৰ নতুন দিল্লীস্থিত বাসগৃহত ত্ৰিৰংগা উত্তোলনেৰে দেশৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা বীৰসকলৰ গাথা স্মৰণ কৰোঁ

কোটি-কোটি দেশবাসীৰ ঐক্য, আনুগত্য আৰু গৌৰৱৰ প্ৰতীক হিচাপে ত্ৰিৰংগা চিৰদিনৰ বাবে উৰি থাকিব

আমাৰ গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত অংশগ্ৰহণ কৰি যাবলৈ তথা ঘৰত ত্ৰিৰংগা উত্তোলনেৰে harghartiranga.com-ত চেলফি আপল’ড কৰিবলৈ সকলোকে আহ্বান জনালোঁ

Posted On: 14 AUG 2024 11:27AM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অধীনত তেওঁৰ নতুন দিল্লীস্থিত বাসগৃহত ত্ৰিৰংগা উত্তোলন কৰে।

এই সন্দৰ্ভত ‘এক্স’ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ #HarGharTiranga অভিযানৰ অধীনত আজি সমগ্ৰ দেশ ত্ৰিৰংগাময় হৈ উঠিছে। আজি মোৰ নতুন দিল্লীস্থিত বাসগৃহত ত্ৰিৰংগা উত্তোলনেৰে দেশৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা বীৰসকলৰ গাথা স্মৰণ কৰোঁ। কোটি-কোটি দেশবাসীৰ ঐক্য, আনুগত্য আৰু গৌৰৱৰ প্ৰতীক হিচাপে ত্ৰিৰংগা চিৰদিনৰ বাবে উৰি থাকিব।

শ্ৰী অমিত শ্বাহে ত্ৰিৰংগাৰ সৈতে চেলফিও শ্বেয়াৰেৰে গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত অংশগ্ৰহণ কৰি যাবলৈ তথা ঘৰত ত্ৰিৰংগা উত্তোলনেৰে harghartiranga.com-ত চেলফি আপল’ড কৰিবলৈ সকলোকে আহ্বান জনায়।

*****

RK/VV/ASH/PS/SB
 



(Release ID: 2045427) Visitor Counter : 18