প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাংলাদেশত নতুন পদ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নোবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছক অভিনন্দন জনাইছে

Posted On: 08 AUG 2024 9:50PM by PIB Guwahati

বাংলাদেশৰ নৱগঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা পদ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছক অভিনন্দন জনাইছে।

প্রধানমন্ত্রীয়ে চুবুৰীয়া দেশখনৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ লগতে হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষাৰ কামনা কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এই পোষ্ট কৰে;

"অধ্যাপক মহম্মদ ইউনুছক তেওঁৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে মোৰ শুভেচ্ছা। আমি আশা কৰিছোঁ যে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব, হিন্দু আৰু আন সকলো সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰিব। শান্তি, নিৰাপত্তা আৰু বিকাশৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ উমৈহতীয়া আকাংক্ষাসমূহ পূৰণৰ বাবে বাংলাদেশৰ সৈতে কাম কৰাৰ ভাৰতৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব।”

**********

 

DS/RT



(Release ID: 2043705) Visitor Counter : 15