প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শাস্ত্ৰীয় নৃত্যশিল্পী যামিনী কৃষ্ণমূৰ্তিৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
04 AUG 2024 2:14PM by PIB Guwahati
ভাৰতীয় শাস্ত্ৰীয়নৃত্যৰ শিল্পী ড০ যামিনী কৃষ্ণমূৰ্তিৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ড০ কৃষ্ণমূৰ্তিয়ে ভাৰতীয় ঐতিহ্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"ড০ যামিনী কৃষ্ণমূৰ্তিৰ মৃত্যুত ব্যথিত হৈছো। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত তেওঁ লাভ কৰা উৎকৰ্ষ আৰু সমৰ্পণে বহু প্ৰজন্মক অনুপ্ৰাণিত কৰিছে আৰু আমাৰ সাংস্কৃতিক দৃশ্যপটত এক অম্লান ছাপ পেলাইছে। তেওঁ আমাৰ ঐতিহ্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।"
***
DS/RT/KB
(ৰিলিজ আই ডি : 2041428)
অতিথি কক্ষ : 70
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam