প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীৰ সদস্যসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 JUL 2024 10:07AM by PIB Guwahati

চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীৰ সদস্যসকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে তেওঁলোকৰ অটল নিষ্ঠা আৰু দেশৰ প্ৰতি নিৰন্তৰ সেৱাৰ মানসিকতা সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

"প্ৰতিষ্ঠা দিৱস উপলক্ষে চিআৰপিএফ বাহিনীৰ সদস্যসকলক শুভেচ্ছা জনাইছোঁ। জাতিৰ প্ৰতি তেওঁলোকৰ অটল নিষ্ঠা আৰু নিৰন্তৰ দেশ সেৱাৰ মানসিকতা সঁচাকৈয়ে প্ৰশংসনীয়। শৌৰ্য আৰু অংগীকাৰৰ সৰ্বোচ্চ মানত তেওঁলোক প্ৰতিষ্ঠিত। আমাৰ দেশক সুৰক্ষিত কৰি ৰখাত তেওঁলোকৰ ভূমিকাও গুৰুত্বপূৰ্ণ।"

*************

 

DS/ST/KG


(रिलीज़ आईडी: 2038265) आगंतुक पटल : 72
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam