বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ‘এমএছএমই’সমূহক উদগণি দিয়াৰ বাবে আঠটা নতুন পদক্ষেপৰ প্ৰস্তাৱ দিছে

উৎপাদনী খণ্ডত মূলধন বিনিয়োগ কৰাৰ বাবে ‘এমএছএমই’সমূহৰ বাবে ১০০ কোটি টকালৈকে প্ৰস্তাৱিত আৱৰণৰ সৈতে ‘ক্ৰেডিট গেৰাণ্টী আঁচনি’

‘এমএছএমই’সমূহক ঋণ প্ৰদান কৰাৰ বাবে নতুন আৰু স্বতন্ত্ৰ মূল্যায়ন আৰ্হি বিকশিত কৰাৰ প্ৰস্তাৱ দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে

চাপৰ সময়ছোৱাত এমএছএমইসমূহক চৰকাৰৰ উদগণি পুঁজিৰ পৰা ঋণ সহযোগিতা আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়ে শ্ৰীমতী সীতাৰমণে

ঋণ-যোগ্য উদ্যোগীসকলৰ বাবে ২০ লাখ টকালৈ মুদ্ৰা ঋণ বৃদ্ধি কৰা হৈছে

কেন্দ্ৰীয় বাজেটে ‘ট্ৰেড’-ত বাধ্যতামূলক সমাৱেশৰ বাবে ক্ৰেতাসকলৰ ক্ষেত্ৰত মুঠ ব্যৱসায়ৰ নিৰ্দ্ধাৰিত সীমা আধালৈ নমোৱাৰ প্ৰস্তাৱ দিছে

Posted On: 23 JUL 2024 1:03PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৪-২৫ উপস্থাপন কৰাৰ সময়ত কয়, "এই বাজেটে এমএছএমই আৰু উৎপাদন, বিশেষকৈ শ্ৰমিক-নিবিড় উৎপাদনৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিছে।" কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এক ‘পেকেজ’ প্ৰস্তুত কৰিছে য'ত অন্তৱৰ্তীকালীন বাজেটত উল্লেখ কৰা অনুসৰি ‘এমএছএমই’সমূহৰ বিকাশ আৰু বিশ্বজোৰা প্ৰতিযোগিতাত সহায় কৰাৰ বাবে বিত্তীয় নিয়ামক পৰিৱৰ্তন আৰু প্ৰযুক্তি-সহযোগিতাক সামৰি লোৱা হৈছে।

‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’(এমএছএমই)সমূহ হৈছে বাজেটৰ চাৰিটা মুখ্য বিষয়ৰ অংশ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ‘এমএছএমই’সমূহৰ সমৰ্থনত নিম্নলিখিত নিৰ্দিষ্ট পদক্ষেপসমূহৰ প্ৰস্তাৱ দিছে:

উৎপাদন খণ্ডত ‘এমএছএমই’-ৰ বাবে নিশ্চিত ঋণ আঁচনি

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে জামানত বা তৃতীয় পক্ষৰ প্ৰত্যভূতি নোহোৱাকৈয়ে যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে ‘এমএছএমই’সমূহক ম্যাদী ঋণ প্ৰদানৰ বাবে নিশ্চিত ঋণ আঁচনিৰ প্ৰস্তাৱ আগবঢ়ায়। শ্ৰীমতী সীতাৰমণে কয় যে আঁচনিখনে এনে ‘এমএছএমই’সমূহৰ ঋণৰ ক্ষেত্ৰত থকা বিপদাশংকা একত্ৰিত কৰাৰ কাম কৰিব। অধিক বিৱৰণ প্ৰদান কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে পৃথকে গঠন কৰা ‘স্ব-বিত্তীয় প্ৰত্যাভূতি পুঁজি’য়ে প্ৰতিগৰাকী আবেদনকাৰীক ১০০ কোটি টকালৈকে নিশ্চয়তা প্ৰদান কৰিব, আনহাতে ঋণৰ পৰিমাণ ইয়াতকৈয়ো ডাঙৰ হ'ব পাৰে। ঋণ লওতাই ঋণৰ বকেয়াৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে এক ‘আগতীয়া প্ৰত্যাভূতি’ বা ‘গেৰাণ্টী মাচুল’ আৰু ‘বাৰ্ষিক গেৰাণ্টি মাচুল’ প্ৰদান কৰিব লাগিব।

‘এমএছএমই’ ঋণৰ বাবে নতুন মূল্যাঙ্কন আৰ্হি বিকশিত কৰিবলৈ ‘পিএছবি’

এক নতুন, স্বতন্ত্ৰ আৰু আভ্যন্তৰীণ প্ৰণালীৰ জৰিয়তে ‘এমএছএমই’সমূহৰ বাবে ঋণ অধিক সুলভ কৰি তুলিবলৈ ‘ৰাজহুৱা খণ্ডৰ বেঙ্ক’ (পিএছবি)সমূহে বাহ্যিক মূল্যাঙ্কনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ঋণৰ বাবে এমএছএমই মূল্যাঙ্কন কৰিবলৈ তেওঁলোকৰ আভ্যন্তৰীণ সামৰ্থ্য গঢ়ি তোলাৰ বাবে শ্ৰীমতী সীতাৰমণে প্ৰস্তাৱ দিছে। তেওঁলোকে অৰ্থনীতিত ‘এমএছএমই’-ৰ ডিজিটেল পদচিহ্নক আধাৰ কৰি এক নতুন ঋণ মূল্যাঙ্কন আৰ্হি বিকশিত কৰা বা বিকশিত কৰাৰ ক্ষেত্ৰতো আগভাগ ল'ব। "কেৱল সম্পত্তি বা ব্যৱসায়ৰ চৰ্তক আধাৰ কৰি ঋণযোগ্যতাৰ পৰম্পৰাগত মূল্যাঙ্কনতকৈ এইটো এক গুৰুত্বপূৰ্ণ উত্তৰণ হ'ব বুলি আশা কৰা হৈছে। ই আনুষ্ঠানিক ‘একাউণ্টিং প্ৰণালী’ নথকা ‘এমএছএমই’সমূহকো সামৰি ল'ব," কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে কয়।

চাপৰ সময়ত ‘এমএছএমই’সমূহলৈ চৰকাৰৰ উদগণি পুঁজিৰ পৰা ঋণ সহযোগিতা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে এমএছএমইসমূহক তেওঁলোকৰ চাপৰ সময়ছোৱাতো বেংক ঋণ অব্যাহত ৰখাৰ বাবে এক নতুন প্ৰণালীৰ প্ৰস্তাৱ দিছে। তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা পৰত 'বিশেষ উল্লেখ একাউণ্ট' (এছএমএ) পৰ্যায়ত থাকোতে ‘এমএছএমই’সমূহক তেওঁলোকৰ ব্যৱসায় অব্যাহত ৰাখিবলৈ আৰু ‘অনুৎপাদক সম্পদ’ (এনপিএ) পৰ্যায়ত প্ৰৱেশ নকৰিবলৈ ঋণৰ প্ৰয়োজন হয়। শ্ৰীমতী সীতাৰমণৰ প্ৰস্তাৱিত ‘গেৰাণ্টি’ৰ জৰিয়তে ঋণৰ উপলব্ধতাক ‘চৰকাৰী উদগণি পুঁজি’ৰ পৰা সহযোগিতা আগবঢ়োৱা হ'ব।

ঋণ-যোগ্য উদ্যোগীসকলৰ বাবে মুদ্ৰা ঋণৰ পৰিমাণ ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে

বিত্ত মন্ত্ৰীয়ে 'তৰুণ' শ্ৰেণীৰ অধীনত পূৰ্বৰ ঋণ লাভ কৰা আৰু সফলতাৰে পৰিশোধ কৰা উদ্যোগীসকলৰ বাবে মুদ্ৰা ঋণৰ সীমা বৰ্তমানৰ ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে।

‘ট্ৰেড’-ত বাধ্যতামূলক সমাৱেশৰ বাবে ক্ৰেতাসকলৰ মুঠ ব্যৱসায়ৰ নিৰ্দ্ধাৰিত সীমা আধালৈ হ্ৰাস কৰা হৈছে

এমএছএমইসমূহক তেওঁলোকৰ বাণিজ্যিক প্ৰাপ্তি নগদলৈ ৰূপান্তৰ কৰি তেওঁলোকৰ কাৰ্যকৰী মূলধন মুকলি কৰাৰ সুবিধা আগবঢ়োৱাৰ বাবে শ্ৰীমতী সীতাৰমণে ‘ট্ৰেড’(টিআৰইডিএছ) প্লেটফৰ্মত বাধ্যতামূলক সমাৱেশৰ বাবে ক্ৰেতাৰ মুঠ ব্যৱসায়ৰ সীমা ৫০০ কোটিৰ পৰা ২৫০ কোটি টকালৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে। এই পদক্ষেপে আৰু ২২ টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই) আৰু ৭,০০০ৰো অধিক কোম্পানীক এই প্লেটফৰ্মলৈ আনিব। মজলীয়া উদ্যোগবোৰকো যোগানকৰ্তাৰ পৰিসৰত অন্তৰ্ভুক্ত কৰা হ'ব।

সহজ আৰু ঋণৰ প্ৰত্যক্ষ প্ৰৱেশানুকূলতাৰ বাবে ‘এমএছএমই ক্লাষ্টাৰ’ত ‘চিডবিআই’ৰ নতুন শাখা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে প্ৰস্তাৱ দিয়ে যে ‘এছআইডিবিআই’-য়ে ৩ বছৰৰ ভিতৰত সকলো মুখ্য ‘এমএছএমই ক্লাষ্টাৰ’-ক সেৱা আগবঢ়োৱাৰ বাবে ইয়াৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰিবলৈ নতুন শাখা খুলিব আৰু তেওঁলোকক পোনপটীয়াকৈ ঋণ প্ৰদান কৰিব। এই বছৰ এনে ধৰণৰ ২৪ টা শাখা মুকলি হোৱাৰ লগতে সেৱাৰ আৱৰণ ২৪২ টা মুখ্য ‘ক্লাষ্টাৰ’ৰ ভিতৰত ১৬৮ টালৈ এই সেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হ'ব, শ্ৰীমতী সীতাৰমণে কয়।

খাদ্য প্ৰদীপ্তৰণ, মান উন্নতকৰণ আৰু সুৰক্ষা পৰীক্ষণৰ বাবে নতুন ‘এমএছএমই গোট’

শ্ৰীমতী সীতাৰমণে প্ৰস্তাৱ দিছে যে ‘এমএছএমই’ খণ্ডত ৫০ টা ‘মাল্টী-প্ৰডাক্ট ফুড ইৰেডিয়েশ্যন ইউনিট’ স্থাপনৰ বাবে বিত্তীয় সমৰ্থন প্ৰদান কৰা হ'ব। ‘এনএবিএল’ স্বীকৃতিৰ সৈতে ১০০টা ‘খাদ্যমান আৰু সুৰক্ষা পৰীক্ষাগাৰ’ স্থাপন কৰাটো সহজ কৰি তোলা হ'ব।

আন্তৰ্জাতিক বজাৰত প্ৰৱেশ কৰিবলৈ ‘এমএছএমই আৰু পৰম্পৰাগত শিল্পীসকলৰ ই-কমাৰ্চ ৰপ্তানি কেন্দ্ৰ’

আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম কৰাৰ বাবে ‘এমএছএমই আৰু পৰম্পৰাগত শিল্পীসকলৰ ই-কমাৰ্চ ৰপ্তানি কেন্দ্ৰ’সমূহ ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰীত্ব (পিপিপি)ৰে স্থাপন কৰা হ'ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে প্ৰস্তাৱ দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে কয় যে এক ‘নিৰৱচ্ছিন্ন নিয়ামক আৰু লজিষ্টিক পৰিকাঠামো’ৰ অধীনত এই কেন্দ্ৰসমূহে একেখন ছাদৰ তলত বাণিজ্য আৰু ৰপ্তানি সম্পৰ্কীয় সেৱাসমূহ সহজ কৰি তোলা হ’ব।

****

NB/KMN/KB



(Release ID: 2037113) Visitor Counter : 14