বিত্ত মন্ত্ৰালয়
প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত পঞ্চম আঁচনি হিচাপে শীৰ্ষ কোম্পানীবোৰত ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদানৰ আঁচনি
৫ বছৰত ৫০০ টা শীৰ্ষ কোম্পানীত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদান কৰা হ'ব
প্ৰতি মাহে ৫,০০০ টকাৰ ইন্টাৰ্ণশ্বিপ ভাট্টাৰ লগতে ৬০০০টকাৰ এককালীন সাহায্য প্ৰদান কৰা হব
प्रविष्टि तिथि:
23 JUL 2024 1:04PM by PIB Guwahati
চৰকাৰে শীৰ্ষ কোম্পানীবোৰত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদানৰ বাবে এক বিস্তৃত আঁচনি আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত এয়া পঞ্চম আঁচনি হ'ব।
আজি সংসদত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে এই আঁচনিয়ে ৫ বছৰত ১ কোটি যুৱক-যুৱতীক ৫০০ টা শীৰ্ষ কোম্পানীত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিব। তেওঁলোকে বাস্তৱ জীৱনৰ ব্যৱসায়িক পৰিৱেশ, বিভিন্ন বৃত্তি আৰু নিযুক্তিৰ সুযোগৰ বাবে ১২ মাহৰ বাবে অভিজ্ঞতা লাভ কৰিব, তেওঁ কয়।
বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যুৱক-যুৱতীসকলক ৬,০০০ টকাৰ এককালীন সাহায্যৰ লগতে প্ৰতি মাহে ৫,০০০ টকাৰ ইণ্টাৰ্নশ্বিপ ভাট্টা প্ৰদান কৰা হ'ব। কোম্পানীবোৰে তেওঁলোকৰ চিএছআৰ পুঁজিৰ পৰা প্ৰশিক্ষণ ব্যয় আৰু ইণ্টাৰ্নশ্বিপৰ ব্যয়ৰ ১০ শতাংশ বহন কৰিব বুলি আশা কৰা হৈছে।
NB/SS/KG
(रिलीज़ आईडी: 2037111)
आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam