প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰে সম্পৰ্ক প্ৰগাঢ় কৰাত ইউকে-ৰ প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰাথমিকতা প্ৰশংসনীয়: প্ৰধানমন্ত্ৰী

Posted On: 24 JUL 2024 9:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউকে-ৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী শ্ৰী কেইৰ ষ্ট্ৰামাৰে দুয়োখন ৰাষ্ট্ৰৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰিত আৰু গভীৰ কৰাৰ বাবে দিয়া প্ৰাথমিকতাৰ প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে ইউকে-ৰ বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী ডেভিদ লাম্মীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"ইউকে-ৰ বৈদেশিক সচিব @DavidLammyক লগ পাই আনন্দিত হৈছোঁ। সামগ্ৰিক কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰিত আৰু গভীৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী@Keir_Starmer য়ে প্ৰদান কৰা প্ৰাথমিকতা প্ৰশংসনীয়। সম্পৰ্ক উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম। দ্বিপাক্ষিক প্ৰযুক্তি সুৰক্ষা উদ্যোগ আৰু পাৰস্পৰিক ভাৱে লাভজনক ‘এফটিএ’ সম্পূৰ্ণ কৰাৰ আকাংক্ষাক আদৰণি জনাইছোঁ।"

 

***

DS/RT/KB



(Release ID: 2036995) Visitor Counter : 22