বিত্ত মন্ত্ৰালয়

২০২৪-২৫ চনৰ বাজেটত মূলধনী ব্যয়ৰ বাবে আবণ্টিত ১১,১১,১১১ কোটি টকা

ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনি বিনিয়োগক উৎসাহিত কৰিবলৈ দীৰ্ঘম্যাদী সুত বিনামূলীয়া ঋণৰ বাবে ১.৫ লাখ কোটি টকাৰ ব্যৱস্থা

২৫,০০০ গাঁৱত আৰম্ভ কৰা হ’ব সকলো বতৰৰ উপযোগী পিএমজিএছৱাইৰ চতুৰ্থ পৰ্যায়ৰ কাম

Posted On: 23 JUL 2024 12:43PM by PIB Guwahati

অৰ্থনীতিৰ ওপৰত আন্তঃগাঁথনি নিৰ্মাণ আৰু উন্নত কৰাৰ প্ৰবল বহুগুণক প্ৰভাৱক স্বীকাৰ কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ চনৰ বাজেট দাখিল কৰাৰ সময়ত মূলধনী ব্যয়ৰ বাবে ১১,১১,১১১ কোটি টকাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে। ই হ’ব দেশৰ জিডিপিৰ ৩.৪ শতাংশ। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক ৫ বছৰত আন্তঃগাঁথনিৰ বাবে চৰকাৰে শক্তিশালী বিত্তীয় সমৰ্থন বজাই ৰাখিবলৈ চেষ্টা কৰিব।

ৰাজ্যসমূহক আন্তঃগাঁথনিৰ বাবে একে পৰিসৰৰ সহায় আগবঢ়াবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই বছৰ দীৰ্ঘম্যাদী সুতমুক্ত ঋণৰ বাবে ১.৫ লাখ কোটি টকাৰ ব্যৱস্থা ঘোষণা কৰে। ইয়াৰ দ্বাৰা ৰাজ্যসমূহে আন্তঃগাঁথনিৰ বাবে সম্পদ আবণ্টনৰ ক্ষেত্ৰত সহায়ক হ’ব।

আন্তঃগাঁথনিত ব্যক্তিগত বিনিয়োগৰ প্ৰসাৰৰ বিষয়ে কোৱাৰ সময়ত শ্ৰীমতী সীতাৰমনে কয় যে ব্যক্তিগত খণ্ডৰ আন্তঃগাঁথনিত বিনিয়োগক জীৱনমুখী ব্যৱধানৰ পুঁজি আৰু সক্ষমকৰণ নীতি-নিয়মৰ জৰিয়তে প্ৰসাৰিত কৰা হ’ব। বজাৰভিত্তিক বিত্তীয় পৰিকাঠামোৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে।

জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২৫,০০০ গাঁৱক সকলো বতৰত সংযোগ প্ৰদান কৰিবলৈ বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)ৰ চতুৰ্থ পৰ্যায়ৰ কাম আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

শ্ৰীমতী সীতাৰমণে বাজেট ভাষণত জলসিঞ্চন আৰু বান ব্যৱস্থাপনাৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত কেইবাখনো ৰাজ্যৰ বাবে আৰ্থিক সহায় আৰু সাহায্যৰ কথা ঘোষণা কৰে।

বিহাৰত সঘনাই হোৱা বানপানীৰ কথা লক্ষ্য কৰি বিত্তমন্ত্ৰীয়ে আনুমানিক ১১,৫০০ কোটি টকা ব্যয়ৰ প্ৰকল্প যেনে-কোচি-মেচি আন্তঃৰাজ্যিক সংযোগ আৰু নদী বান্ধ, নদী প্ৰদূষণ হ্ৰাস আৰু জলসিঞ্চনকে ধৰি আন ২০খন চলিত আৰু নতুন আঁচনিৰ বাবে আৰ্থিক সহায়ৰ কথা ঘোষণা কৰে৷ তদুপৰি কোচি সম্পৰ্কীয় বান প্ৰশমন আৰু জলসিঞ্চন প্ৰকল্পৰ জৰীপ আৰু তদন্ত কৰা হ’ব বুলিও কয়।

শ্ৰীমতী সীতাৰমনে ভাৰতৰ বাহিৰত উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা অসমত নিয়মীয়াকৈ বানপানীৰ সৃষ্টি হোৱাৰ কথাও স্বীকাৰ কৰে। “আমি বান ব্যৱস্থাপনা আৰু আনুষংগিক প্ৰকল্পৰ বাবে অসমক সাহায্য প্ৰদান কৰিম”, বুলি দৃঢ়তাৰে কয় বিত্তমন্ত্ৰীয়ে।

তদুপৰি, বানপানী, ডাৱৰ বিস্ফোৰণ আৰু বৃহৎ ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ব্যাপক লোকচানৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যসমূহক পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ বাবে সাহায্য প্ৰদান কৰিব। ছিকিমত হথাতে হোৱা বানপানী আৰু ভূমিস্খলনে সৃষ্টি কৰা বিধ্বংসী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম ৰাজ্যখনকো সহায় কৰাৰ কথা ঘোষণা কৰে।

.

*****

NB/SK/VM/M/SR/DB



(Release ID: 2036086) Visitor Counter : 8