বিত্ত মন্ত্ৰালয়

গ্ৰাম্যাঞ্চলত যোৱা ৯টা বছৰত দৰিদ্ৰলোকৰ বাবে নিৰ্মাণ কৰা হয় ২.৬৩ কোটি ঘৰ

‘এমজিএনৰেগা আঁচনি’-ত মহিলাৰ অংশগ্ৰহণৰ হাৰ ২০১৯-২০ বৰ্ষৰ ৫৪.৮ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ৫৮.৯ শতাংশলৈ বৃদ্ধি পাইছে

Posted On: 22 JUL 2024 2:26PM by PIB Guwahati

গ্ৰাম্য ভাৰতত সংহত আৰু বহনক্ষম উন্নয়ন সম্ভৱ কৰাটো হৈছে চৰকাৰৰ ৰণনীতিৰ কেন্দ্ৰবিন্দু। বিকেন্দ্ৰীকৃত পৰিকল্পনা, ঋণৰ উন্নত অনুকূলতা সৃষ্টি, মহিলাৰ সৱলীকৰণ, মৌলিক আৱাস আৰু শিক্ষাৰ জৰিয়তে সামগ্ৰিক অৰ্থনৈতিক উন্নতিত গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৪-ত এই কথা উল্লেখ কৰা হৈছে।

গ্ৰাম্য ভাৰতত জীৱনৰ মান উন্নত কৰাৰ প্ৰয়াস

অৰ্থনৈতিক সমীক্ষাটোত কোৱা হৈছে যে প্ৰাথমিক সুবিধা, শিক্ষা, স্বাস্থ্য আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলত জীৱনৰ মান উন্নত হৈছে। প্ৰাথমিক সুবিধাৰ ক্ষেত্ৰত, ‘স্বচ্ছ ভাৰত মিছন-(গ্ৰামীণ)’ৰ অধীনত ১১.৫৭ কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু ১০ জুলাই ২০২৪ তাৰিখ পৰ্যন্ত ‘জল জীৱন মিছন’-ৰ অধীনত ১১.৭ কোটি পৰিয়ালক নলেৰে পানীৰ সংযোগ প্ৰদান কৰা হৈছে। সমীক্ষাটোৱে প্ৰতিবেদন দিছে যে ‘প্ৰধানমন্ত্ৰী-আবাস-গ্ৰামীণ’ত যোৱা ৯টা বছৰত (১০ জুলাই ২০২৪ পৰ্যন্ত) দৰিদ্ৰ লোকসকলৰ বাবে ২.৬৩ কোটি ঘৰ নিৰ্মাণ কৰা হৈছে।

ইয়াৰ উপৰিও, ২৬ জুন ২০২৪ তাৰিখ পৰ্যন্ত ‘প্ৰধানমন্ত্ৰী জন ধন যোজনা’ (পিএমজেডিৱাই)ৰ অধীনত ৩৫.৭ কোটি ‘ৰূপপে’ ডেবিট কাৰ্ড’ জাৰী কৰা হৈছে যাৰ ফলত গ্ৰাম্যাঞ্চলত বিত্তীয় অন্তৰ্ভুক্তিৰ সংখ্যা বৃদ্ধি পাইছে। স্বাস্থ্য খণ্ডত, ১.৫৮ লাখ উপ কেন্দ্ৰ আৰু ২৪,৯৩৫টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফলত গ্ৰাম্যাঞ্চলত জীৱনৰ মান উন্নত হৈছে।

এমজিএনৰেগা-ৰ সুৰক্ষা জাল শক্তিশালী আৰু আধুনিকীকৰণৰ প্ৰয়াস

অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪-ত লক্ষ্য কৰা হৈছে যে ‘এমজিএনৰেগা’ (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আঁচনি)ত সুৰুঙা নাইকিয়া কৰাটো নিশ্চিত কৰিবলৈ কামটো কৰাৰ আগতে, সময়ত আৰু পিছত ‘জিঅ'টেগিং’ কৰা আৰু ৯৯.৯ শতাংশ পৰিশোধ ‘ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক ব্যৱস্থাপনা প্ৰণালী’ৰ জৰিয়তে সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয়।

সমীক্ষাটোত কোৱা হৈছে যে ‘এমজিএনৰেগা আঁচনি’ৰ জৰিয়তে সৃষ্টি হোৱা ‘ব্যক্তি-দিন’ আৰু মহিলাৰ অংশগ্ৰহণৰ হাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব পৰা গৈছে আৰু ‘ব্যক্তি-দিন’ৰ সংখ্যা ২০১৯-২০ বৰ্ষৰ ২৬৫.৪ কোটিৰ পৰা ২০২৩-২০২৪ বৰ্ষত ৩০৯.২ কোটিলৈ বৃদ্ধি হৈছে (এমআইএছঅনুসৰি) আৰু মহিলাৰ অংশগ্ৰহণৰ হাৰ ২০১৯-২০ৰ ৫৪.৮ শতাংশৰ পৰা ৫৮.৯ শতাংশলৈ বৃদ্ধি পাইছে।

অৰ্থনৈতিক সমীক্ষাটোৱে লগতে উল্লেখ কৰিছে যে ‘এমজিএনৰেগা আঁচনি’ বহনক্ষম জীৱিকা বৈচিত্ৰকৰণৰ বাবে এক সম্পদ সৃষ্টি কাৰ্যসূচীলৈ বিকশিত হৈছে, যাৰ ফলত ব্যক্তিগত হিতাধিকাৰীৰ 'ব্যক্তিগত ভূমিত কাম'ৰ অংশ বিত্তীয় বৰ্ষ ২০১৪-ত সম্পূৰ্ণ হোৱা কামৰ ৯.৬ শতাংশৰ পৰা বিত্তীয় বৰ্ষ ২০২৪-ত ৭৩.৩ শতাংশলৈ বৃদ্ধি হোৱা দেখা গৈছে।

তৃণমূল পৰ্যায়ত গ্ৰাম্য উদ্যোগৰ প্ৰতিপালন

চৰকাৰে সুলভ বিত্তৰ অবিৰাম অনুকূলতা আৰু লাভজনক বজাৰৰ সুযোগ সৃষ্টিত এক সুকীয়া গুৰুত্ব দি উচ্ছল পৰিকল্পিত ব্যৱস্থাপনা ৰূপায়ণ কৰি গ্ৰাম্য উদ্যোগীসকলক এক উৎসাহ প্ৰদান কৰি আহিছে। ‘দীনদয়াল অন্ত্যদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন’ (ডিএ-এনআৰএলএম), ‘লাখপতি দিদি উদ্যোগ’, আৰু ‘দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা’ (ডিডিইউ-জিকেৱাই)ৰ দৰে আঁচনি আৰু কাৰ্যসূচীসমূহে গ্ৰাম্যাঞ্চলত জীৱিকা সৃষ্টি আৰু বিত্তৰ সহজ অনুকূলতা বৃদ্ধি কৰিছে।

গ্ৰাম্য শাসনৰ বাবে ডিজিটাইজেশ্যন প্ৰচেষ্টা

‘ই-গ্ৰাম স্বৰাজ’, ‘স্বামিত্ব আঁচনি’, ‘ভূ-আধাৰ’-ৰ দৰে ‘ডিজিটাইজেশ্যন’ পদক্ষেপে গ্ৰাম্য শাসনব্যৱস্থা উন্নত কৰিছে। ‘স্বামিত্ব আঁচনি’ৰ অধীনত ২.৯০ লাখ গাঁৱৰ ‘ড্ৰোন জৰীপ’ সম্পূৰ্ণ কৰা হৈছে আৰু ১.৬৬ কোটি ‘সম্পত্তি কাৰ্ড’ প্ৰস্তুত কৰা হৈছে। অৰ্থনৈতিক সমীক্ষাই আঙুলিয়াই দিছে যে ২০১৫ ৰ পৰা ২০২১ চনৰ ভিতৰত ‘গ্ৰাম্য ইণ্টাৰনেট সদস্যতা’ ২০০ শতাংশ বৃদ্ধিয়ে গাঁও আৰু প্ৰশাসনিক মুখ্য কাৰ্যালয়সমূহৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব পাৰিছে যাৰ ফলত আঞ্চলিক উন্নয়ন সম্ভৱ হৈছে।

***

NB/MV/SK/KB



(Release ID: 2035257) Visitor Counter : 36