তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰত চৰকাৰৰ উদ্যোগত গোৱাত ২০ -২৪ নৱেম্বৰলৈ বিশ্ব অডিঅ' ভিজুৱেল আৰু মনোৰঞ্জন সন্মিলনৰ আয়োজন

ৱেভছে ইনপুট হিচাবে আৰু আউটপুট হিচাপে আইএফএফআইয়ে ভাৰতত সৃষ্টিশীলতা তথা প্ৰতিভাৰ বাবে এক উল্লেখনীয় কেন্দ্ৰ স্থাপন কৰিব: শ্ৰী বৈষ্ণৱ

চৰকাৰে নিয়োগ সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে; উচ্চমানৰ বিষয়বস্তুক উৎসাহিত কৰিবলৈ পৰিৱেশ ৰচনাৰ বাবে গাঁথনিগত আৰু পদ্ধতিগত প্ৰচেষ্টা অব্যাহত আছে

Posted On: 13 JUL 2024 5:19PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী  বৈষ্ণৱে শনিবাৰে  ঘোষণা কৰে যে ভাৰতে বিশ্বজুৰি সংবাদমাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ বাবে  ২০ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ  গোৱাত বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন আয়োজন কৰিব।  মন্ত্ৰী শ্ৰীযুত অশ্বিনী  বৈষ্ণৱে গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড. এল মুৰুগানৰ উপস্থিতিত নতুন দিল্লীত এই কথা ঘোষণা কৰে ।

দৰ্শক আৰু সংবাদমাধ্যমক  সম্বোধন কৰি শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, “সংবাদ মাধ্যম আৰু মনোৰঞ্জন  জগতখনত শেহতীয়াকৈ বহু গাঁথনিগত পৰিৱৰ্তন ঘটিছে আৰু ইয়াত প্ৰযুক্তিৰ অপৰিসীম প্ৰৱেশ ঘটা দেখা গৈছে। ইয়াৰ ফলত এফালে বহু সুযোগ মুকলি হৈছে যদিও আনফালে পৰিৱৰ্তনৰ লগত খাপ খাব নোৱাৰা  বহুতৰে মাজত উদ্বেগৰো সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি চৰকাৰৰ  নীতি হৈছে এই গাঁথনিগত পৰিৱৰ্তনৰ মাজতে এই খণ্ডটোৰ সৈতে জড়িত  শ্ৰেষ্ঠসকলক তেওঁলোকৰ সকলো সুবিধা  ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তোলা।” তেওঁ লগতে কয় যে এই পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সংবাদমাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰ খনত প্ৰয়োজনীয়  পৰিৱেশ ৰচনাত  সহায় কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

লক্ষ্যত উপনীত হোৱাৰ পথ আৰু অন্তৰ্নিহিত প্ৰচেষ্টাৰ বিষয়ত মন্তব্য কৰি  মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ গুৰুত্ব সংবাদমাধ্যম আৰু মনোৰঞ্জন খণ্ডত নিয়োগ সৃষ্টি কৰা  আৰু প্ৰতিভাৰ বিকাশৰ পথ মুকলি কৰা।  এই লক্ষ্যত উপনীত হ’বলৈ গাঁথনিগত আৰু পদ্ধতিগত দুয়োটা প্ৰচেষ্টাৰে প্ৰয়োজন আৰু সেয়া   কাৰ্যকৰী কৰা হ’ব। এই প্ৰচেষ্টাসমূহে এনে এক পৰিৱেশতন্ত্ৰৰ সৃষ্টি সুনিশ্চিত কৰিব যিয়ে উচ্চমানৰ বিষয়বস্তুক উৎসাহিত কৰে, দেশত বৌদ্ধিক সম্পদৰ  অধিকাৰ সৃষ্টি আৰু সুৰক্ষা প্ৰদান কৰে আৰু বিশ্বই ভাৰতক তেওঁলোকৰ বিষয়বস্তু সৃষ্টিৰ কেন্দ্ৰ স্থাপনৰ বাবে স্বাভাৱিক পছন্দৰ স্থান  হিচাপে স্বীকৃতি দিব।

তেওঁ লগতে কয় যে এই প্ৰচেষ্টাক সফল কৰি তুলিবলৈ  দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগ, বিত্তীয় খণ্ড তথা  প্ৰযুক্তিৰ জগতখনৰ মাজত ঘনিষ্ঠ  সমন্বয়ৰ  প্ৰয়োজন হ’ব। ইয়াৰ বাবে সুচিন্তিত নীতিগত পদক্ষেপৰ প্ৰয়োজন আৰু আগন্তুক দিনবোৰত চৰকাৰ তথা উদ্যোগটোৱে সেই লক্ষ্যৰ দিশত নিজৰ প্ৰচেষ্টা একত্ৰিত কৰি আগুৱাই নিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৱেভছ আৰু আইএফএফআইয়ে একেটা বৰ্ণালীৰ বিভিন্ন অংশ গঠন কৰিব । তেওঁ কয়  যে ৱেভছ শীৰ্ষ সন্মিলনে ইনপুটক প্ৰতিনিধিত্ব কৰিছে, আনহাতে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) হৈছে ইয়াৰ আউটপুট। তেওঁ লগতে কয় যে ইনপুট আৰু আউটপুটৰ মিলনে গোৱাক সৃষ্টিশীলতা আৰু প্ৰতিভাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব। লগতে এই মিলনে  উদ্ভাৱন তথা  কলাত্মক প্ৰকাশৰ অগ্ৰদূত হিচাবে ইয়াৰ স্থিতি সবল কৰি তুলিব। তেওঁ ৱেভছ ২০২৪ আৰু ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰা বাবেগোৱাৰ মুখ্যমন্ত্ৰীক   কৃতজ্ঞতা জ্ঞাপন কৰে ।

মন্ত্ৰীগৰাকীয়ে উক্ত  তাত উপস্থিত থকা  অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে ৱেভছ ২০২৪ ৰ ৱেবছাইট  https://wavesindia.org/ মুকলি কৰে আৰু সন্মিলনৰপ্ৰচাৰ পুস্তিকাও উন্মোচন কৰে।

গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তই কয় যে আই এফ এফ আই-এ দীৰ্ঘদিন ধৰি চিনেমাৰ উৎকৃষ্টতাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰি  আহিছে যদিও ৱেভছে  দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িতসকলৰ বাবে   সহযোগিতাৰ এক নতুন মাত্ৰা প্ৰদান কৰিব। তেওঁ কয় যে দুয়োটা অনুষ্ঠানে একেলগে অতুলনীয় সুযোগ সন্ধানৰ সুবিধা আগবঢ়াব।  ৱেভছে গোৱাক এক উল্লেখনীয় সাংস্কৃতিক কেন্দ্ৰ হিচাপে  প্ৰতিষ্ঠা কৰিব বুলি কৈ তেওঁ দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগক উদ্ভাৱন আৰু সহযোগিতাৰ মনোভাৱেৰে গোৱালৈ আহিবলৈ আমন্ত্ৰণ জনায়।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড. এল মুৰুগানে কয় যে ৱেভছ ২০২৪-এ  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলক ভাৰতলৈ আকৰ্ষিত কৰাৰ  দৃষ্টিভংগীক অধিক জীৱন্ত কৰি তুলিব। তেওঁ লগতে কয় যে এই সন্মিলনে এই খণ্ডৰ পসৈতে জড়িত  দেশৰ দক্ষ জনশক্তিক উৎসাহিত কৰাৰ এক মঞ্চ সৃষ্টি কৰিব।

সচিব শ্ৰী সঞ্জয় জাজুৱে কয় “ এই সন্মিলনৰ লক্ষ্য হৈছে বিশ্বমানৰ দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সম্পৰ্কীয় শীৰ্ষ সন্মিলন আয়োজন কৰা  ভাৰত অৰ্থনৈতিকভাৱে বিকশিত হোৱাৰ  লগে লগে ভাৰতৰ অন্তৰ্নিহিত শক্তিক শক্তিশালী কৰা এই পদক্ষেপৰ লক্ষ্য। এই সন্মিলনে সৃষ্টিশীলতা, উদ্ভাৱন আৰু প্ৰভাৱৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।” তেওঁ কয় যে এই সন্মিলনত উদ্ভাৱন আৰু প্ৰযুক্তিগত উন্নতিৰ পোষকতা, আমাৰ উদ্যোগে  বিশ্বব্যাপী কৰিব পৰা প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি, উদ্যোগৰ সহযোগিতাৰ দিশটো  শক্তিশালী কৰা, বিনিয়োগকাৰীক আকৰ্ষণ কৰা, দক্ষতা বিকাশৰ প্ৰসাৰ ঘটোৱা, বিষয়বস্তুৰ বৈচিত্ৰ্যক উৎসাহিত কৰা আৰু বহনক্ষম বৃদ্ধিৰ প্ৰসাৰ আদি লক্ষ্যত উপনীত হোৱা।

সচিবগৰাকীয়ে শীৰ্ষ সন্মিলনৰ ফলত সৃষ্টি হ’বলগীয়া সুযোগসমূহৰ বিষয়ে অৱগত কৰি কয় যে কন্টেন্ট প্ৰডাকচন এণ্ড ইনোভেচন, এনিমেচন, ভিএফএক্স, আৰু গেমিং  তথা  মিউজিক এণ্ড ইনটেলেকচুৱেল প্ৰপাৰ্টি (আইপি) ক্ৰিয়েচনে ইয়াত প্ৰাধান্য লাভ কৰিব।

ৱেভছৰ  লক্ষ্য হৈছে এক আগশাৰীৰ  ফ'ৰাম সৃষ্টি কৰা , বিকশিত হৈ থকা দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ বাবে  পৰিৱেশ ৰচনাৰ বিষয়ে  আলোচনা কৰা, বাণিজ্যিক সহযোগিতা আৰু উদ্ভাৱনক লাভাৱান্বিত কৰা। এই সন্মিলনত উদ্যোগৰ নেতৃত্ব বহন কৰা ব্যক্তি , অংশীদাৰ আৰু উদ্ভাৱকসকলক আহ্বান জনাই  সুযোগসমূহ অন্বেষণ কৰা, প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা, ভাৰতলৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰা আৰু খণ্ডটোৰ ভৱিষ্যত গঢ় দিয়া  আদি।

গতিশীল দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ দিশৰ পৰা  ভাৰতক এক অতুলনীয় বিশ্ব শক্তিকেন্দ্ৰ হিচাপে স্থান দিয়াৰ দৃষ্টিভংগীৰে ৱেভছে বিশ্বজুৰি সৃষ্টিশীলতা, উদ্ভাৱন, আৰু প্ৰভাৱৰ নতুন মান  নিৰ্ধাৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

ৱেভছৰ এই উল্লেখনীয় প্লেটফৰ্মৰ জৰিয়তে বিশ্বব্যাপী দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত  ব্যক্তিসকলক একচেটিয়া বিনিয়োগৰ সুযোগেৰে সৱলীকৰণ কৰাটোৱেই এই মিছনৰ লক্ষ্য।

অনুষ্ঠানত ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লোহাটি আৰু  গোৱাৰ মুখ্য সচিব শ্ৰী  পুনীত কুমাৰ গোৱেলৰ লগতে  বিভিন্ন বিদেশী দূতাবাসৰ ৰাষ্ট্ৰদূত আৰু কূটনৈতিক প্ৰতিনিধিও উপস্থিত থাকে।

অনুষ্ঠানত ৱেভছৰ ল’গ’, ৱেবছাইট আৰু প্ৰচাৰ পুস্তিকা  মুকলি কৰা হয়। এই   অনুষ্ঠানত  ব্ৰডকাষ্টিং, এভিজিচি, ডিজিটেল মিডিয়া আদিকে ধৰি বিভিন্ন খণ্ড তথা  আগশাৰীৰ সংবাদমাধ্যমৰ ৬০ টা সংস্থাৰ  ৮০গৰাকী  শীৰ্ষ  প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

২০২৪ চনৰ ২০ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ভাৰতৰ গোৱাত অনুষ্ঠিত হ’ব ৱেভছ  (WAVES)।  ই দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন উদ্যোগৰ বাবে এক উল্লেখনীয় মাইলৰ খুঁটি স্বৰূপ হ’ব বুলি আশা কৰা হৈছে।



(Release ID: 2033352) Visitor Counter : 5