প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৩০ জুনত প্ৰাক্তন উপৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 29 JUN 2024 11:03AM by PIB Guwahati

ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ৩০ জুনৰ দুপৰীয়া ১২ বজাত তেওঁৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰিব। অনুষ্ঠানটো হায়দৰাবাদৰ ‘গাচিবাউলীৰ অনভায়া সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব লগা কিতাপকেইখনৰ ভিতৰত আছে:

(১)’হিন্দু’ৰ হায়দৰাবাদ সংস্কৰণৰ প্ৰাক্তন আৱাসিক সম্পাদক শ্ৰী এছ নাগেশ কুমাৰে ৰচনা কৰা "ভেংকায়া নাইডু – লাইফ ইন ছাৰ্ভিচ" শীৰ্ষক প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনী

(২) "চেলিব্ৰিটিং ভাৰত- দা মিছন এণ্ড মেছে়জ অব শ্ৰী এম ভেংকায়া নাইডু এজ থাৰ্টিনথ ভাইচ প্ৰেছিডেণ্ট অব ইণ্ডিয়া", ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাক্তন সচিব ড০ আই ভি চুব্বা ৰাৱে সংকলন কৰা এখন ‘ফটো ক্ৰনিকল’

(৩) শ্ৰী সঞ্জয় কিশোৰে তেলেগুভাষাত ৰচনা কৰা "মহানেতা – লাইফ এণ্ড জাৰ্ণী অব শ্ৰী এম ভেংকায়া নাইডু" শীৰ্ষক ‘চিত্ৰজীৱনী’।

 

 

***

DS/ST/KB


(रिलीज़ आईडी: 2029829) आगंतुक पटल : 102
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam