তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান–২০২৪ ঘোষণা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

বিভিন্ন ভাষাৰ টেলিভিছন, ৰেডিঅ’ আৰু ছপা মাধ্যমক ৩৩টা সন্মান প্ৰদান কৰা হ’ব

যোগৰ বাৰ্তা প্ৰচাৰত সংবাদ মাধ্যমৰ অৱদানক স্বীকৃতি দিয়া হ’ব বঁটাৰে

Posted On: 11 JUN 2024 5:39PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান-২০২৪ ঘোষণা কৰিছে৷ ভাৰত আৰু বিদেশত যোগৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ইতিবাচক ভূমিকা আৰু দায়িত্ব স্বীকাৰ কৰি মন্ত্ৰালয়ে ২০১৯ চনৰ জুন মাহত প্ৰথমটো অন্তৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সম্মান (এৱাইডিএমএছ) প্ৰতিষ্ঠা কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান ২০২৪ৰ অধীনত ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীত ছপা, টেলিভিছন আৰু ৰেডিঅ’ নামৰ তিনিটা শিতানৰ অধীনত ৩৩টা সন্মান প্ৰদান কৰা হ’ব:

১. ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীত ১১টা সন্মান–“সংবাদপত্ৰত যোগৰ শ্ৰেষ্ঠ মিডিয়া কভাৰেজ” শিতানৰ অধীনত প্ৰদান কৰা হ’ব৷

২. ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীত ১১টা সন্মান – “ইলেক্ট্ৰনিক মিডিয়া (টিভি)ত যোগৰ শ্ৰেষ্ঠ মিডিয়া কভাৰেজ” শিতানৰ অধীনত প্ৰদান কৰা হ’ব।

৩. ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীত ১১টা সন্মান–“ইলেক্ট্ৰনিক মিডিয়া (ৰেডিঅ’)ত যোগৰ শ্ৰেষ্ঠ মিডিয়া কভাৰেজ” শিতানৰ অধীনত প্ৰদান কৰা হ’ব।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

প্ৰতি বছৰে ২১ জুনত পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে সমগ্ৰ বিশ্বতে স্বাস্থ্য আৰু মংগলৰ প্ৰসাৰৰ বাবে এক গণ আন্দোলনৰ সূচনা কৰিছে। শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মংগলৰ প্ৰতি ইয়াৰ সামগ্ৰিক দৃষ্টিভংগীয়ে উল্লেখযোগ্য আগ্ৰহ আকৰ্ষণ কৰিছে, যাৰ ফলত ই এক বিশ্ব পৰিঘটনা হৈ পৰিছে। ভাৰতৰ ভিতৰত আৰু বিদেশত যোগৰ বাৰ্তা প্ৰচাৰ কৰাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে এই প্ৰাচীন প্ৰথা আৰু ইয়াৰ অসংখ্য উপকাৰিতাৰ প্ৰসাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমে যি অপৰিসীম শক্তি আৰু দায়িত্ব গ্ৰহণ কৰিছে, সেইটো স্বীকৃতি দিয়াটো অতি গুৰুত্বপূৰ্ণ।

এৱাইডিএমএছৰ পৰামৰ্শ আৰু নিৰ্দেশনা

বিশেষ পদক/ফলক/ট্ৰফী আৰু উদ্ধৃতিৰে গঠিত এই সম্মানক স্বতন্ত্ৰ জুৰীয়ে পৰামৰ্শ আগবঢ়ায়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পঞ্জীয়ন/অনুমতি থকা ছপা মাধ্যম, ৰেডিঅ’, আৰু টেলিভিছনত নিয়োজিত সকলো মিডিয়া হাউচ/কোম্পানীৰ বাবে এই বঁটাসমূহ মুকলি থাকিব।

নিৰ্দেশনা অনুসৰি মিডিয়া হাউছে ২০২৪ চনৰ ১২ জুনৰ পৰা ২৫ জুনলৈকে প্ৰস্তুত কৰা আৰু প্ৰকাশ কৰা প্ৰৱন্ধ(সমূহ)ৰ প্ৰাসংগিক ক্লিপিং বা দৃশ্য/দৰ্শন বিষয়বস্তু টেলিকাষ্ট/সম্প্ৰচাৰৰ সৈতে নিৰ্দিষ্ট আৰ্হিত মনোনয়নৰ বিৱৰণ ৮ জুলাই ২০২৪ৰ ভিতৰত দাখিল কৰিব পাৰিব৷ বিতং নিৰ্দেশনা প্ৰেছ ইনফৰমেচন ব্যুৰো (https://pib.gov.in/indexd.aspx) আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (https://mib.gov.in/sites/default/files/AYDMS%20Guidelines%202024_0.pdf )ৰ ৱেবছাইটৰ লিংকত পোৱা যাব।

এৱাইডিএমএছ দ্বিতীয় সংস্কৰণ ২০২৩

৭ জানুৱাৰী, ২০২০ত প্ৰথম সংস্কৰণৰ বঁটা প্ৰদান কৰা হয়।এৱাইডিএমএছ দ্বিতীয় সংস্কৰণ-২০২৩ৰ সন্মান এতিয়াও প্ৰদান কৰা হোৱা নাই। যোৱা বছৰৰ এৱাইডিএমএছ (দ্বিতীয় সংস্কৰণ)ৰ বিজয়ীসকলকো এই বছৰৰ বিজয়ী অৰ্থাৎ এৱাইডিএমএছ (তৃতীয় সংস্কৰণ)ৰ সন্মানৰ সৈতে একেলগে  প্ৰদান কৰা হ’ব।

*****

Pragya Paliwal Gaur/Saurabh Singh/DB



(Release ID: 2024594) Visitor Counter : 36