প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক অভিনন্দন জনাই ভূটানৰ ৰজাৰ ফোন
উষ্ম শুভেচ্ছাৰ বাবে ভূটানৰ ৰজাক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ
দুয়োগৰাকী নেতাই দৃষ্টান্তমূলক ভাৰত ভূটানৰ সম্পৰ্কৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দোঁহাৰে
प्रविष्टि तिथि:
05 JUN 2024 10:15PM by PIB Guwahati
ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগ্যায়াল ৱাংচুকে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি অষ্টাদশ লোকসভা নিৰ্বাচনত এনডিএৰ বিজয়ৰ বাবে অভিনন্দন জনায়। মহামহিম ৰজা ৱাংচুকে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতবাসীৰ ধাৰাবাহিক প্ৰগতি আৰু সমৃদ্ধিৰ বাবে উষ্ম শুভেচ্ছা আৰু অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে ৰজা ৱাংচুকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভূটান আৰু ভাৰতৰ মাজত বন্ধুত্বৰ আদৰ্শগত সম্পৰ্ক পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভূটান ৰয়েল চৰকাৰৰ সৈতে কাম কৰাৰ লগতে অনন্য দ্বিপাক্ষিক অংশীদাৰিত্বক অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি দোঁহাৰে৷
ভাৰত-ভূটান অংশীদাৰিত্বৰ বৈশিষ্ট্য হৈছে সকলো স্তৰতে পৰম আস্থা, সদিচ্ছা আৰু পাৰস্পৰিক বুজাবুজি আৰু ইয়াক দুয়োখন দেশৰ জনসাধাৰণৰ মাজত শক্তিশালী সংযোগ আৰু ঘনিষ্ঠ অৰ্থনৈতিক আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ দ্বাৰা শক্তিশালী কৰা হয়।
***
DS/ST/DB
(रिलीज़ आईडी: 2023088)
आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam