তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কাঁত ভাৰতৰ ঐতিহাসিক অনুষ্ঠান- ‘অল উই ইমেজিন এজ লাইট’ ছবিৰ বাবে গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰে পায়াল কাপাডিয়াই

“Sunflowers were the first ones to know” – এফ টি আই আইৰ ছাত্ৰ চিদানন্দ এছ নাইকৰ (পৰিচালক)ৰ পাঠ্যক্ৰমৰ শেষৰ ছবিখনে ‘লা চিনেফ’ বঁটা লাভ কৰে

‘অল উই ইমাজিন এজ লাইট’- ভাৰত-ফৰাচী যৌথ প্ৰডাকচনে কাঁত ইতিহাসৰ সৃষ্টি কৰে

এফটিআইআইৰ প্ৰাক্তন ছাত্ৰ সন্তোষ শিৱান, পায়েল কাপাডিয়া, মাইচাম আলী, চিদানন্দ এছ নায়কৰ লগতে অন্যান্যসকলো জিলিকিল কাঁত

Posted On: 26 MAY 2024 2:51PM by PIB Guwahati

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতে অনবদ্য প্ৰদৰ্শনেৰে একাধিক পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে। এই মহোৎসৱত ভাৰতৰ ২ গৰাকী চলচ্চিত্ৰ নিৰ্মাতা, এগৰাকী অভিনেত্ৰী আৰু এগৰাকী চিনেমাট’গ্ৰাফাৰে শীৰ্ষতম বঁটা লাভ কৰিছে। এক সমৃদ্ধিশালী চলচ্চিত্ৰ উদ্যোগৰ সৈতে অন্যতম বৃহৎ চলচ্চিত্ৰ নিৰ্মাতা ৰাষ্ট্ৰ হিচাপে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলে এইবাৰৰ কানত উল্লেখযোগ্য প্ৰশংসা লাভ কৰিছে।

৩০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পায়েল কাপাডিয়াৰ দুগৰাকী নাৰ্ছৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা "অল উই ইমেজিন এজ লাইট" নামৰ ভাৰতীয় ছবিখনে মহোৎসৱৰ সৰ্বোচ্চ বঁটা পামে ডিঅ’ৰ (Palme d'Or) বঁটাৰ বাবে মনোনীত হয়। কাপাডিয়াৰ ছবিখনে এই শাখাৰ দ্বিতীয় সৰ্বোচ্চ সন্মান গ্ৰেণ্ড প্ৰিক্স লাভ কৰে। এই জয়ৰ জৰিয়তে এফ টি আই আইৰ প্ৰাক্তন শিক্ষাৰ্থী পায়েল কাপাডিয়াই এই সন্মানীয় বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে এই কৃতিত্ব শ্বাজী এন কৰুণৰ "স্বাহাম" ছবিখনে সৰ্বোচ্চ সন্মানৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ৩০ বছৰৰ পাছত আহিছে।

পায়েল কাপাদিয়াৰ ছবিখনক ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা দৃশ্য-শ্ৰাব্য চুক্তিৰ অধীনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আনুষ্ঠানিক ভাৰত-ফৰাচী সহ-প্ৰযোজকৰ মৰ্যাদা প্ৰদান কৰে। মহাৰাষ্ট্ৰ (ৰত্নাগিৰি আৰু মুম্বাই)ৰ মন্ত্ৰালয়েও এই ছবিখনৰ শ্বুটিঙৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ উপৰিও ছবিখনে ভাৰত চৰকাৰৰ চৰকাৰী সহ-প্ৰডাকচনৰ বাবে উদগনু আঁচনিৰ অধীনত যোগ্যতাসম্পন্ন সহ-প্ৰডাকচন ব্যয়ৰ ৩০%ৰ বাবে অন্তৱৰ্তীকালীন অনুমোদন লাভ কৰিছিল।

ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ (এফটিআইআই)ৰ ছাত্ৰ চিদানন্দ এছ নাইকে কানাড়া লোককথাৰ আধাৰত নিৰ্মিত ১৫ মিনিটৰ চুটি ছবি "SUNFLOWERS WERE THE FIRST ONES TO KNOW,"ৰ বাবে লা চিনেফ শিতানত প্ৰথম পুৰস্কাৰ লাভ কৰে। এই এফ টি আই আই ছবিখন টিভি উইঙৰ এবছৰীয়া অনুষ্ঠানৰ প্ৰযোজনা, য’ত বিভিন্ন শাখাৰ চাৰিজন ছাত্ৰই—ডাইৰেকচন, ইলেক্ট্ৰনিক চিনেমেট’গ্ৰাফী, সম্পাদনা, আৰু শব্দ—বছৰৰ শেষৰ ফালে সমন্বিত অনুশীলনত সহযোগিতা আগবঢ়াইছিল। ২০২২ চনত এফ টি আই আইত যোগদান কৰাৰ পূৰ্বে চিদানন্দ এছ নাইকে চিনেমাত উদীয়মান যুৱ শিল্পীক স্বীকৃতি আৰু সমৰ্থনৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত ৫৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ত ৭৫ টা সৃষ্টিশীল মনৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰিও ভাৰতত জন্মগ্ৰহণ কৰা মানসী মহেশ্বৰীৰ এনিমেটেড ছবি "বানি হুড" য়ে লা চিনেফ চিলেকচনত তৃতীয় পুৰস্কাৰ লাভ কৰে।

এই মহোৎসৱত বিশ্ববিখ্যাত পৰিচালক শ্যাম বেনেগালৰ কৰ্মৰাজি উদযাপন কৰা হয়। ভাৰতত মুক্তি পোৱাৰ প্ৰায় ৪৮ বছৰৰ পাছত ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভত (তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ NFDC-NFAI) সংৰক্ষিত আৰু ফিল্ম হেৰিটেজ ফাউণ্ডেচনে পুনৰুদ্ধাৰ কৰা বেনেগালৰ "মন্থন" কানত ক্লাছিকছ শিতানত প্ৰদৰ্শন কৰা হয়।

ভাৰতীয় চিনেমাৰ চহকী কৰ্মৰ বাবে উদযাপিত প্ৰখ্যাত চিনেমাটোগ্ৰাফাৰ সন্তোষ শিভানে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ "কেৰিয়াৰ আৰু ব্যতিক্ৰমী কামৰ মানদণ্ড"ৰ স্বীকৃতি স্বৰূপে সন্মানীয় পিয়েৰ এঞ্জেনিউক্স ট্ৰিবিউট বঁটা লাভ কৰা প্ৰথমজন এছিয়ান হিচাপে পৰিগণিত হয়। কানত আন এক ঐতিহাসিক কৃতিত্ব লাভ কৰে অনসুয়া সেনগুপ্তাই, যিয়ে ‘দ্য শ্বেমলেছ’ (The Shameless)ত অভিনয় কৰি ‘আন চাৰ্টেইন ৰিগাৰ্ড’ (Un Certain Regard) শাখাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

কাঁত জিলিকি উঠা আন এজন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা আছিল মাইছাম আলী, যিজনো এফ টি আই আইৰ প্ৰাক্তন ছাত্ৰ। তেওঁৰ ছবি “ইন ৰিট্ৰিট” এচিআইডি কানৰ চাইডবাৰ প্ৰগ্ৰেমত প্ৰদৰ্শিত হৈছিল। ১৯৯৩ চনত এছ’চিয়েশ্যন ফৰ দ্য ডিফিউজন অৱ ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ দ্বাৰা পৰিচালিত শিতানত ভাৰতীয় ছবি এখন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হয়।

এইবাৰৰ ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় চিনেমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছিল, আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰ আনন্দ উদযাপনৰ বিশেষ কাৰণো আছে। কিয়নো ইয়াৰ প্ৰাক্তন শিক্ষাৰ্থীসকল ক্ৰমে পায়েল কাপাদিয়া, সন্তোষ ছিভান, মাইছাম আলী, আৰু চিদানন্দ এছ নাইকে কাঁত বিভিন্ন শিতানত জিলিকি উঠাৰ উপৰি উল্লেখযোগ্য প্ৰশংসাও লাভ কৰিছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠান এফ টি আই আইয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সহায়ত সমাজ হিচাপে কাম কৰে আৰু ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সফলতাই চিনেমাৰ প্ৰতিভাক তদাৰক কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে।

কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে চলচ্চিত্ৰ খণ্ডৰ প্ৰচাৰৰ অগ্ৰাধিকাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা মঞ্চতে ইতিবাচক প্ৰভাৱ পেলাইছে। এই পদক্ষেপসমূহৰ ভিতৰত আছে একক উইণ্ডো ক্লিয়াৰেন্সৰ জৰিয়তে সুবিধা প্ৰদান, বিভিন্ন দেশৰ সৈতে যৌথ প্ৰডাকচন, ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফ টি আই আই) আৰু সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এছ আৰ এফ টি আই)ৰ দৰে স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ জৰিয়তে চিনেমাৰ ক্ষেত্ৰত শিক্ষাৰ সহায় আগবঢ়োৱা। এই বহুমুখী প্ৰচেষ্টাই ভাৰতক বিশ্বব্যাপী কন্টেন্ট হাব হিচাপে প্ৰতিষ্ঠা কৰিছে।

তদুপৰি এই বছৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত এন এফ ডি চিয়ে স্থাপন কৰা ভাৰত পেভিলিয়নটো সমগ্ৰ মহোৎসৱটোৰ অসংখ্য কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু আছিল।

এই পেভিলিয়নে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু চলচ্চিত্ৰ কোম্পানীসমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিগম, প্ৰযোজক আৰু ক্ৰেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে এক মঞ্চ আৰু অনুঘটক হিচাপে কাম কৰিছিল, যাৰ ফলত ধাৰাবাহিকভাৱে বৈঠক আৰু পেনেল আলোচনাৰ সুবিধা হৈছিল। উৎসৱৰ সময়ত পেভিলিয়নত ৫০০ৰো অধিক বি টু বি সভা অনুষ্ঠিত কৰা হয়, যিয়ে ভৱিষ্যতৰ সহযোগিতা আৰু সহ-প্ৰডাকচনৰ সম্ভাৱনাক লালন-পালন কৰে।

প্ৰথমবাৰৰ বাবে ভাৰতে কাঁত ভাৰত পৰ্ব আয়োজন কৰে, যিটো সন্ধিয়াত ভাৰতৰ কন্টেন্ট হাব হিচাপে উপস্থিতি আৰু বিশ্বৰ মঞ্চত উদীয়মান সৃষ্টিশীল অৰ্থনীতিৰ উদযাপন কৰা হয়। এই অনুষ্ঠানত বিশ্বৰ ২৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে, য’ত ৫৫ সংখ্যক আই এফ এফ আই পোষ্টাৰৰ আনুষ্ঠানিক উন্মোচনো আছিল অন্যতম।

*****

SAURABH SINGH



(Release ID: 2021899) Visitor Counter : 20